--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উচ্চতম ন্যায়ালয়ে স্থাপন কৰিছে ‘লেডী অৱ জাষ্টিছ’ অৰ্থাৎ ন্যায়ৰ দেৱীৰ নতুন প্ৰতিমূৰ্তি। এই মূৰ্তিটোৰ চকুৰ ক’লা ৰঙৰ কাপুৰখন আঁতৰাই পেলোৱা হৈছে, যিয়ে এতিয়ালৈকে আইনখন অন্ধ হোৱাৰ ইংগিত দিছিল। একে সময়তে তৰোৱালৰ সলনি তেওঁৰ হাতত সংবিধানৰ কিতাপ এখনো দিয়া হৈছে। এই প্ৰতিমূৰ্তি উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ পুথিভঁৰালত স্থাপন কৰা হৈছে।


The Symbolism of Justice Lady Justica Article - Legal Articles in India


সংবাদ মাধ্যমৰ খবৰ অনুসৰি এই নতুন প্ৰতিমূৰ্তি চিজেআই অৰ্থাৎ ভাৰতৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুদে নিৰ্দেশনা জাৰি কৰিছে । ইয়াৰ উদ্দেশ্য হৈছে দেশৰ আইন অন্ধ নহয় আৰু ই শাস্তিৰ প্ৰতীক নহয় বুলি বাৰ্তা প্ৰেৰণ কৰা। পুৰণি প্ৰতিমূৰ্তিটোৰ ওপৰত চকুৰ ক’লা পট্টাডালেই দেখুৱাইছিল যে আইনৰ দৃষ্টিত সকলো সমান। আনহাতে তৰোৱাল আছিল কৰ্তৃত্ব আৰু অন্যায়ৰ শাস্তি দিয়াৰ ক্ষমতাৰ প্ৰতীক।

কিন্তু সমাজত ভাৰসাম্যৰ প্ৰতীক হোৱাৰ বাবে মূৰ্তিটোৰ সোঁহাতত পাল্লাখন ৰখা হৈছে। এই পাল্লাখনে দেখুৱাই যে আদালতে কোনো সিদ্ধান্তত উপনীত হোৱাৰ আগতে দুয়োপক্ষৰ তথ্য আৰু যুক্তিবোৰ জোখে। এই প্ৰতিমূৰ্তিটোক ব্ৰিটিছ শাসনৰ উত্তৰাধিকাৰে এৰি যোৱাৰ প্ৰয়াস হিচাপে দেখা গৈছে। শেহতীয়াকৈ ভাৰত চৰকাৰে ব্ৰিটিছ শাসনৰ সময়ত বলবৎ থকা ভাৰতীয় দণ্ডবিধিৰ (আই পি চি) আইনৰ পৰিৱৰ্তে ভাৰতীয় ন্যায়িক সংহিতা (বিএনএছ) আইন কাৰ্যকৰী কৰিছিল। লেডী অৱ জাষ্টিছৰ মূৰ্তিত পৰিৱৰ্তন কৰাটোও এই আইনৰ অধীনত গ্ৰহণ কৰা পদক্ষেপ হিচাপে বিবেচনা কৰিব পাৰি।

Lady Of Justice, Goddess Of Justice: With New Justice Statue In Supreme  Court, A 'Law Is Not Blind' Message

চিজেআইৰ কাৰ্যালয়ৰ সৈতে জড়িত বিশিষ্ট সূত্ৰই জনোৱা মতে, চিজেআইয়ে বিশ্বাস কৰে যে ভাৰতে ব্ৰিটিছৰ উত্তৰাধিকাৰৰ পৰা আগবাঢ়িব লাগে। তেওঁৰ মতে আইন অন্ধ নহয়, ই সকলোকে সমদৃষ্টিৰে চায় । অৰ্থাৎ আদালতে সমাজত ধন, ধন-সম্পত্তি আৰু অন্যান্য আধিপত্যৰ পৰিমাপসমূহ নাচায়। এই কাৰণেই চিজেআইয়ে লেডী অৱ জাষ্টিছৰ ৰূপ সলনি কৰাৰ কথা কৈছিল। তেওঁ কয় যে প্ৰতিমূৰ্তিৰ হাতত তৰোৱাল নহয়, এহাতত সংবিধান থাকিব লাগে, যাতে সংবিধান অনুসৰি ন্যায় দিয়া হৈছে বুলি দেশে বাৰ্তা লাভ কৰে। তৰোৱাল হিংসাৰ প্ৰতীক যদিও আদালতে সাংবিধানিক আইন অনুসৰি ন্যায় প্ৰদান কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ