--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পেহেলগাম আক্ৰমণৰ  প্ৰত্যুত্তৰ দিবলৈ ভাৰতীয় সেনাই পাকিস্তানত অতৰ্কিতে চলালে এয়াৰ ষ্ট্ৰাইক। আমাৰ ভাৰতীয় হিন্দু নাৰীৰ সেন্দূৰ কাঢ়ি লৈ গৈছিল সেই নাৰকীয় কাণ্ডই।  পেহেলগাম কাণ্ডত কৰুণ মৃত্যুক সাবটি লোৱা লোকসকলৰ পত্নীৰ নামত উছৰ্গিত এই অভিযানৰ নাম দিয়া হৈছিল "অপাৰেচন সিন্দুৰ"। আৱেগিকৰূপত শক্তিশালী "অপাৰেচন সিন্দুৰ" এই নামটো দিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।  পেহেলগাম কাণ্ডৰ ভুক্তভোগী পৰিয়ালক অপাৰেচন সিন্দুৰে কৰিলে ন্যায় প্ৰদান। মৃতকৰ আত্মাই এতিয়া শান্তি পাইছে বুলি মন্তব্য ভুক্তভোগী পৰিয়ালৰ। 


পেহেলগামৰ নৃশংস হত্যাকাণ্ডৰ প্ৰত্যুত্তৰ বিচাৰিছিল দেশবাসীয়ে।  ঘটনাটোৰ ১৫ দিনৰ পাছতে সন্ত্ৰাসবাদৰ বিৰুদ্ধে 'অপাৰেচন সিন্দুৰ'ৰ জৰিয়তে শক্তিশালী প্ৰত্যুত্তৰ দিলে ভাৰতে।পাকিস্তানৰ সন্ত্ৰাসবাদীৰ ৯টা ঘাটিক লক্ষ্য কৰি ভাৰতে চলালে মিছাইল আক্ৰমণ। এই আক্ৰমণত ৯০জনতকৈও অধিক সন্ত্ৰাসবাদী নিহত হোৱাৰ লগতে দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী মাছুদ আজাহাৰৰ পৰিয়ালৰ ১৪জনকৈ সদস্য নিহত হয়।

ভাৰতৰ সফল অভিযান অপাৰেচন সিন্দুৰক লৈ এতিয়া ব্যগ্ৰ সমগ্ৰ বিশ্ববাসী। সকলোৱে জানিব বিচাৰিছে সিন্দূৰ কি? সনাতন ধৰ্মত ইয়াৰ মহত্ব কি? পাকিস্তানৰ গুগলতো ট্ৰেণ্ডিঙত আছে Meaning of Sindoor.

আহকচোন জানো সনাতন ধৰ্ম বা হিন্দু দৰ্শনত সেন্দূৰৰ মহত্ব কি?  সনাতন ধৰ্মত সেন্দূৰ বিবাহিতা নাৰীৰ প্ৰতীক। সেন্দূৰ হিন্দু  ভাৰতীয় নাৰীৰ বিবাহিত হোৱাৰো প্ৰমাণ ।সেন্দূৰ একপ্ৰকাৰৰ ৰঞ্জক পদাৰ্থ। সনাতন ধৰ্মত সেন্দূৰক অতি পৱিত্ৰ বুলি গণ্য কৰা হয়।  হিন্দু ধৰ্মৰ বিশ্বাস অনুসৰি স্বামীৰ দীৰ্ঘজীৱনৰ বাবে বিবাহিত হিন্দু নাৰীয়ে সেন্দূৰ ব্যৱহাৰ কৰে। সেন্দূৰৰ ৰঙা ৰং শক্তি আৰু প্ৰেমৰ প্ৰতীক। হিন্দু নাৰীয়ে স্বামীৰ মংগল কামনা কৰি গোটেই বৈবাহিক জীৱনতে সেন্দূৰ লৈ থাকে।

সেন্দূৰৰ ৰঙা ৰঙটোৱে জীৱন, যৌৱন আৰু প্রাণময়তাক বুজায় । সেয়ে ভাৰতীয় হিন্দু বিবাহিতা মহিলাই সেন্দূৰ পৰিধান কৰে । ভাৰতীয় সমাজ তথা সনাতন ধৰ্মত মহিলা সকলে সেন্দুৰ লোৱাৰ পৰম্পৰা বহু বছৰ পুৰণি। মহাভাৰত, পুৰাণ, হৰাপ্পা সভ্যতাৰ পৰা সেন্দূৰ ব্যৱহৃত হোৱাৰ প্ৰমাণ পোৱা যায় । সেন্দূৰ দেৱী দুৰ্গাৰ প্ৰতীক ৰূপে বিবেচনা কৰা হয় । মা লক্ষ্মী , ভগৱান হনুমান আৰু গণেশৰো পূজা সেন্দুৰেৰে কৰা হয়। সেয়ে সেই মংগলময় সেন্দুৰক নিজৰ সেউতাত ধাৰণ কৰিবলৈ পোৱাটো সৌভাগ্যৰ কথা বুলি ভবা হয় !

কেৱল সৌন্দৰ্য বৰ্ধনৰ বাবে নহয় বিবাহিতা মহিলা সকলে সেন্দুৰ পৰিধান কৰাৰ আছে বহু পৌৰাণিক পৰম্পৰা তথা বৈজ্ঞানিক কাৰণ। দেৱী পাৰ্বতীয়েও স্বামীক বেয়া দৃষ্টিৰ পৰা ৰক্ষা কৰিবলৈ সেন্দুৰ পৰিধান কৰিছিল, সীতা দেৱীয়েও শ্ৰী ৰামৰ দীৰ্ঘ আয়ুসৰ বাবে সেন্দুৰ লৈছিল বুলি প্ৰবাদ প্ৰচলিত। এক অন্য মান্যতা অনুসৰি দেৱী লক্ষ্মীয়ে পৃথিৱীত ৫খন ঠাইত বসবাস কৰে। তাৰে এটা স্থান শিৰ। সেই কাৰণে বিবাহিতা মহিলাসকলে শিৰত সেন্দুৰ লয়। যাতে তেওঁলোকৰ ঘৰত লক্ষ্মীয়ে বাস কৰে আৰু ঘৰখন সুখ সমৃদ্ধিৰে ভৰি থাকে।

সেন্দুৰৰ সম্বন্ধ স্বামীৰ দীৰ্ঘায়ুৰ কামনা আৰু সুস্থ স্বাস্থ্যৰ লগতেই পত্নীৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ লগতো আছে। কোৱা হয় যে সেন্দুৰে মানসিক চাপো কম কৰে। ৰঙা ৰং শক্তি আৰু স্ব-স্ফূৰ্তিৰো প্ৰতীক। অৰ্থাৎ ইয়াৰ ফলত শক্তিৰ অনুভৱ হয়। জ্যোতিষশাস্ত্ৰ অনুসৰি মেষ ৰাশিৰ স্থান কপালত বুলি কোৱা হয়। মেষ ৰাশিৰ স্বামীগ্ৰহ মঙ্গল,মঙ্গলৰ ৰং সেন্দুৰীয়া। যাক শুভ বুলি গণ্য কৰা হয়। এইবাবেই মহিলাসকলে কপালত সেন্দুৰৰ ফুট লয়। 

সেন্দুৰ পৰিধান কৰাৰ কিছু বৈজ্ঞানিক কাৰণো আছে। পঞ্চভূতৰ দ্বাৰা গঠিত আমাৰ মানৱ শৰীৰ। মানুহৰ শৰীৰৰ গ্ৰন্থি সমূহ সূৰ্য গ্ৰন্থি, চন্দ্ৰ গ্ৰন্থি, ব্ৰহ্ম গ্ৰন্থি, বায়ু গ্ৰন্থি আদি বিভিন্ন নামেৰে নামাকৰণ কৰা আছে। মানুহৰ শিৰত সূৰ্যগ্ৰন্থি নামৰ গ্ৰন্থি থাকে, এই গ্ৰন্থি কপালৰ পৰা মূৰৰ পিছফাললৈ বিয়পি থাকে। এই সুৰ্যগ্ৰন্থিয়ে আমাৰ বুদ্ধিক নিয়ন্ত্ৰণ কৰি খং উঠা বা শান্ত থকাটো নিয়ন্ত্ৰণ কৰে। সূৰ্য গ্ৰন্থি গৰম হ’লে মানুহৰ বুদ্ধি কমি যায় আৰু খং উঠে আৰু ঠাণ্ডা থাকিলে মানুহো শান্ত হৈ থাকে।

যেতিয়া এজনী ছোৱালী বিয়া হৈ এখন নতুন ঘৰলৈ যায়, তেতিয়া তাত বহুত সমস্যাৰ সন্মুখীন হ’ব লগা হয়। যাৰ ফলত এজনী সাধাৰণ ছোৱালীৰ মূৰৰ সূৰ্য গ্ৰন্থি গৰম হ’ব পাৰে। যিহেতু সেন্দুৰ বনাবৰ বাবে চন্দন, পাৰা আদি ঠাণ্ডা বস্তুৰ ব্যৱহাৰ কৰা হয়। পাৰা হ’ল ঔষধি গুণ সম্পন্ন ধাতু , যিয়ে মানসিক অৱসাদ, চাপ আতঁৰাই মগজুক সক্ৰিয় আৰু কাৰ্যক্ষম কৰে । এগৰাকী জীয়াৰী বিবাহৰ পাছত এগৰাকী বোৱাৰীলৈ উত্তৰণ হয় ; সেয়ে তেওঁৰ কপাল আৰু শিৰত সেন্দূৰ ল’বলৈ দিয়া হয় যাতে কইনা গৰাকীৰ মন-মগজু শান্ত-শীতল হৈ থাকে।  যেতিয়া সেন্দুৰ কপালত বা শিৰত লয় তেতিয়া সূৰ্য গ্ৰন্থি ঠাণ্ডা হৈ থাকে আৰু ছোৱালী এজনীক নতুন ঘৰখনৰ সকলো বাধা অতিক্ৰম কৰাই ধুনীয়াকৈ ঘৰখন চলাই নিয়াত সহায় কৰে।

এইসমূহৰৰ উপৰিও সেন্দূৰক হিন্দু বিবাহিতা নাৰীৰ মুখ্য অলংকাৰ বুলি গণ্য কৰা হয়। একো অলংকাৰ পৰিধান নকৰিলেও সামান্য সেন্দূৰকণেই নাৰীগৰাকীৰ সৌন্দৰ্য উজলাই তোলে বুলি বিশ্বাস কৰা হয়।

সনাতন ধৰ্মত এয়াই সেন্দূৰৰ মহত্ব। এই সেন্দূৰৰ মূল্য সকলোৱে উপলব্ধি কৰাটো উচিত। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement