--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : বেংগালুৰুৰ ‘ইণ্ডিয়ান ইনষ্টিটিউট অব ছাইন্সেজ’ চমুকৈ আইআইএছচিক দেশৰ ভিতৰতে সৰ্বশ্ৰেষ্ঠ উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানৰ স্বীকৃতি দিয়া হৈছে। Quacquarelli Symonds (QS) World University Rankings (WUR)ত এই স্থান দিয়া হৈছে বেংগালুৰুৰ উচ্চশিক্ষা প্ৰতিষ্ঠানখনক। দেশৰ অন্যতম শীৰ্ষস্থানীয় শিক্ষানুষ্ঠান আইআইটিতকৈও ওপৰত স্থান দিয়া হৈছে আইআইএছচিক। শিক্ষানুষ্ঠানখনে গোলকীয় সূচীত লাভ কৰা স্থান বা ৰেংক হৈছে ১৫৫।

যোৱা বছৰৰ তুলনাত এইবাৰ শিক্ষানুষ্ঠানখনে ৩১টা স্থান আগুৱাই গোলকীয় প্ৰেক্ষাপটত ১৫৫সংখ্যক স্থান লাভ কৰিছে। আনহাতে আইআইটি ব’ম্বেই ১৭২ সংখ্যক স্থান আৰু আইআইটি দিল্লীয়ে ১৭৪ সংখ্যক স্থান লাভ কৰিছে। উল্লেখ্য যে, ৱৰ্ল্ড ইউনিভাৰ্চিটী ৰেংকিঙৰ প্ৰথম ২০০ স্থানৰ ভিতৰত ভাৰতৰ মাত্ৰ এই তিনিখন শিক্ষানুষ্ঠানেই আছে।

উল্লেখ্য যে, বিগত বছৰৰ তুলনাত আইআইটি ব’ম্বেই ৫টা স্থান আগুৱাবলৈ সক্ষম হৈছে। আই আই টি দিল্লীয়ে আগুৱাইছে ১১টা স্থান। আনহাতে আইআইটি মাদ্ৰাজে ২৫০সংখ্যক স্থান আৰু আইআইটি কানপুৰে ২৬৪ সংখ্যক স্থান লাভ কৰিছে। মাছাচ্যুছেটছ ইনষ্টিটিউট অব টেকন’লজীয়ে বিশ্বৰ শীৰ্ষতম স্থান থকা শিক্ষানুষ্ঠানৰ স্বীকৃতি লাভ কৰিছে। ক্ৰমাগত একাদশ বাৰৰ বাবে এই স্থান লাভ কৰিছে মাছাচ্যুছেটছ ইনষ্টিটিউট অব টেকন’লজীয়ে।

 

এই বিষয়ক তথ্য সন্নিৱিষ্ট কৰি প্ৰকাশ পোৱা এখন প্ৰতিবেদনত এইকথা উল্লেখ কৰি ভাৰতৰ এই উচ্চ শিক্ষানুষ্ঠানখন প্ৰশংসা কৰি কৈছে যে, ‘ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠান বা ‘ইণ্ডিয়ান ইনষ্টিটিউট অব ছাইন্সেজ’ হৈছে শিক্ষাৰ ক্ষেত্ৰত নতুন ৰাষ্ট্ৰীয় নেতা। উল্লেখ্য যে, ৮ জুনত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে শিক্ষানুষ্ঠানখনৰ সঞ্চালক অধ্যাপক জি ৰংগৰাজনক ইয়াৰ কিউএছ ৰেংকিঙৰ বাবে অভিনন্দন জনায়।

দেশৰ এইসকল শিক্ষানুষ্ঠানৰ এই উল্লেখনীয় সাফল্যৰ বিপৰীতে অসমৰ শিক্ষানুষ্ঠানৰ এইক্ষেত্ৰত পশ্চাৎগামী গতি চিন্তাৰ বিষয় হৈ পৰিছে। গোলকীয় স্তৰত ফেৰ মাৰিব পৰা শিক্ষানুষ্ঠানৰ অভাৱ ৰাজ্যখনৰ বাবে এক চিন্তাৰ কাৰণ হোৱা উচিত। তাৎপৰ্যপূৰ্ণভাৱে গুৱাহাটী আইআইটিয়েও এই তালিকাত স্থান লাভ কৰা নাই। আন শিক্ষানুষ্ঠানবোৰক হয়তো এই তালিকাৰে তুলনা কৰাও সম্ভৱ নহ’ব। এনে পৰিপ্ৰেক্ষিতত ৰাজ্যৰ শিক্ষাৰ মান উন্নীত কৰাৰ দিশত কৰণীয় ভালেখিনি থকাটো এতিয়া স্পষ্ট হৈ পৰিছে।

 


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ