--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সেই সময়ত পৃথিৱী খনৰ সৰহ ভাগ ঠাই বৰফেৰে আবৰি আছিল। ঠাই ঠায়ে অতি কম সংখ্যক মানুহে বাস কৰিছি। হিম যুগৰ মাজৰে পৃথিৱীৰ বিৱৰ্তন হৈ থকাৰ সময়তে মানুহে প্ৰকৃতিৰ সৈতে সহাৱস্থান কৰি ইঠাৰ পৰা সিঠাইলৈ প্ৰব্ৰজন কৰি ফুৰিছিল। হিম যুগৰ মানুহৰ বহু অৱশিষ্ট ইতিমধ্যে বিশ্বৰ বিভিন্ন ঠাইত পোৱা গৈছে। 

শেহতীয়াকৈ নিউ মেক্সিকোৰ হোৱাইট চেণ্ডচ নেচনেল পাৰ্কত প্ৰায়  ২৩ হাজাৰ বছৰ আগতে সেই স্থানত বিচৰণ কৰি ফুৰা মানুহৰ  প্ৰাচীন পদচিহ্ন আৱিষ্কাৰ হৈছে। এই পদচিহ্ন মাইলৰ পিছত মাইল লৈকে বিস্তৃত হৈ থকা দেখিবলৈ পোৱা গৈছে। এই পদচিহ্নবোৰে হিম যুগতো যে বৰ্তমানৰ আমেৰিকাৰ ভূখণ্ডত মানৱে বিচৰণ কৰিছিল তাকেই প্ৰমাণ কৰিছে। 

 হাজাৰ হাজাৰ বছৰ আগতে, এটা সময় আছিল যেতিয়া পৃথিৱীখন যথেষ্ট ঠাণ্ডা আছিল। সেই সময়ত পৃথিৱীৰ পৃষ্ঠত বৰফৰ পৰিমাণ ইমান বেছি আছিল যে বিজ্ঞানীসকলে ইয়াক হিম যুগ বা বৰফৰ যুগ নাম দিছিল। বৰফৰ যুগত, মানুহৰ বাবে অতি শীতল  ঠাইত বাস কৰাটো সহজ নাছিল। বিষুৱ ৰেখাৰ চাৰিওফালৰ এলেকাবোৰৰ বাহিৰে আন ঠাইত মানুহে বৰ বেছিদিন বাস কৰিব পৰা নাছিল। 

কিন্তু, আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউ মেক্সিকো প্ৰদেশৰ হোৱাইট চেণ্ডচ ৰাষ্ট্ৰীয় উদ্যানত পোৱা প্ৰাচীন মানৱৰ পদচিহ্নবোৰে সেই সময়ৰ মানুহৰ কঠিন জীৱনযাত্ৰাৰ ছবি খন ভালদৰে ফুটাই তুলিছে।এই পদচিহ্নবোৰে  সেই সময়ত  মানুহে উত্তৰ আমেৰিকালৈ অহাৰ বিষয়েও তথ্য দিয়ে।

কেৱল মানুহেই নহয়,  বৰফৰ যুগৰ আন  প্ৰাণীবোৰেও সেই ঠাইৰ মাজৰে পাৰ হৈছিল। এই প্ৰাণীবোৰৰ ভিতৰত আছে বিশাল আকাৰৰ শ্লথ আৰু মেমথ, যিবোৰ প্ৰাণী আজি বিলুপ্ত হৈ গৈছে।

এই পদচিহ্নবোৰে প্ৰমাণ কৰিছে যে মানুহ ২৩,০০০ বছৰ আগলৈকে উত্তৰ আমেৰিকাত আছিল। অৱশ্যে, আগৰ অধ্যয়নবোৰে দাবী কৰিছিল যে মানুহে ১৬,০০০ বছৰ আগতে বৰফৰ যুগত উত্তৰ আমেৰিকাত বাস কৰিছিল। কিন্তু শেহতীয়া পদচিহ্নবোৰৰ নতুন অধ্যয়নে আগৰ দাবীবোৰ মিছা বুলি প্ৰমাণ কৰিছে। 

বিখ্যাত টিভি বিজ্ঞান শৃংখলা নোভাই এই পদচিহ্নবোৰ বিষয়ে বিতংভাৱে অধ্যয়ন চলাই বিভিন্ন নতুন নতুন তথ্য প্ৰকাশ কৰিছে।  নোভাৰ সহ-কাৰ্যবাহী প্ৰযোজক ক্ৰিছ শ্মিটে কয়  যে এনে নতুন আৱিষ্কাৰ সমূহে মানুহৰ বিৱৰ্তনৰ ধাৰাক প্ৰতিফলিত কৰি আহিছে।

সেই  পদচিহ্ন বোৰৰ লগতে  হাজাৰ হাজাৰ বছৰ ধৰি  ধৰি পুতি থোৱা বীজো সেইস্থানত  আৱিষ্কাৰ কৰা হৈছে।  পদচিহ্ন আৰু বীজৰ বয়স নিৰ্ধাৰণৰ বাবে বাবে বিজ্ঞানীসকলে কাৰ্বন ডেটিং পদ্ধতি  ব্যৱহাৰ কৰিছে।

 উল্লেখ্য  প্ৰায় ৫,২০০ বছৰ আগতে ইউৰোপীয় আল্পছত মৃত্যুবৰণ কৰা অটজি আইচমেনৰ এটা মৃতদেহ ১৯৯১ চনৰ ১৯ ছেপ্টেম্বৰত জাৰ্মান হাইকাৰসকলে আল্পছত আৱিষ্কাৰ কৰিছিল।
 


FOLLOW US F
POPULAR
FEATURE
TRENDY
সুৰাপান নকৰা লোকৰ মাজতো লিভাৰ কেন্সাৰৰ সম্ভাৱনা বাঢ়িছে! সাৱধান হওক
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে
চীন-ৰাছিয়াৰ মিত্ৰজোঁটক ৰুধিবলৈ মার্কিন সেনাক সষ্টম হোৱাৰ নিৰ্দেশ, পেন্টাগনক সতর্ক হ'বলৈ ক'লে ৰাষ্ট্ৰপতি ট্রাম্পে