--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশ্বৰ সৰ্বাধিক জনসংখ্যাৰ দেশ খনত এতিয়া জনসংখ্যা বৃদ্ধিৰ হাৰ মন্থৰ হৈ পৰিছে। দেশ খনত বৃদ্ধি পাইছে বৃদ্ধ লোকৰ সংখ্যা। সেই অনুপাতে বৃদ্ধি পোৱা নাই যুৱ শক্তি। সেয়ে চিন্তিত হৈ পৰিছে দেশ খনৰ চৰকাৰ। সৰ্বাধিক জনসংখ্যাৰ দেশ চীনত এতিয়া জনসংখ্যাৰ মন্থৰ বৃদ্ধি দেশ খনৰ চৰকাৰৰ বাবে এক প্ৰত্যাহ্বান হৈ পৰিছে। 

এনে বিষম পৰিস্থিতিৰ পৰা উদ্ধাৰ পাবলৈ চীনৰ চৰকাৰে জনসংখ্যা বৃদ্ধি কৰিবলৈ মানুহক বলপূৰ্বক বাধ্য কৰোৱাবলৈ লোৱা বুলি খবৰ আহিছে। খবৰ অনুসৰি চীনে যিহেতু নিম্নগামী জনসংখ্যা বৃদ্ধিৰ পৰিস্থিতিৰ সন্মুখীন হৈছে সেয়ে চৰকাৰেদেশখনৰ নাগৰিকসকলক সোনকালে বিয়া পাতিবলৈ  বাধ্য কৰিবলৈ আৰম্ভ কৰিছে । কেৱল সোনকালে বিয়া পাতিলেই নহ’ব প্ৰতিহাল দম্পতীয়ে জন্ম দিব লাগিব কমেও  তিনিটাকৈ সন্তান ।

চীনৰ ৰাষ্ট্ৰীয় পৰিসংখ্যা ব্যুৰোৰ মতে ২০১৩  আৰু ২০১৯ চনৰ ভিতৰৰ এই  ছয় বছৰৰ সময়ছোৱাত চীনত বিবাহৰ সংখ্যা ৪১ শতাংশলৈ হ্ৰাস পাইছে। বিগত বৰ্ষত দেশ খনৰ  মাত্ৰ ৭.৬ নিযুত দম্পতীয়ে বিবাহৰ বাবে পঞ্জীয়ন কৰিছিল। এয়া যোৱা ৩৬ বছৰৰ ভিতৰত সৰ্বনিম্ন সংখ্যা।  ফলস্বৰূপে চীনত জন্মৰ হাৰ প্ৰতি ১০০০ জন লোকৰ ভিতৰত ৭.৫ শতাংশলৈ হ্ৰাস পাইছে।

দেশ খনৰ নখন প্ৰদেশত ঋণাত্মক জনসংখ্যা বৃদ্ধি পঞ্জীয়ন কৰা হৈছে।

উল্লেখ্য কিছুবছৰ আগলৈকে কমিউনিষ্ট ৰাষ্ট্ৰ চীনে 'এক সন্তান নীতি' কঠোৰভাৱে মানি চলিছিল।আনকি দ্বিতীয় সন্তানৰ জন্ম দিব বিচৰা  সকলক জৰিমনা বিহাৰ লগতে  কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছিল। সেই সময়ত লাখ লাখ মহিলাৰ গৰ্ভপাত কৰোৱা হৈছিল ।

কিন্তু এতিয়া চীনৰ চৰকাৰে ওলোটা নীতিহে গ্ৰহণৰ পোষকতা কৰিছে। কাৰণ যদি জন্মৰ হাৰ হ্ৰাস হৈ গৈ থাকে, তেন্তে চীনত শ্ৰমিক শক্তিও অনাগত বছৰবোৰত নাটকীয়ভাৱে হ্ৰাস পাব ।

লক্ষ্যণীয় কথাটো হ’ল চীনা মহিলাসকলৰ বৰ্ধিত শৈক্ষিক আৰু অৰ্থনৈতিক বিকাশৰ বাবে, তেওঁলোকৰ বিবাহৰ প্ৰৱণতা পুৰুষতকৈও কম। ইপিনে লকডাউন আৰু কোভিডে মূৰত টাঙোন মৰা চীনৰ বিবাহৰ বাবে যোগ্য যুৱক-যুৱতীসকলে সোনকালে বিয়া পতাৰ বিপক্ষেহে মত দিয়া দেখা গৈছে।

তেওঁলোকৰ মতে সোনকালে বিয়া পাতি বেছিকৈ সন্তান জন্ম দিলে সেই সন্তানৰ আৰ্থিক সুৰক্ষাৰ দায়িত্ব কোনে গ্ৰহণ কৰিব।  লকডাউনৰ বাবে বহু যুৱক-যুৱতীয়েই এতিয়া ভীষণ  চাপৰ মাজত থাকিবলগীয়া হৈছে।বহুতে হেৰুৱালগীয়া হৈছে চাকৰি।

খাদ্যৰ অভাৱ, উপাৰ্জনৰ অভাৱ, বৰ্ধিত মূল্য, স্বাস্থ্যৰ সমস্যা আদিৰ ফলত দেশৰ লোকসকলৰ মাজত হতাশাৰ সৃষ্টি হৈছে।


 

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ