--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চলিত আইপিএলত বিজ্ঞাপনদাতাসকলে ১৫ সংখ্যক সংস্কৰণত আগৰ তুলনাত বিজ্ঞাপনৰ ব্যয় হিচাপে বিচিচিআইক ১৫ শতাংশ অধিক পৰিশোধ কৰা বুলি খবৰ ওলাইছিল। জানিবলৈ পোৱা মতে, বিগত বৰ্ষৰ তুলনাত দৰ্শকৰ সংখ্যা প্ৰায় ৩৩ শতাংশলৈ হ্ৰাস পাইছে। ছিজনৰ প্ৰথম সপ্তাহৰ পৰাই দূৰদৰ্শনৰ দৰ্শকৰ সংখ্যা হ্ৰাস পাই আহিছে। সেইবাবে, কেইবাটাও বিজ্ঞাপন দাতা সংস্থাই ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডৰ পৰা এতিয়া ক্ষতিপূৰণ বিচাৰিছে।

স্মৰ্তব্য যে, চলিত বৰ্ষৰ পৰাই 'ষ্টাৰ'ৰ সৈতে বিচিচিআইৰ চুক্তি সমাপ্ত হৈছে। ২০২৩ চনৰ পৰা ২০২৭ চনলৈ প্ৰতিযোগিতাৰ নতুন দূৰদৰ্শন অধিকাৰ বিক্ৰী কৰা হ'ব। ইয়াৰপূৰ্বে, দৰ্শকৰ সংখ্যা হ্ৰাস কৰিলে দূৰদৰ্শনৰ অধিকাৰৰ পৰিমাণৰ ওপৰত প্ৰভাৱ পেলাব পাৰে বুলি ধাৰণা কৰি লোৱা হৈছে। অৱশ্যে, দৰ্শকৰ সংখ্যা হ্ৰাস হ’লেও ইয়াৰ প্ৰভাৱ সম্প্ৰচাৰ অধিকাৰৰ মূল্যৰ ওপৰত নপৰে বুলি সদৰী কৰিছে বিচিচিআইয়ে। বিচিচিআইৰ লগতে বিভিন্ন বিজ্ঞাপন সংস্থাই প্ৰতিযোগিতাখনৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিছে।

‘দ্য প্ৰিণ্ট’ৰ এক প্ৰতিবেদন অনুসৰি, বিজ্ঞাপনদাতাসকলে বিগত বৰ্ষৰ তুলনাত এইবাৰ বিজ্ঞাপনৰ ব্যয়ৰ বাবে বিচিচিআইক ১৫ শতাংশ অধিক পৰিশোধ কৰিছে। কিন্তু দৰ্শকৰ সংখ্যা হ্ৰাস হোৱাৰ লগে লগে, উদ্বিগ্ন হৈ পৰিছে সকলো। অৱশ্যে বিচিচিআইয়ে দাবী কৰে যে ক’ভিড নিষেধাজ্ঞা উঠাই লোৱাৰ পিছত পুনৰ পূৰ্বৰ পৰিস্থিতি ঘূৰি আহিব। বহুলোকে ৰেষ্টুৰেণ্ট বা ক্লাৱত একেলগে খেল চাই আছে। ফলস্বৰূপে, দূৰদৰ্শনত দৰ্শকৰ সংখ্যা হ্ৰাস পাইছে। ইয়াৰোপৰি, বিভিন্ন শিক্ষা পৰিষদৰ পৰীক্ষাৰ বাবে বহু সংখ্যক দৰ্শকে খেল চাব পৰা নাই।

এনে পৰিস্থিতিত, বিজ্ঞাপনৰ পদ্ধতিতো পৰিৱৰ্তন হৈছে। এতিয়া দূৰদৰ্শনৰ লগতে অ'টিটি প্লেটফৰ্মতো  আইপিএল উপলব্ধ। যুৱ প্ৰজন্ম সাধাৰণতে দূৰদৰ্শনতকৈ ওটিটিৰ ওপৰতে অধিক নিৰ্ভৰশীল। গতিকে, যিসকল বিজ্ঞাপনদাতাৰ গ্ৰাহক কমবয়সীয়া তেওঁলোকে দূৰদৰ্শনৰ পৰিৱৰ্তে অ'টিটিত আত্মনিয়োগ কৰিছে। আকৌ, যিসকল বিজ্ঞাপনদাতাৰ গ্ৰাহক প্ৰাপ্তবয়স্ক তেওঁলোকে দূৰদৰ্শনত বিজ্ঞাপন দিবলৈ আগ্ৰহী। চলিত বৰ্ষৰ আইপিএলত ৮৪ টা নতুন ব্ৰেণ্ডৰ বিজ্ঞাপন দেখিবলৈ পোৱা গৈছে। তেওঁলোকৰ বেছিভাগেই অ'টিটি প্লেটফৰ্মৰ ওপৰত নিৰ্ভৰশীল।
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
কোনে তুলি ল’ব এইবাৰৰ বিশ্বকাপ? বিশ্বজুৰি অন্তহীন জল্পনা-কল্পনা
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
৩.৫৯%! ৰাজ্যত ছমাহত মুদ্রাস্ফীতিৰ ভয়াৱহ ৰূপ
উপভোক্তাৰ পক্ষত ই-২০ পেট্র’ল বিষয়ক প্রথমটো গোচৰৰ ৰায়
গোসাইগাঁৱৰ বল্লামগুৰিত মাৰণাস্ত্ৰসহ চাৰিজন ছুপাৰী কিলাৰক আটক
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
অসমৰ শ্ৰমিক শক্তিত থলুৱাৰ উপস্থিতি নগণ্য: উদ্বেগজনক তথ্য পোহৰলৈ
গুৱাহাটী বিশ্ববিদ্যালয়ত অসম ৰাজ্যিক জল সম্পদ মূল্যায়ন খচৰা পুনৰীক্ষণ কৰ্মশালা
Advertisement