--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : আজি মাতৃ দিৱস।আজিৰ দিনটো কেৱল মাৰ বাবে। মা, এটি কণমানিৰ মুখত প্ৰথমতে ফুটি উঠা শব্দটিয়ে হৈছে মা। এটা বৰ্ণৰে গঠিত এই শব্দটিতে লুকাই আছে বহুতো অন্তৰ্নিহিত কথা। মাতৃ হৈছে মমতাময়ী। মাৰ বাবে সকলো সম্ভৱ। এই মমতাময়ী মাতৃক বাদ দি কল্পনাই কৰিব নোৱাৰি পৃথিৱীৰ এটা প্ৰজন্মৰ পৰা অন্য প্ৰজন্মলৈ প্ৰৱাহিত হৈ থকা সৃষ্টিৰ ধাৰা। যাক  কাৰো সৈতে তুলনাই কৰিব নোৱাৰি। মাতৃৰ হৃদয় সু-কোমল। মাতৃ হৈছে জীৱনদায়িনী।

আইৰ স্থান প্ৰতিজন সন্তানৰ বাবে সুকীয়া আৰু বিশেষ।জীৱনৰ অলেখ ধুমুহাৰ মাজতো নিজ সন্তানৰ সুৰক্ষাৰ বাবে অহৰহ চিন্তা কৰা গৰাকীয়ে হৈছে মা।মাৰ ঋণ প্ৰতিজন সন্তানে কোনো কালেই কোনো দিনে পৰিশোধ কৰিব নোৱাৰে। প্ৰতিজন সন্তানেই মাতৃৰ ওচৰত চিৰঋণী। এই মমতাময়ী মাতৃৰ ধাৰা কোনো দিনে পৰিশোধ কৰিব নোৱাৰিলেও সমগ্ৰ বিশ্বই আজিৰ দিনটো মাতৃৰ বিশেষ দিন হিচাপে উদযাপন কৰি আহিছে।

বিশেষকৈ ১৯১৪ চনত আনা জাৰ্ভিচৰ প্ৰচেষ্টাত পোন প্ৰথমবাৰৰ বাবে মাতৃ দিৱস আনুষ্ঠানিকভাৱে উদযাপন কৰা হৈছিল।সন্তানৰ জীৱনত মাৰ যি অতুলনীয় অৱদান সেয়া কৈ শেষ কৰিব নোৱাৰি। প্ৰতিগৰাকী মাতৃৰ সন্তানৰ প্ৰতি আছে নি:স্বাৰ্থ ভালপোৱা আৰু‌ মৰম।মা হৈছে আমাৰ সাহস আৰু জীৱনৰ প্ৰতিটো খোজৰ লগৰী। মাতৃ দিৱসৰ আজিৰ এই শুভক্ষণত প্ৰতিগৰাকী মাতৃলৈ জনালোঁ সশ্ৰদ্ধ প্ৰণাম।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ