--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উত্তৰপ্ৰদেশৰ গাজিয়াবাদত এগৰাকী বনকৰা মহিলাই আটাত প্ৰস্ৰাৱ মিহলাই ৰুটী বনাই গৃহস্থক খুওৱাৰ ঘটনা পোহৰলৈ অহাৰ পাছতেই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। এই ঘটনা সংক্ৰান্তত ইতিমধ্যে বনকৰা মহিলাগৰাকীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

এনে সময়তে মহাৰাষ্ট্ৰৰ পৰাও এটা ঘটনা পোহৰলৈ আহে য’ত এগৰাকী বনকৰা মহিলাই মালিকৰ ঘৰৰ ২.৫ লাখ টকাৰ সামগ্ৰী লুটি উধাও হয়। পাছত বনকৰা মহিলাগৰাকীয়ে চুৰি কৰা বস্তুৰে লগায় হোৱাটছএপ ষ্টেটাছ। 

ঘটনাটো মুম্বাইৰ। সংবাদ মাধ্যমৰ খবৰ অনুসৰি ৰূপালী সিং নামৰ এগৰাকী মহিলাই দুবছৰ ধৰি এক যুৱ দম্পতীৰ ঘৰত কাম কৰি আছিল। তেওঁৰ কাম আছিল 3BHKৰ ঘৰটো পৰিষ্কাৰ কৰি ৰখা আৰু তেওঁলোকৰ সন্তানৰ যত্ন লোৱা। ঘৰত এগৰাকী ৰান্ধনীয়েও কাম কৰিছিল। ৭ অক্টোবৰত সিঙে দম্পতীক জনাইছিল যে তেওঁৰ পিতৃ-মাতৃৰ বিচ্ছেদ হৈছে, যাৰ বাবে তেওঁ কাম এৰি ঘৰলৈ উভতি যাবলৈ বাধ্য হৈছে।

শনিবাৰে যেতিয়া ঘৰৰ মালিকনীয়ে দশেৰাত পিন্ধিবলৈ নতুন শাৰী বিচাৰিছিল, তেতিয়া তেওঁ বিচাৰি নাপালে। এই সন্দৰ্ভত ৰূপালীক ফোন কৰি তথ্য বিচৰাত তেওঁ ক’লে যে তেওঁ শাৰীখন ইস্ত্ৰী কৰি আলমাৰীত ৰাখিছে। কেইবাবাৰো চোৱাৰ পিছতো তেওঁ শাৰীখন বিচাৰি নাপালে। পিছত তেওঁলোকে চিচিটিভি পৰীক্ষা কৰি দেখিলে যে ৰূপালীয়ে কিছু বেগ লৈ ঘৰৰ পৰা ওলাই গৈছে।

শনিবাৰে যেতিয়া মহিলাগৰাকীয়ে হোৱাটছএপ ব্যৱহাৰ কৰি আছিল, তেতিয়া তেওঁ ৰূপালীৰ ষ্টেটাছ লক্ষ্য কৰিছিল। কাম এৰি গুচি ৰূপালীৰ ঘড়ী আৰু শাৰী ঘৰৰ পৰা চুৰি হোৱা সামগ্ৰীৰ লগত মিলি গৈছিল। তাৰপাছত দম্পতীটোৱে ঘৰত তালাচী চলাওঁতে গহনা, ঘড়ী, শাৰী, চশমা, কাপোৰ, চাদৰ, মেক-আপ কিট, সুগন্ধি, শিশুৰ বেগ, নগদ ধন নোহোৱা হোৱা বুলি গম পায়। সেইবোৰৰ দাম প্ৰায় ২.৫ লাখ টকা বুলি কোৱা হৈছে।

জানিব পৰা মতে, সমতা নগৰ থানাত এটা গোচৰ ৰুজু কৰা হৈছে। সম্প্ৰতি ৰূপালী সিঙক বিচাৰি আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে। এইবোৰ ঘটনাৰ পৰা বুজিব পাৰি যে নিজৰ ঘৰখন সদায় নিজে ধৰি ৰাখিবলৈ যত্ন কৰা উচিত। বনকৰা মহিলা বা পুৰুষৰ ওপৰত নিৰ্ভৰ কৰি, বিশ্বাস কৰি ঘৰৰ দায়িত্ব এৰি দিলে এনে বিপদ সময়ে সময়ে হৈ থকাটো নিশ্চিত।





FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ