--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাষ্ট্ৰীয় সন্মিলনৰ নেতা ওমৰ আব্দুল্লাই বুধবাৰে অৰ্থাৎ আজি কেন্দ্ৰীয় শাসিত অঞ্চল জম্মু-কাশ্মীৰৰ প্ৰথমটো মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। আনহাতে মুখ্যমন্ত্ৰী হোৱাৰ লগে লগে তেওঁ জম্মু-কাশ্মীৰৰ ডিজিপিক দিলে কঠোৰ নিৰ্দেশ ৷ তেওঁ কয় যে তেওঁৰ কনভয়ৰ বাবে কোনো সাধাৰণ জনতাই কোনো সমস্যাৰ সন্মুখীন হ’ব নালাগে। পথেৰে যাতায়ত কৰাৰ সময়ত তেওঁলোকৰ বাবে কোনো সেউজ কৰিড’ৰ নিৰ্মাণ কৰিব নালাগে বুলি তেওঁ কৈছে।



Omar Abdullah to be sworn in as J&K's first CM since Article 370 abrogation  | News - Business Standard

ছ’চিয়েল মিডিয়াত তেওঁ লিখিছে, “মই ডিজিৰ সৈতে কথা পাতিছো যে যেতিয়া মই পথেৰে যিকোনো ঠাইলৈ যাওঁ তেতিয়া কোনো গ্ৰীণ কৰিড’ৰ নিৰ্মাণ কৰিব নালাগে বা যাতায়ত বন্ধ কৰিব নালাগে ৷ ৰাজহুৱা অসুবিধা কম কৰিবলৈ আৰু চাইৰেনৰ ব্যৱহাৰ কম কৰিবলৈ তেওঁলোকক মই নিৰ্দেশ দিছো।’’


তেওঁ কয় যে, “যিকোনো ধৰণৰ লাঠি চাৰ্জ বা আক্ৰমণাত্মক ইংগিতৰ ব্যৱহাৰ সম্পূৰ্ণৰূপে পৰিহাৰ কৰিব লাগে। মই মোৰ কেবিনেট সহকৰ্মীসকলকো একে আদৰ্শ অনুসৰণ কৰিবলৈ কৈছো। সকলো কামতে আমাৰ আচৰণ জনসাধাৰণৰ অনুকূল হ’ব লাগে। আমি ইয়াত জনসাধাৰণৰ সেৱা কৰিবলৈ আহিছো, তেওঁলোকৰ অসুবিধাৰ সৃষ্টি কৰিবলৈ নহয়।’’


উল্লেখ্য যে জম্মু-কাশ্মীৰৰ উপ-ৰাজ্যপাল মনোজ সিনহাই বুধবাৰে ওমৰ আব্দুল্লাক মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰায়। আব্দুল্লাই দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে পৰিগণিত হৈছে আৰু তেওঁৰ দাদা শ্বেখ আব্দুল্লা আৰু পিতৃ ফাৰুক আব্দুল্লাৰ পিছত এই পদত অধিষ্ঠিত হোৱা আব্দুল্লা পৰিয়ালৰ তৃতীয় প্ৰজন্ম। ওমৰ আব্দুল্লাৰ লগতে ৫জন মন্ত্ৰী - ছাকিনা মাছুদ, জাভেদ দাৰ, জাভেদ ৰাণা, সুৰিন্দৰ চৌধুৰী আৰু সতীশ শৰ্মাইও শপত গ্ৰহণ কৰিছে।


De-operationalisation of Article 370 faces steep constitutional barriers –  The Leaflet

২০১৯ চনত ৩৭০ অনুচ্ছেদ বাতিলৰ পিছত কেন্দ্ৰীয় শাসিত অঞ্চলত এইখনেই প্ৰথম নিৰ্বাচিত চৰকাৰ। শেহতীয়াকৈ অনুষ্ঠিত হোৱা বিধানসভা নিৰ্বাচনত ৰাষ্ট্ৰীয় সন্মিলনে ৯০খন আসনৰ ভিতৰত ৪২খন আসন লাভ কৰাৰ বিপৰীতে মিত্ৰজোঁটৰ অংশীদাৰ কংগ্ৰেছে ৬খন আসন লাভ কৰে। আপে ১ খন আসন লাভ কৰিবলৈ সক্ষম হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰধানমন্ত্ৰীৰ ডিগ্ৰীৰ তথ্য ৰাজহুৱা কৰাত ন্যায়ালয়ৰ নিষেধাজ্ঞা
অৰুণাচলৰ দিৰাঙত ভূমিস্খলন, চাৰিদুৱাৰ-ভালুকপুং-টাৱাং সংযোগী পথ বন্ধ
চুলি পকিবলৈ ধৰিছে নেকি? ঘৰুৱা সামগ্ৰীৰেই ক'লা কৰক আপোনাৰ পকা চুলি
ভাৰতৰ ওপৰত ৫০ শতাংশ শুল্ক আৰোপ কৰাৰ জাননী জাৰি ট্ৰাম্পৰ
বিশ্বৰ বিভিন্ন দেশত ইৰানৰ অস্ত্র-শস্ত্ৰ নিৰ্মাণকাৰী কাৰখানা আছে
কলিয়াবৰৰ জখলাবন্ধা ৰে’লগে’টত গুলীচালনাৰ ঘটনা ; সন্দেহজনক বাহনলৈ আৰক্ষীৰ গুলি
ৰাজ্যৰ বনাঞ্চলত উচ্ছেদক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়
আলমণ্ডৰ পৰা তৈয়াৰ কৰা গাখীৰ খোৱাটো কিমান উপকাৰী? জানি লওক সবিশেষ
নাম-কীৰ্তনেৰে মুখৰ ৰাজ্যৰ সত্ৰ-নামঘৰ, আৰম্ভ হ'ল পৱিত্ৰ ভাদ মাহ
২০ আগষ্টত 'চতিয়া দিৱস'ৰ প্ৰস্তুতি, ৰাজ্যিক স্বীকৃতিৰ পাছত প্ৰথমবাৰৰ বাবে চৰকাৰীভাৱে হ'ব উদযাপন
ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ ভয়াৱহ খহনীয়া! মাইজানৰ বৃহৎ অংশ নিলে উটুৱায়
এন এছ এফৰ শীৰ্ষ পদৰ বাবে নিয়ম শিথিল
খেলুৱৈৰ জীৱনত আটাইতকৈ শোচনীয় পৰাজয়! খেলপথাৰতে হুকহুকাই কান্দিলে নেইমাৰে
ভাৰতমাতাৰ সাহসী কন্যা! ২০ হাজাৰ ফুটতকৈও অধিক ওখ এটা শিখৰত উৰুৱালে ত্ৰিৰংগা; বৰফ খাই গুচাইছিল পিয়াহ