--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এটি শিশুৱে হোমৱৰ্ক নকৰা বাবে অকথ্য নিৰ্যাতন চলালে নিজ মাতৃয়ে। ছোৱালীজনীৰ বয়স মাত্ৰ ৫ বছৰ। কন্যা শিশুটিৱে ঘৰত হোমৱৰ্ক নকৰি খেলি আছিল সেই কথাতে খং উঠি মাতৃয়ে শিশুটিৰ হাত-ভৰি ৰচীৰে বান্ধি উত্তপ্ত গৰমত ঘৰৰ ছাদত পেলাই থৈ দিয়ে। পঢ়া-শুনাৰ প্ৰতিযোগিতাৰ নামত অভিভাৱসকল ইমানেই বেছি ব্যতিব্যস্ত হৈ পৰিছে নিজ সন্তানক তালিবানী শাস্তি দিবলৈ এবাৰলৈও হলেও হাত নকঁপিল। এই নিষ্ঠুৰ ঘটনা সংঘটিত হৈছে ৰাজধানী দিল্লীত। 

কল্পনা কৰকচোন ইমান তীব্ৰ উত্তাপত য’ত জীৱ-জন্তু আৰু চৰাই-চিৰিকটিৰ মাজত হাহাকাৰ লাগিছে, য’ত এচি, কুলাৰ, ফেন সকলো গৰমৰ ওচৰত হাৰ মানি গৈছে তেনেস্থলত এটি ফুলকমলীয়া শিশুক  গৰমত উতলি থকা ঘৰৰ ছাদত হাত-ভৰি বান্ধি পেলাই থ’লে এই শিশুটিৰ অৱস্থা বাৰু কি হ’ব? যদি পাঁচ বছৰীয়া ছোৱালী এজনীয়ে হোমৱৰ্ক নকৰে তেন্তে কোনটো IAS ​​ইন্টাৰভিউ মিছ হ’ব? কণমানি শিশুটিৰ সেই কৰুণ ফটো আৰু ভিডিঅ’ কোনোবাই ভাইৰেল কৰি দিয়ে ছ’চিয়েল মিডিয়াত। 

এই ফটো আৰু ভিডিঅ’ যিয়েই দেখিছে তেওঁৱেই স্তম্ভিত হৈ পৰিছে। সকলোৰে মাথো মনত এটা প্ৰশ্ন নিজ মাতৃ কেনেকৈ ইমান পাষাণ হ’ব পাৰিছে? তথ্য অনুসৰি শিশুটি পৰিয়ালৰ সৈতে দিল্লীৰ কৰোৱাল নগৰৰ টুখমীৰপুৰত থাকে। ভিডিঅ’টোত দেখা গৈছে যে হাত-ভৰি ৰচীৰে বন্ধা অৱস্থাত ছোৱালীজনীয়ে তীব্ৰ ৰ’দত বহুত কষ্ট পাইছে। দিল্লী আৰক্ষীয়ে পৰিয়ালটোৰ সন্ধান উলিয়াই অভিভাৱকৰ তদন্ত আৰম্ভ কৰি গোচৰ ৰুজু কৰিছে বুলি জানিব পৰা গৈছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ