--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পাকিস্তানৰ আতিথ্যত অনুষ্ঠিত হ’বলগীয়া চেম্পিয়নছ ট্ৰফী ২০২৫। অৱশ্যে ভাৰতে ডুবাইত খেলিব। ভাৰতৰ বাহিৰেও আন সকলো দলৰ মেচ আয়োজন কৰিব পাকিস্তানে। ১৯৯৬ চনত শেষবাৰৰ বাবে আইচিচিৰ ইভেণ্ট আয়োজন কৰা পাকিস্তানে এইবাৰৰ চেম্পিয়নছ ট্ৰফীত নিৰাপত্তাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিছে। নিৰাপত্তাৰ ক্ষেত্ৰত সজাগতা দেখুৱাই পাকিস্তান আৰক্ষীৰ ১২ হাজাৰতকৈ অধিক জোৱান আৰু বিষয়া নিয়োগ কৰিব, যিয়ে সেনা আৰু ৰেঞ্জাৰৰ পৰাও সহায় লাভ কৰিব।

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি বিচিচিআইয়ে নিৰাপত্তাৰ কথা মনত ৰাখি ভাৰতীয় দলক পাকিস্তানলৈ প্ৰেৰণ নকৰাৰ সিদ্ধান্ত লৈছিল। এনে পৰিস্থিতিত চেম্পিয়নছ ট্ৰফীৰ আয়োজকে দল আৰু দৰ্শকৰ সুৰক্ষাৰ বাবে কঠোৰ ব্যৱস্থা কৰিব লাগিব।

সংবাদ মাধ্যমৰ মতে পাকিস্তানত অনুষ্ঠিত হ’বলগীয়া মেচসমূহৰ বাবে মুঠ ১২,৫৬৪জন আৰক্ষী বিষয়া আৰু জোৱান নিয়োগ কৰা হ’ব বুলি বিষয়াসকলে নিশ্চিত কৰিছে, যিসকলক সেনা আৰু ৰেঞ্জাৰছৰ সহায়ো লাভ কৰিব। এক প্ৰতিবেদন অনুসৰি লাহোৰত আইন-শৃংখলা বজাই ৰাখিবলৈ মুঠ ৭৬১৮জন বিষয়া নিযুক্তি দিয়াৰ বিপৰীতে ৰাৱালপিণ্ডিত ৪৫৩৫জন নিৰাপত্তাৰক্ষী থাকিব। ইয়াৰ উপৰিও আৰক্ষীৰ বিশেষ শাখাৰ ৪১১জন বিষয়াই এই প্ৰচেষ্টা আৰু অধিক শক্তিশালী কৰাত সহায় কৰিব।

পাকিস্তান সেনা আৰু ৰেঞ্জাৰসকলেও আকাশী চোৰাংচোৱাগিৰি কৰি নিৰাপত্তা আৰু অধিক বৃদ্ধি কৰিব। ইয়াৰ উপৰিও ষ্টেডিয়ামলৈ যোৱা পথসমূহ ছেফ চিটিৰ কেমেৰাৰ জৰিয়তে নিৰীক্ষণ কৰা হ’ব। বিষয়াসকলে জোৰ দি কয় যে প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰা খেলুৱৈসকলৰ সুৰক্ষাই সৰ্বোচ্চ অগ্ৰাধিকাৰ দিয়া হ’ব, যাৰ বাবে তেওঁলোকক সমগ্ৰ প্ৰতিযোগিতাখনতে ৰাজ্যিক অতিথিৰ মৰ্যাদা দিয়া হ’ব।



FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ