--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • নুমলীগড় শোধনাগাৰে কুৰিৰো অধিক কাষ্টম হায়াৰিং চেণ্টাৰক দীৰ্ঘদিন ধৰি কৃষিক্ষেত্ৰ উত্তৰণৰ বাবে বীজ-সাৰ, ৰাসায়নিক দৰবৰ লগতে উন্নতমানৰ আধুনিক কৃষি সঁজুলি যোগান ধৰিছে।

ডিজিটেল ডেস্ক: বহাগ বিহুৰ সময়তে বোকাখাতৰ কৃষকে আনিছে আশাৰ বতৰা। ৰঙালাওৱে বোকাখাতৰ কৃষকৰ মুখত হাঁহি বিৰিঙাইছে। বোকাখাত সমজিলাৰ যুগল যোগনীয়াআটী কাষ্টম হায়াৰিং চেণ্টাৰে নুমলীগড় শোধনাগাৰৰ সামাজিক দায়বদ্ধতা বিভাগৰ সহযোগত অঞ্চলটোৰ কৃষকে উৎপাদন কৰা ৰঙালাওৰ আন্তঃৰাজ্যিক বিপণন আৰম্ভ কৰিছে।


এই পর্যন্ত কুৰুৱাবাহী, চহলা যুগল, চিনাকান আদিৰ পৰা প্ৰায় এশ ট্রাক ৰঙালাও কলকাতালৈ ৰপ্তানি কৰিবলৈ সক্ষম হৈছে বোকাখাতৰ কৃষকে। ৰঙালাওৰ বিপণনৰ দ্বাৰা চলিত বৰ্ষৰ কৃষি উৎপাদনৰ বিপণন যাত্রা আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰিছিল যুগল যোগনীয়া কাষ্টম হায়াৰিং চেণ্টাৰে। ৰঙালাও ট্রাকত উঠাই প্ৰেৰণ কৰাৰ সময়ত উপস্থিত থাকে পাণবাৰী ক্ষেত্ৰ অনুসন্ধান কেন্দ্ৰৰ উপ-কৃষি সঞ্চালক অলকানন্দ কাকতী আৰু মেনন বৰুৱা।


উল্লেখযোগ্য যে নুমলীগড় শোধনাগাৰে কুৰিৰো অধিক কাষ্টম হায়াৰিং চেণ্টাৰক দীৰ্ঘদিন ধৰি কৃষিক্ষেত্ৰ উত্তৰণৰ বাবে বীজ-সাৰ, ৰাসায়নিক দৰবৰ লগতে উন্নতমানৰ আধুনিক কৃষি সঁজুলি যোগান ধৰিছে। এইক্ষেত্ৰত অসম চৰকাৰৰ কৃষি বিভাগ আৰু কৃষি বিজ্ঞান কেন্দ্র, খুমটাইৰ সহযোগ শোধনাগাৰ আৰু কৃষকসকলে লাভ কৰি আহিছে। যোৱা বছৰ প্ৰতি কিল' ৰঙালাও প্রায় ৪/৫ টকা দৰত বিক্ৰী কৰা হৈছিল যদিও এইবাৰ আৰম্ভণিতেই প্রতিকিল' ৰঙালাও ১৪/১৫ টকাকৈ দৰত বিক্ৰী কৰিবলৈ সক্ষম হৈছে।


অধিক দাম লাভ কৰাৰ বাবে ৰঙালাও খেতি কৰা কৃষকে যথেষ্ট সকাহ লাভ কৰিছে বুলি একাংশ কৃষকে এই প্রতিবেদকক জানিবলৈ দিছে। বিগত বৰ্ষত ৰঙালাওৰ দাম কম পোৱাত কৃষকৰ মন ভাগি পৰাত এইবাৰ কৃষকসকলে কমকৈ খেতি কৰিছিল। কিন্তু এইবাৰ কমকৈ খেতি কৰিছিল যদিও প্ৰতি কিল'ত ১৪/১৫ টকাকৈ লাভ কৰাত কম পৰিমাণে খেতি কৰিলেও বিগত বৰ্ষতকৈ এইবাৰ লাভাৱান্বিত হ'ব কৃষক ৰাইজ।


উৎস: দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ