--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • চেনেহৰ বিহুৱান আৰু জ্যেষ্ঠজনৰ আশীৰ্বাদেৰে আজিৰ দিনটোত এক উখল-মাখল পৰিৱেশৰ সৃষ্টি হৈছে।

ডিজিটেল ডেস্কঃ চৌদিশে এতিয়া বসন্তৰ আগমণ। ঢোল-পেঁপাৰ শব্দই আকাশ-বতাহ কঁপাই তোলাৰ মাজতে আজি সমগ্ৰ অসমত উলহ-মালহেৰে পালন কৰা হৈছে ‘মানুহ বিহু’। সাতদিনীয়াকৈ পালিত হোৱা ৰঙালী বিহুৰ আজি দ্বিতীয়টো দিন।

চেনেহৰ বিহুৱান আৰু জ্যেষ্ঠজনৰ আশীৰ্বাদেৰে আজিৰ দিনটোত এক উখল-মাখল পৰিৱেশৰ সৃষ্টি হৈছে।

পৰম্পৰা আৰু সংস্কৃতিৰ মিলন

পৰম্পৰা অনুসৰি, বিহুৰ প্ৰথম দিনা গৰু বিহু পালন কৰাৰ পাছত দ্বিতীয় দিনটো মানুহৰ বাবে উৎসৰ্গা কৰা হয়। আজি পুৱাই স্নান কৰি নতুন কাপোৰ পিন্ধি ঘৰৰ কনিষ্ঠসকলে জ্যেষ্ঠসকলক সেৱা জনোৱা দৃশ্যই অসমীয়া সমাজৰ সুন্দৰ সাংস্কৃতিক চৰিত্ৰ প্ৰতিফলিত কৰিছে। বিশ্বাস কৰা হয় যে, নতুন বছৰটোত জ্যেষ্ঠৰ আশীৰ্বাদ ল’লে গোটেই বছৰটো কুশলে অতিবাহিত হয়।

অসমীয়া মানুহৰ স্বাভিমানৰ প্ৰতীক গামোচা বা বিহুৱানৰ আজি বিশেষ আদৰ। জীয়ৰী-বোৱাৰীসকলে নিজ হাতে তাঁতশালত বোৱা চেনেহৰ বিহুৱানখনি আজি ঘৰৰ মান্যৱন্ত ব্যক্তি আৰু আপোনজনক উপহাৰ হিচাপে প্ৰদান কৰে। এই গামোচাৰ প্ৰতিটো সূতাত সোমাই থাকে মৰম আৰু শ্ৰদ্ধা।

আজিৰ দিনটোত প্ৰতিঘৰ অসমীয়াৰ চ’ৰাঘৰ শুৱনি কৰে বিভিন্ন ধৰণৰ পিঠা-পনা আৰু জা-জলপানে। চিৰা, দৈ, সান্দহ আৰু গুৰৰ সোৱাদে বিহুৰ আনন্দ দুগুণে বঢ়াই তোলে। ওচৰ-চুবুৰীয়া তথা ইষ্ট-কুটুমৰ ঘৰলৈ গৈ বিহুৰ শুভেচ্ছা জনোৱা আৰু একেলগে বহি জলপান খোৱাটোৱে সমাজত একতা আৰু ভাতৃত্ববোধৰ নিদৰ্শন দাঙি ধৰে।

বৰ্তমানৰ যান্ত্ৰিক যুগতো অসমৰ গাঁওসমূহে নিজৰ স্বকীয়তা ধৰি ৰাখিছে। যদিও চহৰীয়া জীৱনত আধুনিকতাৰ প্ৰভাৱ পৰিছে, তথাপিও গ্ৰামাঞ্চলত আজিও বিহুৰ আচল মাদকতা অটুট আছে। গাঁৱৰ নামঘৰসমূহত হোৱা সেৱা-কীৰ্তন আৰু চোতালৰ মুকলি বিহুৱে অসমীয়া সংস্কৃতিৰ সজীৱতাক প্ৰমাণ কৰে।

মুঠতে, মানুহ বিহু কেৱল উৎসৱেই নহয়, ই অসমীয়াৰ হেঁপাহ, মৰম আৰু পৰম্পৰাৰ এক অবিচ্ছেদ্য অংগ হৈ ধৰা দিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ