--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: শীতৰ আগমনৰ লগে লগে ঘন কুঁৱলিৰ আচ্ছাদনে আৱৰি ধৰিছে ধৰা৷যদিও এই পৰিৱেশে আমাক আলোড়িত কৰে ইয়াৰ বাবে বহুটো সমস্যাৰো সৃষ্টি হয়৷ শেহতীয়াকৈ ঘন কুঁৱলিৰ বাবে উত্তৰ-পূব সীমান্ত ৰে'লৱে বাতিল কৰিছে কেইবাখনো ৰে'ল৷ 

প্ৰাপ্ত খবৰ অনুসৰি কুঁৱলিৰ বাবে ৰে'ল চলাচলত অসুবিধাৰ সৃষ্টি হোৱা বাবে যাত্ৰীৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি উত্তৰ-পূব সীমান্ত ৰে'লৱে কৰ্তৃপক্ষই এই সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি এক বিবৃতি জাৰি কৰিছে৷ 

ডিব্ৰুগড়-চণ্ডীগড় এক্সপ্রেছ, কামাখ্যা-গয়া এক্সপ্রেছ, কামাখ্যা-আনন্দ বিহাৰ টাৰ্মিনেল এক্সপ্রেছ বাতিল কৰিছে উত্তৰ-পূব সীমান্ত ৰে'লৱে কৰ্তৃপক্ষই৷ ইয়াৰোপৰি কেইবাখনো নিয়মীয়াকৈ চলাচল কৰা ৰে'লৰ সেৱাৰ দিন হ্ৰাস কৰাৰ বুলি জনাইছে৷

সপ্তাহত দুদিনকৈ হ্ৰাস কৰা হৈছে নৰ্থ-ইষ্ট এক্সপ্রেছ, মহানন্দ এক্সপ্রেছৰ চলাচল ইয়াৰ বিপৰীতে অৱধ আছাম এক্সপ্রেছ, নতুন দিল্লী-নিউ জলপাইগুড়ি এক্সপ্রেছৰ সেৱা এদিন হ্ৰাস কৰা হৈছে ২০২৫ বৰ্ষৰ ২৮ ফেব্ৰুৱাৰীলৈ এই নতুন সূচী অনুসৰিয়েই ৰে'লসেৱা চলিথাকিব বুলি সদৰি কৰিছে উত্তৰ-পূব সীমান্ত ৰে'লৱে কৰ্তৃপক্ষই৷

বাতিলকৰা ৰে’ল সেৱাৰ সূচী:

ৰে’ল নং ১৫৯০৩ ডিব্ৰুগড় পৰা চণ্ডীগড় অভিমুখী এক্সপ্ৰেছ প্ৰতি সোমবাৰ আৰু শুক্ৰবাৰে ২৮ ফেব্ৰুৱাৰী, ২০২৫ লৈকে বাতিল থাকিব।

ৰে’ল নং ১৫৯০৪ চণ্ডীগড় পৰা ডিব্ৰুগড় অভিমুখী এক্সপ্ৰেছ প্ৰতি বুধবাৰ আৰু দেওবাৰে ০২মাৰ্চ, ২০২৫লৈকে বাতিল থাকিব।

ৰে’ল নং ১৫৬২০ কামাখ্যা পৰা গয়া অভিমুখী এক্সপ্ৰেছ প্ৰতি সোমবাৰে ২৪ফেব্ৰুৱাৰী, ২০২৫লৈকে বাতিল থাকিব।

ৰে’ল নং ১৫৬১৯ গয়া পৰা কামাখ্যা অভিমুখী এক্সপ্ৰেছ প্ৰতি মঙলবাৰে ২৫ফেব্ৰুৱাৰী, ২০২৫লৈকে বাতিল থাকিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
গৰৈমাৰীত চাঞ্চল্যকৰ হত্যাকাণ্ড! কলেজীয়া ছাত্ৰীক হত্যা কৰিলে প্ৰেমিকে
তেজপুৰত চাঞ্চল্যকৰ হত্যাকাণ্ড; কুঠাৰেৰে ঘপিয়াই হত্যা কৰে মহিলাক
শ্ৰীমন্ত মাধৱদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত অনুষ্ঠিত বিশ্ব এলঝাইমাৰ দিৱস; নাট 'জলছবি'ৰ সফল মঞ্চায়ন
নিয়ন্ত্ৰণৰেখাৰ কাষতে বৃহৎ ৰে'লপথৰ নিৰ্মাণ আৰম্ভ চীনৰ, তিব্বতৰ বিশেষজ্ঞৰ সতর্কবাণী
চাবুৱাৰ থানাই চাহ বাগিছাত পুনৰ প্ৰকাণ্ড নাহৰফুটুকী পিঞ্জৰাবদ্ধ
গোলাঘাটৰ পাহাৰলাইন বন শিবিৰত ভয়ংকৰ ঘটনা! মাতাল বনকর্মীৰ গুলীত আহত এজন
৬-১১ নৱেম্বৰত বিহাৰ বিধানসভাৰ নিৰ্বাচন, নির্বাচন আয়োগে ঘোষণা কৰিলে সময়সূচী
দীপাৱলীক চৰকাৰী বন্ধৰ দিন ঘোষণা কেলিফৰ্ণিয়াত ; বন্ধ হ’ব কেলিফৰ্ণিয়াৰ বিদ্যালয়
ডিজিটেল কানেক্টিভিটি ভাৰতীয়ৰ জীৱনৰ অভিন্ন অংশ হৈ পৰিছে: মোদী
ভাৰতীয় ৰে’লৱে সুৰক্ষা অপাৰেচন চেণ্টাৰৰ বাবে এয়াৰটেল বিজনেছৰ বহু বছৰীয়া চুক্তি লাভ
ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ খহনীয়াত আক্ৰান্ত অঞ্চল পৰিদৰ্শন মন্ত্ৰী পীযূষ হাজৰিকাৰ
বিশ্ব বেডমিন্টনৰ কোৱাৰ্টাৰত ভাৰত, শীর্ষস্থানৰ থাইলেণ্ডৰ বিদায়
বিহাৰৰ ভোজপুৰী চিনেমাৰ অভিনেতা পৱন সিঙলৈ 'ৱাই' কেটেগৰীৰ নিৰাপত্তা
২০২৮ত বিশ্বৰ তৃতীয় বৃহৎ অর্থনীতি হ'ব ভাৰত, মুম্বাইত ব্রিটিছ প্রধানমন্ত্ৰীৰ দাবী