--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পাকিস্তানৰ আতিথ্যত অনুষ্ঠিত হ’বলগীয়া চেম্পিয়নছ ট্ৰফী ২০২৫। অৱশ্যে ভাৰতে ডুবাইত খেলিব। ভাৰতৰ বাহিৰেও আন সকলো দলৰ মেচ আয়োজন কৰিব পাকিস্তানে। ১৯৯৬ চনত শেষবাৰৰ বাবে আইচিচিৰ ইভেণ্ট আয়োজন কৰা পাকিস্তানে এইবাৰৰ চেম্পিয়নছ ট্ৰফীত নিৰাপত্তাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিছে। নিৰাপত্তাৰ ক্ষেত্ৰত সজাগতা দেখুৱাই পাকিস্তান আৰক্ষীৰ ১২ হাজাৰতকৈ অধিক জোৱান আৰু বিষয়া নিয়োগ কৰিব, যিয়ে সেনা আৰু ৰেঞ্জাৰৰ পৰাও সহায় লাভ কৰিব।

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি বিচিচিআইয়ে নিৰাপত্তাৰ কথা মনত ৰাখি ভাৰতীয় দলক পাকিস্তানলৈ প্ৰেৰণ নকৰাৰ সিদ্ধান্ত লৈছিল। এনে পৰিস্থিতিত চেম্পিয়নছ ট্ৰফীৰ আয়োজকে দল আৰু দৰ্শকৰ সুৰক্ষাৰ বাবে কঠোৰ ব্যৱস্থা কৰিব লাগিব।

সংবাদ মাধ্যমৰ মতে পাকিস্তানত অনুষ্ঠিত হ’বলগীয়া মেচসমূহৰ বাবে মুঠ ১২,৫৬৪জন আৰক্ষী বিষয়া আৰু জোৱান নিয়োগ কৰা হ’ব বুলি বিষয়াসকলে নিশ্চিত কৰিছে, যিসকলক সেনা আৰু ৰেঞ্জাৰছৰ সহায়ো লাভ কৰিব। এক প্ৰতিবেদন অনুসৰি লাহোৰত আইন-শৃংখলা বজাই ৰাখিবলৈ মুঠ ৭৬১৮জন বিষয়া নিযুক্তি দিয়াৰ বিপৰীতে ৰাৱালপিণ্ডিত ৪৫৩৫জন নিৰাপত্তাৰক্ষী থাকিব। ইয়াৰ উপৰিও আৰক্ষীৰ বিশেষ শাখাৰ ৪১১জন বিষয়াই এই প্ৰচেষ্টা আৰু অধিক শক্তিশালী কৰাত সহায় কৰিব।

পাকিস্তান সেনা আৰু ৰেঞ্জাৰসকলেও আকাশী চোৰাংচোৱাগিৰি কৰি নিৰাপত্তা আৰু অধিক বৃদ্ধি কৰিব। ইয়াৰ উপৰিও ষ্টেডিয়ামলৈ যোৱা পথসমূহ ছেফ চিটিৰ কেমেৰাৰ জৰিয়তে নিৰীক্ষণ কৰা হ’ব। বিষয়াসকলে জোৰ দি কয় যে প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰা খেলুৱৈসকলৰ সুৰক্ষাই সৰ্বোচ্চ অগ্ৰাধিকাৰ দিয়া হ’ব, যাৰ বাবে তেওঁলোকক সমগ্ৰ প্ৰতিযোগিতাখনতে ৰাজ্যিক অতিথিৰ মৰ্যাদা দিয়া হ’ব।



FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
Post