--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এটি শিশুৱে হোমৱৰ্ক নকৰা বাবে অকথ্য নিৰ্যাতন চলালে নিজ মাতৃয়ে। ছোৱালীজনীৰ বয়স মাত্ৰ ৫ বছৰ। কন্যা শিশুটিৱে ঘৰত হোমৱৰ্ক নকৰি খেলি আছিল সেই কথাতে খং উঠি মাতৃয়ে শিশুটিৰ হাত-ভৰি ৰচীৰে বান্ধি উত্তপ্ত গৰমত ঘৰৰ ছাদত পেলাই থৈ দিয়ে। পঢ়া-শুনাৰ প্ৰতিযোগিতাৰ নামত অভিভাৱসকল ইমানেই বেছি ব্যতিব্যস্ত হৈ পৰিছে নিজ সন্তানক তালিবানী শাস্তি দিবলৈ এবাৰলৈও হ’লেও হাত নকঁপিল। এই নিষ্ঠুৰ ঘটনা সংঘটিত হৈছে ৰাজধানী দিল্লীত। 

কল্পনা কৰকচোন ইমান তীব্ৰ উত্তাপত য’ত জীৱ-জন্তু আৰু চৰাই-চিৰিকটিৰ মাজত হাহাকাৰ লাগিছে, য’ত এচি, কুলাৰ, ফেন সকলো গৰমৰ ওচৰত হাৰ মানি গৈছে তেনেস্থলত এটি ফুলকমলীয়া শিশুক  গৰমত উতলি থকা ঘৰৰ ছাদত হাত-ভৰি বান্ধি পেলাই থ’লে এই শিশুটিৰ অৱস্থা বাৰু কি হ’ব? যদি পাঁচ বছৰীয়া ছোৱালী এজনীয়ে হোমৱৰ্ক নকৰে তেন্তে কোনটো IAS ​​ইন্টাৰভিউ মিছ হ’ব? কণমানি শিশুটিৰ সেই কৰুণ ফটো আৰু ভিডিঅ’ কোনোবাই ভাইৰেল কৰি দিয়ে ছ’চিয়েল মিডিয়াত। 

এই ফটো আৰু ভিডিঅ’ যিয়েই দেখিছে তেওঁৱেই স্তম্ভিত হৈ পৰিছে। সকলোৰে মাথো মনত এটা প্ৰশ্ন নিজ মাতৃ কেনেকৈ ইমান পাষাণ হ’ব পাৰিছে? তথ্য অনুসৰি শিশুটি পৰিয়ালৰ সৈতে দিল্লীৰ কৰোৱাল নগৰৰ টুখমীৰপুৰত থাকে। ভিডিঅ’টোত দেখা গৈছে যে হাত-ভৰি ৰচীৰে বন্ধা অৱস্থাত ছোৱালীজনীয়ে তীব্ৰ ৰ’দত বহুত কষ্ট পাইছে। দিল্লী আৰক্ষীয়ে পৰিয়ালটোৰ সন্ধান উলিয়াই অভিভাৱকৰ তদন্ত আৰম্ভ কৰি গোচৰ ৰুজু কৰিছে বুলি জানিব পৰা গৈছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত