--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : বেংগালুৰুৰ ‘ইণ্ডিয়ান ইনষ্টিটিউট অব ছাইন্সেজ’ চমুকৈ আইআইএছচিক দেশৰ ভিতৰতে সৰ্বশ্ৰেষ্ঠ উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানৰ স্বীকৃতি দিয়া হৈছে। Quacquarelli Symonds (QS) World University Rankings (WUR)ত এই স্থান দিয়া হৈছে বেংগালুৰুৰ উচ্চশিক্ষা প্ৰতিষ্ঠানখনক। দেশৰ অন্যতম শীৰ্ষস্থানীয় শিক্ষানুষ্ঠান আইআইটিতকৈও ওপৰত স্থান দিয়া হৈছে আইআইএছচিক। শিক্ষানুষ্ঠানখনে গোলকীয় সূচীত লাভ কৰা স্থান বা ৰেংক হৈছে ১৫৫।

যোৱা বছৰৰ তুলনাত এইবাৰ শিক্ষানুষ্ঠানখনে ৩১টা স্থান আগুৱাই গোলকীয় প্ৰেক্ষাপটত ১৫৫সংখ্যক স্থান লাভ কৰিছে। আনহাতে আইআইটি ব’ম্বেই ১৭২ সংখ্যক স্থান আৰু আইআইটি দিল্লীয়ে ১৭৪ সংখ্যক স্থান লাভ কৰিছে। উল্লেখ্য যে, ৱৰ্ল্ড ইউনিভাৰ্চিটী ৰেংকিঙৰ প্ৰথম ২০০ স্থানৰ ভিতৰত ভাৰতৰ মাত্ৰ এই তিনিখন শিক্ষানুষ্ঠানেই আছে।

উল্লেখ্য যে, বিগত বছৰৰ তুলনাত আইআইটি ব’ম্বেই ৫টা স্থান আগুৱাবলৈ সক্ষম হৈছে। আই আই টি দিল্লীয়ে আগুৱাইছে ১১টা স্থান। আনহাতে আইআইটি মাদ্ৰাজে ২৫০সংখ্যক স্থান আৰু আইআইটি কানপুৰে ২৬৪ সংখ্যক স্থান লাভ কৰিছে। মাছাচ্যুছেটছ ইনষ্টিটিউট অব টেকন’লজীয়ে বিশ্বৰ শীৰ্ষতম স্থান থকা শিক্ষানুষ্ঠানৰ স্বীকৃতি লাভ কৰিছে। ক্ৰমাগত একাদশ বাৰৰ বাবে এই স্থান লাভ কৰিছে মাছাচ্যুছেটছ ইনষ্টিটিউট অব টেকন’লজীয়ে।

 

এই বিষয়ক তথ্য সন্নিৱিষ্ট কৰি প্ৰকাশ পোৱা এখন প্ৰতিবেদনত এইকথা উল্লেখ কৰি ভাৰতৰ এই উচ্চ শিক্ষানুষ্ঠানখন প্ৰশংসা কৰি কৈছে যে, ‘ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠান বা ‘ইণ্ডিয়ান ইনষ্টিটিউট অব ছাইন্সেজ’ হৈছে শিক্ষাৰ ক্ষেত্ৰত নতুন ৰাষ্ট্ৰীয় নেতা। উল্লেখ্য যে, ৮ জুনত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে শিক্ষানুষ্ঠানখনৰ সঞ্চালক অধ্যাপক জি ৰংগৰাজনক ইয়াৰ কিউএছ ৰেংকিঙৰ বাবে অভিনন্দন জনায়।

দেশৰ এইসকল শিক্ষানুষ্ঠানৰ এই উল্লেখনীয় সাফল্যৰ বিপৰীতে অসমৰ শিক্ষানুষ্ঠানৰ এইক্ষেত্ৰত পশ্চাৎগামী গতি চিন্তাৰ বিষয় হৈ পৰিছে। গোলকীয় স্তৰত ফেৰ মাৰিব পৰা শিক্ষানুষ্ঠানৰ অভাৱ ৰাজ্যখনৰ বাবে এক চিন্তাৰ কাৰণ হোৱা উচিত। তাৎপৰ্যপূৰ্ণভাৱে গুৱাহাটী আইআইটিয়েও এই তালিকাত স্থান লাভ কৰা নাই। আন শিক্ষানুষ্ঠানবোৰক হয়তো এই তালিকাৰে তুলনা কৰাও সম্ভৱ নহ’ব। এনে পৰিপ্ৰেক্ষিতত ৰাজ্যৰ শিক্ষাৰ মান উন্নীত কৰাৰ দিশত কৰণীয় ভালেখিনি থকাটো এতিয়া স্পষ্ট হৈ পৰিছে।

 


FOLLOW US F
POPULAR
FEATURE
TRENDY
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে