--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আইটিএফৰ বাচনিত ভাৰতৰ সেহাজ সিং পাৱাৰক ৬-৩, ৭-৫ৰ পোনপটীয়া ব্যৱধানত পৰাস্ত কৰি আমেৰিকাৰ ইজিয়ান আহমেদে গুৱাহাটীত চলি থকা আই টি এফ জুনিয়ৰ (জে-৬০)আন্তৰ্জাতিক টেনিছ প্ৰতিযোগিতাৰ ল’ৰাৰ একক শাখাৰ ফাইনেলত প্ৰৱেশ কৰিছে৷ তৃতীয় বাচনিৰ ইজিয়ানে শনিবাৰে হ’বলগা খিতাপৰ যুঁজত ভাৰতীয় খেলুৱৈ অৰ্জুন ৰাথীৰ মুখামুখি হ’ব৷ 

উল্লেখ্য যে প্ৰতিযোগিতাত চমক সৃষ্টিৰে অগ্ৰগতি অব্যাহত ৰখা অজুৰ্নে আজি অৰ্থাৎ শুক্ৰবাৰে অনুষ্ঠিত ল’ৰাৰ একক শাখাৰ আনখন ছেমিফাইনেলত ষষ্ঠ বাচনিৰ ভাৰতৰ প্ৰনীল শৰ্মাক ৬-১, ৬-২ ৰ পোনপটীয়া ব্যৱধানত পৰাস্ত কৰে৷

আনহাতে, ১৮ বছৰ অনূধ্বৰ্ৰ ল’ৰা-ছোৱালীৰ বিশ্ব ৰেংকিঙৰ প্ৰতিযোগিতাখনত শনিবাৰে ছোৱালীৰ একক শাখাৰ ফাইনেল অনুষ্ঠিত হ’ব ৷ শীৰ্ষ বাচনিৰ ভাৰতৰ ঋষিতা ৰেড্ডী আৰু দ্বিতীয় বাচনিৰ আমেৰিকাৰ প্ৰিয়ংক ৰাণাৰ মাজত৷ গুৱাহাটীৰ চচলস্থিত টেনিছ প্ৰকল্পত আজি অনুষ্ঠিত হোৱা ছেমিফাইনেলত ঋষিতাই ৬-১, ৬-৩ ৰ পোনপটীয়া ব্যৱধানত পৰাস্ত কৰে ভাৰতৰ চতুৰ্থ বাচনিৰ ঐশ্বৰ্য যাদৱক৷ আনহাতে, আনখন ছেমিফাইনেলত প্ৰিয়ংকাই ৬-১, ৬- ৪ ৰ পোনপটীয়া ব্যৱধানত পৰাস্ত কৰে শৈৱী গৌৰৱ দলালক৷

উল্লেখ্য যে সদৌ অসম টেনিছ সন্থাই সৰ্বভাৰতীয় টেনিছ সংন্থাৰ সহযোগত আয়োজন কৰা তথা বিশ্ব টেনিছ সংঘৰ স্বীকৃত প্ৰতিযোগিতাখনৰ ল’ৰা আৰু ছোৱালীৰ ডাবলছ শাখাৰ ফাইনেল আজি অনুষ্ঠিত হয়৷ ল’ৰাৰ ডাবলছ শাখাৰ ফাইনেলত শীৰ্ষ বাচনিৰ ফ্ৰান্সৰ এৰন গাবেট আৰু ভাৰতৰ সেহাজ সিং পাৱাৰ যুটিয়ে চতুৰ্থ বাচনিৰ ভাৰতীয় যুটি আদিত্য মোড় আৰু অৰ্জুন ৰাথীক ৬-২, ৬-৩ ৰ পোনপটীয়া ব্যৱধানত পৰাস্ত কৰি খিতাপ লাভ কৰে৷ ইফালে, ভাৰতৰ ঐশ্বৰ্য যাদৱ আৰু সোহিনী সঞ্জয় মহন্তীয়ে ছোৱালীৰ ডাবলছ শাখাৰ খিতাপ লাভ কৰিছে৷ শীৰ্ষ বাচনিৰ যুটিটোৱে ফাইনেলত ৬-১, ৬-৩ৰ পোনপটীয়া ব্যৱধানত ভাৰতৰে দ্বিতীয় বাচনিৰ মাহিকা খান্না আৰু কাশৱী সুনীলক পৰাস্ত কৰে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ