--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উচ্চতম ন্যায়ালয়ে স্থাপন কৰিছে ‘লেডী অৱ জাষ্টিছ’ অৰ্থাৎ ন্যায়ৰ দেৱীৰ নতুন প্ৰতিমূৰ্তি। এই মূৰ্তিটোৰ চকুৰ ক’লা ৰঙৰ কাপুৰখন আঁতৰাই পেলোৱা হৈছে, যিয়ে এতিয়ালৈকে আইনখন অন্ধ হোৱাৰ ইংগিত দিছিল। একে সময়তে তৰোৱালৰ সলনি তেওঁৰ হাতত সংবিধানৰ কিতাপ এখনো দিয়া হৈছে। এই প্ৰতিমূৰ্তি উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ পুথিভঁৰালত স্থাপন কৰা হৈছে।


The Symbolism of Justice Lady Justica Article - Legal Articles in India


সংবাদ মাধ্যমৰ খবৰ অনুসৰি এই নতুন প্ৰতিমূৰ্তি চিজেআই অৰ্থাৎ ভাৰতৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুদে নিৰ্দেশনা জাৰি কৰিছে । ইয়াৰ উদ্দেশ্য হৈছে দেশৰ আইন অন্ধ নহয় আৰু ই শাস্তিৰ প্ৰতীক নহয় বুলি বাৰ্তা প্ৰেৰণ কৰা। পুৰণি প্ৰতিমূৰ্তিটোৰ ওপৰত চকুৰ ক’লা পট্টাডালেই দেখুৱাইছিল যে আইনৰ দৃষ্টিত সকলো সমান। আনহাতে তৰোৱাল আছিল কৰ্তৃত্ব আৰু অন্যায়ৰ শাস্তি দিয়াৰ ক্ষমতাৰ প্ৰতীক।

কিন্তু সমাজত ভাৰসাম্যৰ প্ৰতীক হোৱাৰ বাবে মূৰ্তিটোৰ সোঁহাতত পাল্লাখন ৰখা হৈছে। এই পাল্লাখনে দেখুৱাই যে আদালতে কোনো সিদ্ধান্তত উপনীত হোৱাৰ আগতে দুয়োপক্ষৰ তথ্য আৰু যুক্তিবোৰ জোখে। এই প্ৰতিমূৰ্তিটোক ব্ৰিটিছ শাসনৰ উত্তৰাধিকাৰে এৰি যোৱাৰ প্ৰয়াস হিচাপে দেখা গৈছে। শেহতীয়াকৈ ভাৰত চৰকাৰে ব্ৰিটিছ শাসনৰ সময়ত বলবৎ থকা ভাৰতীয় দণ্ডবিধিৰ (আই পি চি) আইনৰ পৰিৱৰ্তে ভাৰতীয় ন্যায়িক সংহিতা (বিএনএছ) আইন কাৰ্যকৰী কৰিছিল। লেডী অৱ জাষ্টিছৰ মূৰ্তিত পৰিৱৰ্তন কৰাটোও এই আইনৰ অধীনত গ্ৰহণ কৰা পদক্ষেপ হিচাপে বিবেচনা কৰিব পাৰি।

Lady Of Justice, Goddess Of Justice: With New Justice Statue In Supreme  Court, A 'Law Is Not Blind' Message

চিজেআইৰ কাৰ্যালয়ৰ সৈতে জড়িত বিশিষ্ট সূত্ৰই জনোৱা মতে, চিজেআইয়ে বিশ্বাস কৰে যে ভাৰতে ব্ৰিটিছৰ উত্তৰাধিকাৰৰ পৰা আগবাঢ়িব লাগে। তেওঁৰ মতে আইন অন্ধ নহয়, ই সকলোকে সমদৃষ্টিৰে চায় । অৰ্থাৎ আদালতে সমাজত ধন, ধন-সম্পত্তি আৰু অন্যান্য আধিপত্যৰ পৰিমাপসমূহ নাচায়। এই কাৰণেই চিজেআইয়ে লেডী অৱ জাষ্টিছৰ ৰূপ সলনি কৰাৰ কথা কৈছিল। তেওঁ কয় যে প্ৰতিমূৰ্তিৰ হাতত তৰোৱাল নহয়, এহাতত সংবিধান থাকিব লাগে, যাতে সংবিধান অনুসৰি ন্যায় দিয়া হৈছে বুলি দেশে বাৰ্তা লাভ কৰে। তৰোৱাল হিংসাৰ প্ৰতীক যদিও আদালতে সাংবিধানিক আইন অনুসৰি ন্যায় প্ৰদান কৰে।
FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাছিয়াত বিমান দুর্ঘটনাত ৪৮জনৰ মৃত্যু
শীতল পানীয়, কুঁহিয়াৰৰ ৰস, নেমুৰ চৰবতৰ বিপণীত গ্ৰাহকৰ ভিৰ
কি কি বাস্তুদোষ থাকিলে টোপনি ব্যাহত হয়?
৭৭ বছৰত নদীত বিলীন ৰাজ্যৰ ৪৩২ গাঁও
বাৰ্ষিক টোল পাছৰ বুকিং কেতিয়াৰ পৰা আৰম্ভ হ’ব?
৩৪ বিলিয়ন ডলাৰ বৃদ্ধি হ'ব দুয়ো ৰাষ্ট্ৰৰ ব্যৱসায়! বৃহত্তম বাণিজ্য চুক্তিত স্বাক্ষৰ ভাৰত-ব্রিটেইনৰ
যুদ্ধক্ষেত্ৰত পৰিণত মুজিবুৰৰ গৃহ চহৰ গোপালগঞ্জ ;১৪জনক গ্ৰেপ্তাৰ, ২২ ঘণ্টীয়া সান্ধ্য আইন জাৰি
২ খন নাওৰ সৈতে ৩৪ জন ভাৰতীয় মাছমৰীয়াক আটক
ট্ৰাম্পৰ ভ্ৰমণ খবৰ মিছা ! স্পষ্টীকৰণ হোৱাইট হাউচৰ
আমেৰিকাৰ ঘোষণাৰ পাছত আঞ্চলিক সন্ত্ৰাসবিৰোধী সহযোগিতাৰ আহ্বান চীনৰ
বৃহৎ উপাৰ্জনেৰে সৰ্বকালৰ অভিলেখ ভংগ কৰিলে বিচিচিআইয়ে ; দুবছৰত ৫ হাজাৰ কোটি টকাৰ লাভ
অসমৰ ৪৬ শতাংশ লোকে পুনৰ মুখ্যমন্ত্ৰী হিচাপে বিচাৰে ড° হিমন্ত বিশ্ব শর্মাক, ৪৫শতাংশই গৌৰৱ গগৈক
এ কে-২০৩ ৰাইফল : সশস্ত্র বাহিনীলৈ নতুন উপহাৰ
মাজুলীৰ পথাৰত ছিঁৰাল ফাট