--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উত্তৰপ্ৰদেশৰ গাজিয়াবাদত এগৰাকী বনকৰা মহিলাই আটাত প্ৰস্ৰাৱ মিহলাই ৰুটী বনাই গৃহস্থক খুওৱাৰ ঘটনা পোহৰলৈ অহাৰ পাছতেই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। এই ঘটনা সংক্ৰান্তত ইতিমধ্যে বনকৰা মহিলাগৰাকীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

এনে সময়তে মহাৰাষ্ট্ৰৰ পৰাও এটা ঘটনা পোহৰলৈ আহে য’ত এগৰাকী বনকৰা মহিলাই মালিকৰ ঘৰৰ ২.৫ লাখ টকাৰ সামগ্ৰী লুটি উধাও হয়। পাছত বনকৰা মহিলাগৰাকীয়ে চুৰি কৰা বস্তুৰে লগায় হোৱাটছএপ ষ্টেটাছ। 

ঘটনাটো মুম্বাইৰ। সংবাদ মাধ্যমৰ খবৰ অনুসৰি ৰূপালী সিং নামৰ এগৰাকী মহিলাই দুবছৰ ধৰি এক যুৱ দম্পতীৰ ঘৰত কাম কৰি আছিল। তেওঁৰ কাম আছিল 3BHKৰ ঘৰটো পৰিষ্কাৰ কৰি ৰখা আৰু তেওঁলোকৰ সন্তানৰ যত্ন লোৱা। ঘৰত এগৰাকী ৰান্ধনীয়েও কাম কৰিছিল। ৭ অক্টোবৰত সিঙে দম্পতীক জনাইছিল যে তেওঁৰ পিতৃ-মাতৃৰ বিচ্ছেদ হৈছে, যাৰ বাবে তেওঁ কাম এৰি ঘৰলৈ উভতি যাবলৈ বাধ্য হৈছে।

শনিবাৰে যেতিয়া ঘৰৰ মালিকনীয়ে দশেৰাত পিন্ধিবলৈ নতুন শাৰী বিচাৰিছিল, তেতিয়া তেওঁ বিচাৰি নাপালে। এই সন্দৰ্ভত ৰূপালীক ফোন কৰি তথ্য বিচৰাত তেওঁ ক’লে যে তেওঁ শাৰীখন ইস্ত্ৰী কৰি আলমাৰীত ৰাখিছে। কেইবাবাৰো চোৱাৰ পিছতো তেওঁ শাৰীখন বিচাৰি নাপালে। পিছত তেওঁলোকে চিচিটিভি পৰীক্ষা কৰি দেখিলে যে ৰূপালীয়ে কিছু বেগ লৈ ঘৰৰ পৰা ওলাই গৈছে।

শনিবাৰে যেতিয়া মহিলাগৰাকীয়ে হোৱাটছএপ ব্যৱহাৰ কৰি আছিল, তেতিয়া তেওঁ ৰূপালীৰ ষ্টেটাছ লক্ষ্য কৰিছিল। কাম এৰি গুচি ৰূপালীৰ ঘড়ী আৰু শাৰী ঘৰৰ পৰা চুৰি হোৱা সামগ্ৰীৰ লগত মিলি গৈছিল। তাৰপাছত দম্পতীটোৱে ঘৰত তালাচী চলাওঁতে গহনা, ঘড়ী, শাৰী, চশমা, কাপোৰ, চাদৰ, মেক-আপ কিট, সুগন্ধি, শিশুৰ বেগ, নগদ ধন নোহোৱা হোৱা বুলি গম পায়। সেইবোৰৰ দাম প্ৰায় ২.৫ লাখ টকা বুলি কোৱা হৈছে।

জানিব পৰা মতে, সমতা নগৰ থানাত এটা গোচৰ ৰুজু কৰা হৈছে। সম্প্ৰতি ৰূপালী সিঙক বিচাৰি আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে। এইবোৰ ঘটনাৰ পৰা বুজিব পাৰি যে নিজৰ ঘৰখন সদায় নিজে ধৰি ৰাখিবলৈ যত্ন কৰা উচিত। বনকৰা মহিলা বা পুৰুষৰ ওপৰত নিৰ্ভৰ কৰি, বিশ্বাস কৰি ঘৰৰ দায়িত্ব এৰি দিলে এনে বিপদ সময়ে সময়ে হৈ থকাটো নিশ্চিত।





FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতৰ ওপৰত ৫০ শতাংশ শুল্ক আৰোপ কৰাৰ জাননী জাৰি ট্ৰাম্পৰ
বিশ্বৰ বিভিন্ন দেশত ইৰানৰ অস্ত্র-শস্ত্ৰ নিৰ্মাণকাৰী কাৰখানা আছে
কলিয়াবৰৰ জখলাবন্ধা ৰে’লগে’টত গুলীচালনাৰ ঘটনা ; সন্দেহজনক বাহনলৈ আৰক্ষীৰ গুলি
ভাৰতীয় মহাকাশ, প্ৰতিৰক্ষা বিজ্ঞানীৰ দুটা গুৰুত্বপূৰ্ণ সম্পৰীক্ষা
বিদ্যুৎ বিভাগৰ কাৰ্যালয়ত চোৰৰ সন্ত্ৰাস ! লুটি নিলে ইনভাৰ্টাৰ,বেটাৰী,পানী উঠোৱা মটৰ আৰু বৈদ্যুতিক তাঁৰ
অনিশ দয়াল সিঙক ভাৰতৰ উপ-ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা নিযুক্তি
সলনি হ'ব পাৰে GMCHৰ অধ্যক্ষ ; ডাঃ অচ্যুত বৈশ্যক শাস্তিমুলক বদলিৰ সম্ভাৱনা
৬ হাজাৰ ছাত্ৰৰ ভিছা বাতিল আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ৰ
ৰাজ্যৰ বনাঞ্চলত উচ্ছেদক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়
আলমণ্ডৰ পৰা তৈয়াৰ কৰা গাখীৰ খোৱাটো কিমান উপকাৰী? জানি লওক সবিশেষ
নাম-কীৰ্তনেৰে মুখৰ ৰাজ্যৰ সত্ৰ-নামঘৰ, আৰম্ভ হ'ল পৱিত্ৰ ভাদ মাহ
২০ আগষ্টত 'চতিয়া দিৱস'ৰ প্ৰস্তুতি, ৰাজ্যিক স্বীকৃতিৰ পাছত প্ৰথমবাৰৰ বাবে চৰকাৰীভাৱে হ'ব উদযাপন
ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ ভয়াৱহ খহনীয়া! মাইজানৰ বৃহৎ অংশ নিলে উটুৱায়
এন এছ এফৰ শীৰ্ষ পদৰ বাবে নিয়ম শিথিল