--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চেন্নাই ছুপাৰ কিংছৰ তাৰকা অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজাই আঘাতৰ বাবে চলিত আইপিএলৰ পৰা বিদায় ল’বলগীয়া হৈছে। ছিজনৰ আৰম্ভণিতে চিএছকেৰ অধিনায়কৰ দায়িত্ব গ্ৰহণ কৰিলেও মাজভাগতে সেই দায়িত্ব ত্যাগ কৰিবলৈ বাধ্য হৈছিল জাড্ডুই। জাদেজাক চাপমুক্ত কৰি ৰাখিবলৈ অধিনায়কত্ব ঘূৰাই দিয়া হৈছিল মহেন্দ্ৰ সিং ধোনীক। কিন্তু এইবাৰ, হঠাত্‍ চিএছকেৰ সৈতে জাদেজাৰ সম্পৰ্কক লৈ প্ৰশ্ন উত্থাপিত হৈছে।

চেন্নাইৰ মুখ্য কাৰ্যবাহী বিষয়া কাশী বিশ্বনাথনে কৰিছে বিস্ফোৰক মন্তব্য।কামিহাড়ৰ আঘাতৰ বাবে জাদেজাই আৰু আইপিএলত খেলিব নোৱাৰিব বুলি সদৰী কৰে তেওঁ। তাৰপিছতে চিএছকেই ইনষ্টাগ্ৰামত জাদেজাক আনফলো কৰে। আৰম্ভ হ’ল নানা জল্পনা-কল্পনাৰ। প্ৰশ্ন উঠিছে, মেনেজমেণ্টৰ সৈতে জাদেজাৰ সম্পৰ্কৰ অৱনতি ঘটিছে নেকি? এজন অধিনায়ক হিচাপে তেওঁৰ হতাশাজনক প্ৰদৰ্শনৰ বাবে চিএছকেৰ বিষয়াসকল জাদেজাৰ ওপৰত যথেষ্ট অসন্তুষ্ট বুলিৰও ধাৰণা কৰি লৈছে একাংশই। ইনষ্টাগ্ৰামত জাদেজাক আনফ’লো কৰা ঘটনাটোৱে নানা অনুমানৰ ইন্ধন যোগাইছে।

অৱশ্যে, কাশী বিশ্বনাথনে জাদেজা কেন্দ্ৰিক বিতৰ্কক লৈ মুখ খুলিছে। তেওঁ কয়, ‘ছ'চিয়েল মিডিয়াত মই ইমান দৃষ্টি নাৰাখো। তাত কি হৈ থাকে মই খবৰ নাৰাখো। মেনেজমেণ্টৰ হৈ মই মাত্ৰ এয়াই ক'ব পাৰোঁ যে, জাদেজাৰ সৈতে আমাৰ কোনো সমস্যা নাই। চিএছকেৰ ভৱিষ্যত পৰিকল্পনাত জাদেজা অতি গুৰুত্বপূৰ্ণ।’  জাদেজাৰ আঘাত সন্দৰ্ভত তেওঁ কয়, ‘আৰচিবিৰ বিৰুদ্ধে খেলৰ সময়ত তেওঁ আঘাতপ্ৰাপ্ত হৈছিল। সেয়েহে, চিকিৎসকসকলৰ পৰামৰ্শ অনুসৰণ কৰি, তেওঁক বিশ্ৰাম দিয়া হৈছে।’

ইফালে ইংলেণ্ড দলৰ প্ৰাক্তন অধিনায়ক মাইকেল ভনেও হালধীয়া জাৰ্ছীত জাদেজাৰ কেৰিয়াৰৰ সমাপ্তি ঘটাৰ আশংকা ব্যক্ত কৰিছে। তেওঁ কয়, ‘চিএছকেৰ সৈতে জাদেজাৰ যাত্ৰা সমাপ্ত হ'ব পাৰে আৰু এইটো তেওঁ আৰু ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত আগবাঢ়ি যোৱা ফ্ৰেঞ্চাইজী দুয়োৰে বাবে ভাল খবৰ হ’ব পাৰে। ’ মাইকেল ভনৰ যুক্তি কিমান দূৰ সত্য পমিাণিত হয় সেয়াহে হ’ব লক্ষ্যণীয়!

 স্মৰ্তব্য যে, ২০১২ চনৰ পৰা চেন্নাই ব্ৰিগেডৰ এজন সদস্য হিচাপে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে তেওঁ। ২০২২ চনত আইপিএল অভিযান আৰম্ভ হোৱাৰ মাত্ৰ দুদিন আগেয়ে সকলোকে আচৰিত কৰি চিএছকেৰ অধিনায়কত্বৰ দায়িত্ব অৰ্পণ কৰা হৈছিল জাদেজাক। অৱশ্যে, ক্ৰিকেট অনুৰাগীৰ পৰা বিশেষজ্ঞলৈকে সকলোৱে অনুভৱ কৰিবলৈ লৈছিল যে, অধিনায়কত্বৰ চাপৰ সন্মুখীন হৈছিল জাদেজা। কিন্তু অধিনায়কত্ব ত্যাগ কৰাৰ পাছতো তেওঁৰ প্ৰদৰ্শনত কোনো উন্নতি হোৱা নাছিল।
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
নগৰবেৰাত ১২টা চুৰি গৰু জব্দ; গ্ৰেপ্তাৰ দুই সৰবৰাহকাৰী চাত্তাৰ আলী আৰু আবেদ আলী
ডিগবৈত ভয়ংকৰ পথ দুৰ্ঘটনা; ডাম্পাৰ-মটৰচাইকেলৰ মুখামুখি সংঘৰ্ষত থিতাতে নিহত সেনা জোৱান
মহাৰাষ্ট্ৰত মহাবিকাশ অঘাড়ীত বিভাজনৰ সম্ভাৱনা, BMCৰ নিৰ্বাচনত অকলে যুঁজিব কংগ্ৰেছে
প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ওপজা দিন ৩ দিনীয়াকৈ উদযাপন আছুৰ
'বিহাৰত ব্যাপক হাৰত হৈছিল ভোট চুৰি', শোচনীয় পৰাজয়ৰ পাছত কংগ্ৰেছৰ চিন্তন বৈঠকত অভিযোগ
মহানগৰীত মৰ্মান্তিক ঘটনা! কন্যাৰ জন্মদিনৰ দিনাই চিলিণ্ডাৰ বিস্ফোৰণত প্ৰাণ হেৰুৱালে পতি-পত্নীয়ে
দুবৰি বনৰ আছে নানা স্বাস্থ্য উপকাৰী গুণ! জানিলে আচৰিত হʼব আপুনি
তিৰুপতি মন্দিৰলৈ ২৫০ কোটি টকাৰ ভেজাল ঘিউ
ৰূপহীহাটৰ ঔআনাত বৃহৎ পৰিমাণৰ নিষিদ্ধ ক'ফ চিৰাফ জব্দ; আটক ৰফিকুল ইছলাম
কেপচিকামৰ নানা স্বাস্থ্য উপকাৰী গুণ
হাজো উচ্চতৰ মাধ্যমিক বিদ্যালয়ত হুৱাদুৱা! বিদ্যালয়খনৰ পুৰণি বিজ্ঞান ভৱনৰ দুৱাৰত দুৰ্বৃত্তই লগাই দিলে জুই
দিল্লীত বছৰটোৰ ভিতৰতে সবাতোকৈ শোচনীয় বায়ুৰ মান সূচকাংক
ফতেহপুৰৰ ঘৰে ঘৰে চলালে তালাচী; ফালাহ বিশ্ববিদ্যালয়ত এহাজাৰ আৰক্ষীৰ
ঘৰত অপৰাজিতাৰ ফুল থকাটো অতি শুভ! কোন দিশত ৰোপণ কৰিলে শুভফল পোৱা যায়, জানেনে?