--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ স্থানভেদে পৃথিৱীৰ অধিবাসীসকলৰ ৰীতি-নীতি পৃথক। কিছু পৰম্পৰাই চকু কপালত তোলে। উদাহৰণস্বৰূপে ইণ্ডোনেছিয়াৰ এটা জনজাতীয় অঞ্চলত পৰিয়ালৰ এজন সদস্যৰ মৃত্যুৰ পিছত পৰিয়ালটোৰ মহিলাৰ আঙুলি কাটি পেলোৱা হয়! হয়, এটা সময়ত এনেকুৱা প্ৰথাও আছিল।

ইণ্ডোনেছিয়াৰ পাপুয়া প্ৰদেশৰ ৱামেনাৰ এটা দুৰ্গম অঞ্চলত বাস কৰে এই ডানি জনগোষ্ঠীয়ে। ঘৰৰ কোনো সদস্যৰ মৃত্যুত শোকৰ প্ৰতীক হিচাপে ডানি জনগোষ্ঠীৰ মাজত আঙুলি কটা প্ৰথা আছিল। বেছিভাগ সময়তে আপোনজনৰ মৃত্যুৰ পিছত জনগোষ্ঠীৰ মহিলা সদস্যসকলৰ আঙুলি কাটি পেলোৱা হৈছিল।

এই আঙুলি কটা প্ৰথাক ‘একিপালিন’ বুলি কোৱা হয়। এই প্ৰথা কেতিয়া প্ৰৱৰ্তন হৈছিল সেয়া জনা নাযায়। শুনা যায় যে বহু সময়ত পুৰুষৰ আঙুলিও কাটি পেলোৱা হৈছিল। কিন্তু সেই সংখ্যা খুব কম। ডানি জনগোষ্ঠীৰ লোকসকলে বিশ্বাস কৰিছিল যে আঙুলি এটা কাটিলে মৃতকৰ আত্মালৈ শান্তি আহিব।

আঙুলি কটাৰ নিৰ্দিষ্ট পদ্ধতিও আছিল। গোটেই আঙুলিটো কাটি যোৱা নাছিল। মাত্ৰ আঙুলিৰ আগটো কাটিছিল। আঙুলি কটাৰ আগতে বিশেষ পদ্ধতি অনুসৰণ কৰা হৈছিল। আঙুলিটো কাটিবৰ আগতে সংশ্লিষ্ট আঙুলিটো ৰছীৰে আধা ঘণ্টা ধৰি টানকৈ বান্ধি থোৱা হৈছিল। আঙুলি কাটিলে বিষৰ পৰা হাত সাৰিবলৈ এই পদ্ধতি অনুসৰণ কৰা হৈছিল।

ডানি জনগোষ্ঠীৰ মহিলাসকলৰ আঙুলিৰ মূৰবোৰ শিলৰ ব্লেড বা শিলৰ পৰা তৈয়াৰী চোকা অস্ত্ৰৰে কাটি পেলোৱা হৈছিল। প্ৰাচীন কালত চোকা শিলেৰে আঙুলিৰ মূৰবোৰো কাটিছিল। পিছত আঙুলিৰ কটা অংশটো জ্বলাই দিয়া হয়। নহ’লে পুতি থোৱা হ’ল। মূলতঃ মহিলাৰ আঙুলি কাটিছিল পৰিয়ালৰ সদস্যই।

জনগোষ্ঠীৰ কেঁচুৱা ছোৱালীবোৰো এই প্ৰথাৰ পৰা ৰেহাই পোৱা নাছিল। কিন্তু তেওঁলোকৰ ক্ষেত্ৰত আঙুলিটো কাটি যোৱা নাছিল। বৰঞ্চ মাকে আঙুলিটো কামুৰি দিছিল। ডানি জনগোষ্ঠীৰ মহিলাসকলে বিশ্বাস কৰিছিল যে তেওঁলোকৰ কেঁচুৱা কন্যাৰ আঙুলি কামুৰিলে তেওঁলোকৰ দীৰ্ঘায়ু হ’ব।

কিন্তু ইণ্ডোনেছিয়া চৰকাৰে দীৰ্ঘদিন ধৰি মহিলাৰ আত্মীয়ৰ মৃত্যুৰ সময়ত মহিলাৰ আঙুলি কাটিব পৰা এই প্ৰথা নিষিদ্ধ কৰি ৰাখিছে। এই প্ৰথা এতিয়া আৰু পালন কৰা নহয়। চৰকাৰৰ নিষেধাজ্ঞাক বুঢ়া আঙুলি দেখুৱাই এই প্ৰাচীন প্ৰথা প্ৰায়ে গোপনে পালন কৰা হয়। ডানি জনগোষ্ঠীৰ বহু বৃদ্ধ মহিলাক আঙুলিৰ মূৰ কাটি থকা দেখা যায়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
দেশৰ ১৫ সংখ্যক উপ-ৰাষ্ট্ৰপতি হিচাবে শপত গ্ৰহণ চি পি ৰাধাকৃষ্ণনৰ
নেপালত ক্ষুব্ধ জনতাই জুই লগাই দিলে হোটেলত; চতুৰ্থ মহলাৰ পৰা ভাৰতীয় দম্পতীৰ তললৈ জাঁপ, পত্নীৰ মৃত্যু
সত্যাগ্রহ, প্রতিলিপি দাহেৰে উত্তাল ৰাজ্য ; ২০২৪ চনলৈকে অমুছলমান বিদেশীক আশ্রয় দিয়া কেন্দ্ৰৰ অধিসূচনাৰ প্ৰতিবাদ
এতিয়াৰ পৰা UPI-ত ৫ লাখ পৰ্যন্ত পেমেন্ট সহজ ! NPCI-এ বঢ়ালে UPI ৰ লেনদেনৰ সীমা
'চীনৰ হাতত ভাৰত-ৰাছিয়াক হেৰুৱাই পেলোৱা যেন লাগিছে'- ড’নাল্ড ট্ৰাম্প
আমেৰিকাক পুটিনৰ সকীয়নি ; ভাৰত-চীনক দুৰ্বল কৰাৰ চেষ্টা নকৰিব
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ