--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: শীতৰ আগমনৰ লগে লগে ঘন কুঁৱলিৰ আচ্ছাদনে আৱৰি ধৰিছে ধৰা৷যদিও এই পৰিৱেশে আমাক আলোড়িত কৰে ইয়াৰ বাবে বহুটো সমস্যাৰো সৃষ্টি হয়৷ শেহতীয়াকৈ ঘন কুঁৱলিৰ বাবে উত্তৰ-পূব সীমান্ত ৰে'লৱে বাতিল কৰিছে কেইবাখনো ৰে'ল৷ 

প্ৰাপ্ত খবৰ অনুসৰি কুঁৱলিৰ বাবে ৰে'ল চলাচলত অসুবিধাৰ সৃষ্টি হোৱা বাবে যাত্ৰীৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি উত্তৰ-পূব সীমান্ত ৰে'লৱে কৰ্তৃপক্ষই এই সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি এক বিবৃতি জাৰি কৰিছে৷ 

ডিব্ৰুগড়-চণ্ডীগড় এক্সপ্রেছ, কামাখ্যা-গয়া এক্সপ্রেছ, কামাখ্যা-আনন্দ বিহাৰ টাৰ্মিনেল এক্সপ্রেছ বাতিল কৰিছে উত্তৰ-পূব সীমান্ত ৰে'লৱে কৰ্তৃপক্ষই৷ ইয়াৰোপৰি কেইবাখনো নিয়মীয়াকৈ চলাচল কৰা ৰে'লৰ সেৱাৰ দিন হ্ৰাস কৰাৰ বুলি জনাইছে৷

সপ্তাহত দুদিনকৈ হ্ৰাস কৰা হৈছে নৰ্থ-ইষ্ট এক্সপ্রেছ, মহানন্দ এক্সপ্রেছৰ চলাচল ইয়াৰ বিপৰীতে অৱধ আছাম এক্সপ্রেছ, নতুন দিল্লী-নিউ জলপাইগুড়ি এক্সপ্রেছৰ সেৱা এদিন হ্ৰাস কৰা হৈছে ২০২৫ বৰ্ষৰ ২৮ ফেব্ৰুৱাৰীলৈ এই নতুন সূচী অনুসৰিয়েই ৰে'লসেৱা চলিথাকিব বুলি সদৰি কৰিছে উত্তৰ-পূব সীমান্ত ৰে'লৱে কৰ্তৃপক্ষই৷

বাতিলকৰা ৰে’ল সেৱাৰ সূচী:

ৰে’ল নং ১৫৯০৩ ডিব্ৰুগড় পৰা চণ্ডীগড় অভিমুখী এক্সপ্ৰেছ প্ৰতি সোমবাৰ আৰু শুক্ৰবাৰে ২৮ ফেব্ৰুৱাৰী, ২০২৫ লৈকে বাতিল থাকিব।

ৰে’ল নং ১৫৯০৪ চণ্ডীগড় পৰা ডিব্ৰুগড় অভিমুখী এক্সপ্ৰেছ প্ৰতি বুধবাৰ আৰু দেওবাৰে ০২মাৰ্চ, ২০২৫লৈকে বাতিল থাকিব।

ৰে’ল নং ১৫৬২০ কামাখ্যা পৰা গয়া অভিমুখী এক্সপ্ৰেছ প্ৰতি সোমবাৰে ২৪ফেব্ৰুৱাৰী, ২০২৫লৈকে বাতিল থাকিব।

ৰে’ল নং ১৫৬১৯ গয়া পৰা কামাখ্যা অভিমুখী এক্সপ্ৰেছ প্ৰতি মঙলবাৰে ২৫ফেব্ৰুৱাৰী, ২০২৫লৈকে বাতিল থাকিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ