--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চলিত আইপিএলত বিজ্ঞাপনদাতাসকলে ১৫ সংখ্যক সংস্কৰণত আগৰ তুলনাত বিজ্ঞাপনৰ ব্যয় হিচাপে বিচিচিআইক ১৫ শতাংশ অধিক পৰিশোধ কৰা বুলি খবৰ ওলাইছিল। জানিবলৈ পোৱা মতে, বিগত বৰ্ষৰ তুলনাত দৰ্শকৰ সংখ্যা প্ৰায় ৩৩ শতাংশলৈ হ্ৰাস পাইছে। ছিজনৰ প্ৰথম সপ্তাহৰ পৰাই দূৰদৰ্শনৰ দৰ্শকৰ সংখ্যা হ্ৰাস পাই আহিছে। সেইবাবে, কেইবাটাও বিজ্ঞাপন দাতা সংস্থাই ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডৰ পৰা এতিয়া ক্ষতিপূৰণ বিচাৰিছে।

স্মৰ্তব্য যে, চলিত বৰ্ষৰ পৰাই 'ষ্টাৰ'ৰ সৈতে বিচিচিআইৰ চুক্তি সমাপ্ত হৈছে। ২০২৩ চনৰ পৰা ২০২৭ চনলৈ প্ৰতিযোগিতাৰ নতুন দূৰদৰ্শন অধিকাৰ বিক্ৰী কৰা হ'ব। ইয়াৰপূৰ্বে, দৰ্শকৰ সংখ্যা হ্ৰাস কৰিলে দূৰদৰ্শনৰ অধিকাৰৰ পৰিমাণৰ ওপৰত প্ৰভাৱ পেলাব পাৰে বুলি ধাৰণা কৰি লোৱা হৈছে। অৱশ্যে, দৰ্শকৰ সংখ্যা হ্ৰাস হ’লেও ইয়াৰ প্ৰভাৱ সম্প্ৰচাৰ অধিকাৰৰ মূল্যৰ ওপৰত নপৰে বুলি সদৰী কৰিছে বিচিচিআইয়ে। বিচিচিআইৰ লগতে বিভিন্ন বিজ্ঞাপন সংস্থাই প্ৰতিযোগিতাখনৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিছে।

‘দ্য প্ৰিণ্ট’ৰ এক প্ৰতিবেদন অনুসৰি, বিজ্ঞাপনদাতাসকলে বিগত বৰ্ষৰ তুলনাত এইবাৰ বিজ্ঞাপনৰ ব্যয়ৰ বাবে বিচিচিআইক ১৫ শতাংশ অধিক পৰিশোধ কৰিছে। কিন্তু দৰ্শকৰ সংখ্যা হ্ৰাস হোৱাৰ লগে লগে, উদ্বিগ্ন হৈ পৰিছে সকলো। অৱশ্যে বিচিচিআইয়ে দাবী কৰে যে ক’ভিড নিষেধাজ্ঞা উঠাই লোৱাৰ পিছত পুনৰ পূৰ্বৰ পৰিস্থিতি ঘূৰি আহিব। বহুলোকে ৰেষ্টুৰেণ্ট বা ক্লাৱত একেলগে খেল চাই আছে। ফলস্বৰূপে, দূৰদৰ্শনত দৰ্শকৰ সংখ্যা হ্ৰাস পাইছে। ইয়াৰোপৰি, বিভিন্ন শিক্ষা পৰিষদৰ পৰীক্ষাৰ বাবে বহু সংখ্যক দৰ্শকে খেল চাব পৰা নাই।

এনে পৰিস্থিতিত, বিজ্ঞাপনৰ পদ্ধতিতো পৰিৱৰ্তন হৈছে। এতিয়া দূৰদৰ্শনৰ লগতে অ'টিটি প্লেটফৰ্মতো  আইপিএল উপলব্ধ। যুৱ প্ৰজন্ম সাধাৰণতে দূৰদৰ্শনতকৈ ওটিটিৰ ওপৰতে অধিক নিৰ্ভৰশীল। গতিকে, যিসকল বিজ্ঞাপনদাতাৰ গ্ৰাহক কমবয়সীয়া তেওঁলোকে দূৰদৰ্শনৰ পৰিৱৰ্তে অ'টিটিত আত্মনিয়োগ কৰিছে। আকৌ, যিসকল বিজ্ঞাপনদাতাৰ গ্ৰাহক প্ৰাপ্তবয়স্ক তেওঁলোকে দূৰদৰ্শনত বিজ্ঞাপন দিবলৈ আগ্ৰহী। চলিত বৰ্ষৰ আইপিএলত ৮৪ টা নতুন ব্ৰেণ্ডৰ বিজ্ঞাপন দেখিবলৈ পোৱা গৈছে। তেওঁলোকৰ বেছিভাগেই অ'টিটি প্লেটফৰ্মৰ ওপৰত নিৰ্ভৰশীল।
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
সেমেকা মন, সেমেকা দুচকু; ‘হিয়াৰ আমঠু’ অবিহনে আজি প্ৰথমটো জন্মদিন উদযাপন অসমীয়াৰ
নগৰবেৰাত ১২টা চুৰি গৰু জব্দ; গ্ৰেপ্তাৰ দুই সৰবৰাহকাৰী চাত্তাৰ আলী আৰু আবেদ আলী
ডিগবৈত ভয়ংকৰ পথ দুৰ্ঘটনা; ডাম্পাৰ-মটৰচাইকেলৰ মুখামুখি সংঘৰ্ষত থিতাতে নিহত সেনা জোৱান
মহাৰাষ্ট্ৰত মহাবিকাশ অঘাড়ীত বিভাজনৰ সম্ভাৱনা, BMCৰ নিৰ্বাচনত অকলে যুঁজিব কংগ্ৰেছে
প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ওপজা দিন ৩ দিনীয়াকৈ উদযাপন আছুৰ
'বিহাৰত ব্যাপক হাৰত হৈছিল ভোট চুৰি', শোচনীয় পৰাজয়ৰ পাছত কংগ্ৰেছৰ চিন্তন বৈঠকত অভিযোগ
দুবৰি বনৰ আছে নানা স্বাস্থ্য উপকাৰী গুণ! জানিলে আচৰিত হʼব আপুনি
তিৰুপতি মন্দিৰলৈ ২৫০ কোটি টকাৰ ভেজাল ঘিউ
ৰূপহীহাটৰ ঔআনাত বৃহৎ পৰিমাণৰ নিষিদ্ধ ক'ফ চিৰাফ জব্দ; আটক ৰফিকুল ইছলাম
কেপচিকামৰ নানা স্বাস্থ্য উপকাৰী গুণ
হাজো উচ্চতৰ মাধ্যমিক বিদ্যালয়ত হুৱাদুৱা! বিদ্যালয়খনৰ পুৰণি বিজ্ঞান ভৱনৰ দুৱাৰত দুৰ্বৃত্তই লগাই দিলে জুই
দিল্লীত বছৰটোৰ ভিতৰতে সবাতোকৈ শোচনীয় বায়ুৰ মান সূচকাংক
ফতেহপুৰৰ ঘৰে ঘৰে চলালে তালাচী; ফালাহ বিশ্ববিদ্যালয়ত এহাজাৰ আৰক্ষীৰ
ঘৰত অপৰাজিতাৰ ফুল থকাটো অতি শুভ! কোন দিশত ৰোপণ কৰিলে শুভফল পোৱা যায়, জানেনে?