--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • নুমলীগড় শোধনাগাৰে কুৰিৰো অধিক কাষ্টম হায়াৰিং চেণ্টাৰক দীৰ্ঘদিন ধৰি কৃষিক্ষেত্ৰ উত্তৰণৰ বাবে বীজ-সাৰ, ৰাসায়নিক দৰবৰ লগতে উন্নতমানৰ আধুনিক কৃষি সঁজুলি যোগান ধৰিছে।

ডিজিটেল ডেস্ক: বহাগ বিহুৰ সময়তে বোকাখাতৰ কৃষকে আনিছে আশাৰ বতৰা। ৰঙালাওৱে বোকাখাতৰ কৃষকৰ মুখত হাঁহি বিৰিঙাইছে। বোকাখাত সমজিলাৰ যুগল যোগনীয়াআটী কাষ্টম হায়াৰিং চেণ্টাৰে নুমলীগড় শোধনাগাৰৰ সামাজিক দায়বদ্ধতা বিভাগৰ সহযোগত অঞ্চলটোৰ কৃষকে উৎপাদন কৰা ৰঙালাওৰ আন্তঃৰাজ্যিক বিপণন আৰম্ভ কৰিছে।


এই পর্যন্ত কুৰুৱাবাহী, চহলা যুগল, চিনাকান আদিৰ পৰা প্ৰায় এশ ট্রাক ৰঙালাও কলকাতালৈ ৰপ্তানি কৰিবলৈ সক্ষম হৈছে বোকাখাতৰ কৃষকে। ৰঙালাওৰ বিপণনৰ দ্বাৰা চলিত বৰ্ষৰ কৃষি উৎপাদনৰ বিপণন যাত্রা আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰিছিল যুগল যোগনীয়া কাষ্টম হায়াৰিং চেণ্টাৰে। ৰঙালাও ট্রাকত উঠাই প্ৰেৰণ কৰাৰ সময়ত উপস্থিত থাকে পাণবাৰী ক্ষেত্ৰ অনুসন্ধান কেন্দ্ৰৰ উপ-কৃষি সঞ্চালক অলকানন্দ কাকতী আৰু মেনন বৰুৱা।


উল্লেখযোগ্য যে নুমলীগড় শোধনাগাৰে কুৰিৰো অধিক কাষ্টম হায়াৰিং চেণ্টাৰক দীৰ্ঘদিন ধৰি কৃষিক্ষেত্ৰ উত্তৰণৰ বাবে বীজ-সাৰ, ৰাসায়নিক দৰবৰ লগতে উন্নতমানৰ আধুনিক কৃষি সঁজুলি যোগান ধৰিছে। এইক্ষেত্ৰত অসম চৰকাৰৰ কৃষি বিভাগ আৰু কৃষি বিজ্ঞান কেন্দ্র, খুমটাইৰ সহযোগ শোধনাগাৰ আৰু কৃষকসকলে লাভ কৰি আহিছে। যোৱা বছৰ প্ৰতি কিল' ৰঙালাও প্রায় ৪/৫ টকা দৰত বিক্ৰী কৰা হৈছিল যদিও এইবাৰ আৰম্ভণিতেই প্রতিকিল' ৰঙালাও ১৪/১৫ টকাকৈ দৰত বিক্ৰী কৰিবলৈ সক্ষম হৈছে।


অধিক দাম লাভ কৰাৰ বাবে ৰঙালাও খেতি কৰা কৃষকে যথেষ্ট সকাহ লাভ কৰিছে বুলি একাংশ কৃষকে এই প্রতিবেদকক জানিবলৈ দিছে। বিগত বৰ্ষত ৰঙালাওৰ দাম কম পোৱাত কৃষকৰ মন ভাগি পৰাত এইবাৰ কৃষকসকলে কমকৈ খেতি কৰিছিল। কিন্তু এইবাৰ কমকৈ খেতি কৰিছিল যদিও প্ৰতি কিল'ত ১৪/১৫ টকাকৈ লাভ কৰাত কম পৰিমাণে খেতি কৰিলেও বিগত বৰ্ষতকৈ এইবাৰ লাভাৱান্বিত হ'ব কৃষক ৰাইজ।


উৎস: দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু