--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : আজি মাতৃ দিৱস।আজিৰ দিনটো কেৱল মাৰ বাবে। মা, এটি কণমানিৰ মুখত প্ৰথমতে ফুটি উঠা শব্দটিয়ে হৈছে মা। এটা বৰ্ণৰে গঠিত এই শব্দটিতে লুকাই আছে বহুতো অন্তৰ্নিহিত কথা। মাতৃ হৈছে মমতাময়ী। মাৰ বাবে সকলো সম্ভৱ। এই মমতাময়ী মাতৃক বাদ দি কল্পনাই কৰিব নোৱাৰি পৃথিৱীৰ এটা প্ৰজন্মৰ পৰা অন্য প্ৰজন্মলৈ প্ৰৱাহিত হৈ থকা সৃষ্টিৰ ধাৰা। যাক  কাৰো সৈতে তুলনাই কৰিব নোৱাৰি। মাতৃৰ হৃদয় সু-কোমল। মাতৃ হৈছে জীৱনদায়িনী।

আইৰ স্থান প্ৰতিজন সন্তানৰ বাবে সুকীয়া আৰু বিশেষ।জীৱনৰ অলেখ ধুমুহাৰ মাজতো নিজ সন্তানৰ সুৰক্ষাৰ বাবে অহৰহ চিন্তা কৰা গৰাকীয়ে হৈছে মা।মাৰ ঋণ প্ৰতিজন সন্তানে কোনো কালেই কোনো দিনে পৰিশোধ কৰিব নোৱাৰে। প্ৰতিজন সন্তানেই মাতৃৰ ওচৰত চিৰঋণী। এই মমতাময়ী মাতৃৰ ধাৰা কোনো দিনে পৰিশোধ কৰিব নোৱাৰিলেও সমগ্ৰ বিশ্বই আজিৰ দিনটো মাতৃৰ বিশেষ দিন হিচাপে উদযাপন কৰি আহিছে।

বিশেষকৈ ১৯১৪ চনত আনা জাৰ্ভিচৰ প্ৰচেষ্টাত পোন প্ৰথমবাৰৰ বাবে মাতৃ দিৱস আনুষ্ঠানিকভাৱে উদযাপন কৰা হৈছিল।সন্তানৰ জীৱনত মাৰ যি অতুলনীয় অৱদান সেয়া কৈ শেষ কৰিব নোৱাৰি। প্ৰতিগৰাকী মাতৃৰ সন্তানৰ প্ৰতি আছে নি:স্বাৰ্থ ভালপোৱা আৰু‌ মৰম।মা হৈছে আমাৰ সাহস আৰু জীৱনৰ প্ৰতিটো খোজৰ লগৰী। মাতৃ দিৱসৰ আজিৰ এই শুভক্ষণত প্ৰতিগৰাকী মাতৃলৈ জনালোঁ সশ্ৰদ্ধ প্ৰণাম।


FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত