--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • প্ৰধানমন্ত্ৰীয়ে সামাজিক মাধ্যমত ফটো প্রকাশ কৰি কয়, 'দেওবাৰে ব্যস্ত দিন, পশ্চিম বংগত চাৰিখন জনসমাৱেশৰ মাজতে ঝাড়গ্রামত অলপ সোৱাদযুক্ত ঝালমুড়ীৰ আনন্দ ল'লোঁ।'

ডিজিটেল ডেস্ক : পশ্চিমবংগত নির্বাচনী ব্যস্ততাৰ মাজতে কালি প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীক এক সুকীয়া ৰূপত দেখা পোৱা গ'ল। ঝাড়গ্রামত এখন বিশাল নির্বাচনী সভাত ভাষণ দিয়াৰ পাছত প্রধানমন্ত্রীয়ে নিজৰ কনভয় হঠাতে ৰখাই পথৰ কাষত থকা এখন দোকানত ঝালমুড়ীৰ সোৱাদ লয়। প্রধানমন্ত্রীয়ে ৰাজকলেজ চকত থকা 'স্বপনলাল স্পেচিয়েল মুড়ীৰ দোকান'ত ৰৈ সকলোকে আচৰিত কৰি তোলে।


দোকানৰ মালিক বিক্রমে বিশ্বাসেই কৰিব পৰা নাছিল যে প্রধানমন্ত্রী মোদী তেওঁৰ দোকানলৈ আহিব। কিন্তু সেয়াই ঘটিল। প্রধানমন্ত্রীয়ে দোকানখনত উপস্থিত হৈ সোধে, 'আপোনাৰ ঝালমুড়ীৰ দাম কিমান?' তেতিয়া দোকানীজনে কয়, '১০ টকা আৰু ২০ টকা।' ইয়াৰ পাছত প্ৰধানমন্ত্ৰীয়ে দহ টকাৰ ঝালমুড়ী খায়। প্রধানমন্ত্রীয়ে বিক্ৰমৰ দোকানত ঝালমুড়ী খোৱাৰ ফটোও সামাজিক মাধ্যমত প্রকাশ কৰে। 


প্ৰধানমন্ত্ৰীয়ে সামাজিক মাধ্যমত ফটো প্রকাশ কৰি কয়, 'দেওবাৰে ব্যস্ত দিন, পশ্চিম বংগত চাৰিখন জনসমাৱেশৰ মাজতে ঝাড়গ্রামত অলপ সোৱাদযুক্ত ঝালমুড়ীৰ আনন্দ ল'লোঁ।' প্রধানমন্ত্রীয়ে দোকানখনত ৰৈ কয়, 'ভাই মোক ভাল ঝালমুড়ী খুৱাওক।' প্রধানমন্ত্রীয়ে ঝালমুড়ীৰ বাবত দোকানীক দহ টকাও দিয়ে। দোকানী বিক্রমে প্রধানমন্ত্রীক সুধিলে, 'পিঁয়াজ খায়নে?' ইয়াৰ উত্তৰ দি প্ৰধানমন্ত্ৰীয়ে কয়, 'হয়, মই পিঁয়াজ খাওঁ। মাত্র মগজুহে নাখাওঁ।' প্রধানমন্ত্রীয়ে ঝালমুড়ীৰ বাবত দহ টকা উলিয়াই দিওঁতে দোকানীয়ে ল'বলৈ অস্বীকাৰ কৰে। তেতিয়া মোদীয়ে কয়, 'নাই সেইটো নহ'ব।' দোকানীজনে প্রধানমন্ত্রীয়ে দিয়া দহ টকাটো কপালত লগায়। প্রধানমন্ত্রীয়ে তেওঁৰ দোকানত ঝালমুড়ী খোৱাত দোকানীজন আনন্দত আত্মহাৰা হৈ পৰে। প্রধানমন্ত্রীয়ে সামাজিক মাধ্যমত ইয়াৰ ভিডিঅ'ও প্রকাশ কৰে। লগে লগে এই ভিডিঅ'ই চর্চা লাভ কৰে। কেইবালাখ লোকে এই ভিডিঅ' তথা ফটো চায়। 


প্রধানমন্ত্রী মোদীয়ে ৰাজ্যখনৰ বিষ্ণুপুৰ, ঝাড়গ্রাম আৰু মেদিনাপুৰত নির্বাচনী সভাত ভাষণ দিয়ে। নির্বাচনী সভাত প্ৰধানমন্ত্ৰীয়ে ৰাজ্যখনত শাসনত থকা মুখ্যমন্ত্রী মমতা বেনাৰ্জীৰ নেতৃত্বৰ টি এম চিক কঠোৰ ভাষাৰে সমালোচনা কৰে। তেওঁ কয়, 'ইয়াত টি এম চি যিটো পথৰে আগবাঢ়িছে, তেওঁলোকৰ এজেণ্ডা অতি বিপজ্জনক। টি এম চিয়ে অনুপ্রৱেশকাৰীৰ বাবে, অনুপ্ৰৱেশকাৰীৰ চৰকাৰ গঠন কৰিবলৈ বিচাৰিছে। ই এনেকুৱা এখন চৰকাৰ যি অনুপ্ৰৱেশকাৰীৰ ধৰ্ম, অনুপ্ৰৱেশকাৰীৰ ভাষা, অনুপ্ৰৱেশকাৰীৰ ৰীতি-নীতি সুৰক্ষিত কৰিবলৈ বিচাৰে। এই অনুপ্ৰৱেশকাৰীৰ চৰকাৰ বাবে যদি কোনো শত্রু হয় সেইসকল হ'ল ইয়াত থকা ভাতৃ-ভগ্নীসকল।' 


তেওঁ কয় যে পশ্চিমবংগত বিদ্যুৎ যোগান ব্যাহত হ'লে কেইবাদিনলৈ বিদ্যুৎ যোগান ধৰা নহয়, কিন্তু তাৰ পাছতো বৃহৎ পৰিমাণৰ বিদ্যুতৰ বিল অহাটো নিশ্চিত। প্রধানমমন্ত্রীয়ে কয়, 'ইয়াত আপোনালোক আন্ধাৰত থাকে আৰু টি এম চিৰ নেতাসকলৰ ঘৰ-গাড়ী উজলি উঠিছে। সেয়েহে মোদীয়ে সংকল্প লৈছে যে ইয়াত কয়লা লুট কৰাসকল, আপোনালোকক আন্ধাৰত ৰখাসকলৰ হিচাপ লোৱা হ'ব।' ইফালে, লোক সভাত মহিলা সংৰক্ষণৰ সৈতে জড়িত সংবিধান সংশোধনী বিধেয়ক গৃহীত নোহোৱাৰ প্ৰসংগক লৈ প্রধানমন্ত্রীয়ে টি এম চিক কঠোৰ সমালোচনা কৰে। প্রধানমন্ত্রীয়ে টি এম চিক মহিলা-বিৰোধী বুলি অভিহিত কৰে। 


প্রধানমন্ত্রীয়ে ভাষণত কয়, 'মহিলাসকলে ২০২৯ চনৰ পৰা সংৰক্ষণৰ সুবিধা পোৱাটো বিজেপিয়ে বিচাৰিছিল। কিন্তু মহিলা-বিৰোধী টি এম চিয়ে সংসদত ইয়াৰ বিৰোধিতা কৰিলে। টি এম চিয়ে সকলোধৰণৰ চলনা, আৰু প্ৰৱঞ্চনা কৰিলে যাতে পশ্চিম বংগত ৩৩% মহিলা সাংসদ আৰু বিধায়ক হ'ব নোৱাৰে। এতিয়া পশ্চিম বংগৰ মহিলাসকলে টি এম চিৰ এই পাপৰ শাস্তি তেওঁলোকক দিব। মহিলা-বিৰোধী টি এম চি চৰকাৰৰ পৰা অপসাৰিত হ'বই লাগিব।' তেওঁ কয় যে টি এম চিয়ে সংসদত ১৩১সংখ্যক সংবিধান সংশোধনী বিধেয়ক গৃহীত হোৱাত বাধা দি মহিলাসকলক বিশ্বাসঘাতকতা কৰিলে। টি এম চিয়ে মহিলা সবলীকৰণ আৰু সংৰক্ষণ নিবিচাৰে বুলিও তেওঁ অভিযোগ কৰে। ইফালে, পুৰুলিয়াত নির্বাচনী সভাত ভাষণ দিয়াৰ সময়ত প্রধানমন্ত্রী হঠাতে আৱেগিক হৈ পৰে। 


প্ৰধানমন্ত্ৰীয়ে হঠাতে তেওঁৰ নিৰ্বাচনী ভাষণ ক্ষন্তেক সময়ৰ বাবে বন্ধ কৰি তাত উপস্থিত থকা এটা সৰু শিশুৰ সৈতে কথা পাতে। প্রধানমন্ত্রীয়ে ৰায়বাঘিনী ময়দানত ভাষণ দি থকাৰ সময়তে তেওঁৰ চকু পৰে চিৰাগ নামৰ এই শিশুটোৰ ওপৰত। শিশুটোৱে প্ৰধানমন্ত্ৰীৰ লগতে তেওঁৰ মাতৃৰ ফটো লগত লৈ আহিছিল। ইয়াক দেখি প্রধানমন্ত্রীয়ে এই ফটো দুখন তেওঁৰ ওচৰলৈ অনাৰ বাবে এছ পি জিক নির্দেশ দিয়ে। তেওঁ মাতৃৰ ফটো দেখি আৱেগিক হৈ পৰে। প্ৰধানমন্ত্ৰীয়ে কয়, 'ধন্যবাদ বেটা, বহুত বহুত ধন্যবাদ। মই তোমাৰ প্ৰতি কৃতজ্ঞ। তুমি মোৰ মাৰ ফটো লৈ আহিলা, তুমি মোক আৱেগিক কৰি তুলিলা।'


উৎস: দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ