--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সেই সময়ত পৃথিৱী খনৰ সৰহ ভাগ ঠাই বৰফেৰে আবৰি আছিল। ঠাই ঠায়ে অতি কম সংখ্যক মানুহে বাস কৰিছি। হিম যুগৰ মাজৰে পৃথিৱীৰ বিৱৰ্তন হৈ থকাৰ সময়তে মানুহে প্ৰকৃতিৰ সৈতে সহাৱস্থান কৰি ইঠাৰ পৰা সিঠাইলৈ প্ৰব্ৰজন কৰি ফুৰিছিল। হিম যুগৰ মানুহৰ বহু অৱশিষ্ট ইতিমধ্যে বিশ্বৰ বিভিন্ন ঠাইত পোৱা গৈছে। 

শেহতীয়াকৈ নিউ মেক্সিকোৰ হোৱাইট চেণ্ডচ নেচনেল পাৰ্কত প্ৰায়  ২৩ হাজাৰ বছৰ আগতে সেই স্থানত বিচৰণ কৰি ফুৰা মানুহৰ  প্ৰাচীন পদচিহ্ন আৱিষ্কাৰ হৈছে। এই পদচিহ্ন মাইলৰ পিছত মাইল লৈকে বিস্তৃত হৈ থকা দেখিবলৈ পোৱা গৈছে। এই পদচিহ্নবোৰে হিম যুগতো যে বৰ্তমানৰ আমেৰিকাৰ ভূখণ্ডত মানৱে বিচৰণ কৰিছিল তাকেই প্ৰমাণ কৰিছে। 

 হাজাৰ হাজাৰ বছৰ আগতে, এটা সময় আছিল যেতিয়া পৃথিৱীখন যথেষ্ট ঠাণ্ডা আছিল। সেই সময়ত পৃথিৱীৰ পৃষ্ঠত বৰফৰ পৰিমাণ ইমান বেছি আছিল যে বিজ্ঞানীসকলে ইয়াক হিম যুগ বা বৰফৰ যুগ নাম দিছিল। বৰফৰ যুগত, মানুহৰ বাবে অতি শীতল  ঠাইত বাস কৰাটো সহজ নাছিল। বিষুৱ ৰেখাৰ চাৰিওফালৰ এলেকাবোৰৰ বাহিৰে আন ঠাইত মানুহে বৰ বেছিদিন বাস কৰিব পৰা নাছিল। 

কিন্তু, আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউ মেক্সিকো প্ৰদেশৰ হোৱাইট চেণ্ডচ ৰাষ্ট্ৰীয় উদ্যানত পোৱা প্ৰাচীন মানৱৰ পদচিহ্নবোৰে সেই সময়ৰ মানুহৰ কঠিন জীৱনযাত্ৰাৰ ছবি খন ভালদৰে ফুটাই তুলিছে।এই পদচিহ্নবোৰে  সেই সময়ত  মানুহে উত্তৰ আমেৰিকালৈ অহাৰ বিষয়েও তথ্য দিয়ে।

কেৱল মানুহেই নহয়,  বৰফৰ যুগৰ আন  প্ৰাণীবোৰেও সেই ঠাইৰ মাজৰে পাৰ হৈছিল। এই প্ৰাণীবোৰৰ ভিতৰত আছে বিশাল আকাৰৰ শ্লথ আৰু মেমথ, যিবোৰ প্ৰাণী আজি বিলুপ্ত হৈ গৈছে।

এই পদচিহ্নবোৰে প্ৰমাণ কৰিছে যে মানুহ ২৩,০০০ বছৰ আগলৈকে উত্তৰ আমেৰিকাত আছিল। অৱশ্যে, আগৰ অধ্যয়নবোৰে দাবী কৰিছিল যে মানুহে ১৬,০০০ বছৰ আগতে বৰফৰ যুগত উত্তৰ আমেৰিকাত বাস কৰিছিল। কিন্তু শেহতীয়া পদচিহ্নবোৰৰ নতুন অধ্যয়নে আগৰ দাবীবোৰ মিছা বুলি প্ৰমাণ কৰিছে। 

বিখ্যাত টিভি বিজ্ঞান শৃংখলা নোভাই এই পদচিহ্নবোৰ বিষয়ে বিতংভাৱে অধ্যয়ন চলাই বিভিন্ন নতুন নতুন তথ্য প্ৰকাশ কৰিছে।  নোভাৰ সহ-কাৰ্যবাহী প্ৰযোজক ক্ৰিছ শ্মিটে কয়  যে এনে নতুন আৱিষ্কাৰ সমূহে মানুহৰ বিৱৰ্তনৰ ধাৰাক প্ৰতিফলিত কৰি আহিছে।

সেই  পদচিহ্ন বোৰৰ লগতে  হাজাৰ হাজাৰ বছৰ ধৰি  ধৰি পুতি থোৱা বীজো সেইস্থানত  আৱিষ্কাৰ কৰা হৈছে।  পদচিহ্ন আৰু বীজৰ বয়স নিৰ্ধাৰণৰ বাবে বাবে বিজ্ঞানীসকলে কাৰ্বন ডেটিং পদ্ধতি  ব্যৱহাৰ কৰিছে।

 উল্লেখ্য  প্ৰায় ৫,২০০ বছৰ আগতে ইউৰোপীয় আল্পছত মৃত্যুবৰণ কৰা অটজি আইচমেনৰ এটা মৃতদেহ ১৯৯১ চনৰ ১৯ ছেপ্টেম্বৰত জাৰ্মান হাইকাৰসকলে আল্পছত আৱিষ্কাৰ কৰিছিল।
 


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ