--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চেন্নাই ছুপাৰ কিংছৰ তাৰকা অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজাই আঘাতৰ বাবে চলিত আইপিএলৰ পৰা বিদায় ল’বলগীয়া হৈছে। ছিজনৰ আৰম্ভণিতে চিএছকেৰ অধিনায়কৰ দায়িত্ব গ্ৰহণ কৰিলেও মাজভাগতে সেই দায়িত্ব ত্যাগ কৰিবলৈ বাধ্য হৈছিল জাড্ডুই। জাদেজাক চাপমুক্ত কৰি ৰাখিবলৈ অধিনায়কত্ব ঘূৰাই দিয়া হৈছিল মহেন্দ্ৰ সিং ধোনীক। কিন্তু এইবাৰ, হঠাত্‍ চিএছকেৰ সৈতে জাদেজাৰ সম্পৰ্কক লৈ প্ৰশ্ন উত্থাপিত হৈছে।

চেন্নাইৰ মুখ্য কাৰ্যবাহী বিষয়া কাশী বিশ্বনাথনে কৰিছে বিস্ফোৰক মন্তব্য।কামিহাড়ৰ আঘাতৰ বাবে জাদেজাই আৰু আইপিএলত খেলিব নোৱাৰিব বুলি সদৰী কৰে তেওঁ। তাৰপিছতে চিএছকেই ইনষ্টাগ্ৰামত জাদেজাক আনফলো কৰে। আৰম্ভ হ’ল নানা জল্পনা-কল্পনাৰ। প্ৰশ্ন উঠিছে, মেনেজমেণ্টৰ সৈতে জাদেজাৰ সম্পৰ্কৰ অৱনতি ঘটিছে নেকি? এজন অধিনায়ক হিচাপে তেওঁৰ হতাশাজনক প্ৰদৰ্শনৰ বাবে চিএছকেৰ বিষয়াসকল জাদেজাৰ ওপৰত যথেষ্ট অসন্তুষ্ট বুলিৰও ধাৰণা কৰি লৈছে একাংশই। ইনষ্টাগ্ৰামত জাদেজাক আনফ’লো কৰা ঘটনাটোৱে নানা অনুমানৰ ইন্ধন যোগাইছে।

অৱশ্যে, কাশী বিশ্বনাথনে জাদেজা কেন্দ্ৰিক বিতৰ্কক লৈ মুখ খুলিছে। তেওঁ কয়, ‘ছ'চিয়েল মিডিয়াত মই ইমান দৃষ্টি নাৰাখো। তাত কি হৈ থাকে মই খবৰ নাৰাখো। মেনেজমেণ্টৰ হৈ মই মাত্ৰ এয়াই ক'ব পাৰোঁ যে, জাদেজাৰ সৈতে আমাৰ কোনো সমস্যা নাই। চিএছকেৰ ভৱিষ্যত পৰিকল্পনাত জাদেজা অতি গুৰুত্বপূৰ্ণ।’  জাদেজাৰ আঘাত সন্দৰ্ভত তেওঁ কয়, ‘আৰচিবিৰ বিৰুদ্ধে খেলৰ সময়ত তেওঁ আঘাতপ্ৰাপ্ত হৈছিল। সেয়েহে, চিকিৎসকসকলৰ পৰামৰ্শ অনুসৰণ কৰি, তেওঁক বিশ্ৰাম দিয়া হৈছে।’

ইফালে ইংলেণ্ড দলৰ প্ৰাক্তন অধিনায়ক মাইকেল ভনেও হালধীয়া জাৰ্ছীত জাদেজাৰ কেৰিয়াৰৰ সমাপ্তি ঘটাৰ আশংকা ব্যক্ত কৰিছে। তেওঁ কয়, ‘চিএছকেৰ সৈতে জাদেজাৰ যাত্ৰা সমাপ্ত হ'ব পাৰে আৰু এইটো তেওঁ আৰু ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত আগবাঢ়ি যোৱা ফ্ৰেঞ্চাইজী দুয়োৰে বাবে ভাল খবৰ হ’ব পাৰে। ’ মাইকেল ভনৰ যুক্তি কিমান দূৰ সত্য পমিাণিত হয় সেয়াহে হ’ব লক্ষ্যণীয়!

 স্মৰ্তব্য যে, ২০১২ চনৰ পৰা চেন্নাই ব্ৰিগেডৰ এজন সদস্য হিচাপে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে তেওঁ। ২০২২ চনত আইপিএল অভিযান আৰম্ভ হোৱাৰ মাত্ৰ দুদিন আগেয়ে সকলোকে আচৰিত কৰি চিএছকেৰ অধিনায়কত্বৰ দায়িত্ব অৰ্পণ কৰা হৈছিল জাদেজাক। অৱশ্যে, ক্ৰিকেট অনুৰাগীৰ পৰা বিশেষজ্ঞলৈকে সকলোৱে অনুভৱ কৰিবলৈ লৈছিল যে, অধিনায়কত্বৰ চাপৰ সন্মুখীন হৈছিল জাদেজা। কিন্তু অধিনায়কত্ব ত্যাগ কৰাৰ পাছতো তেওঁৰ প্ৰদৰ্শনত কোনো উন্নতি হোৱা নাছিল।
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ