--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • হাজাৰ হাজাৰ আয়তীৰ মুখৰ পৰা নিগৰিত লোকসংস্কৃতিৰ এক অমূল্য সম্পদ, বিয়ানামে চৌপাশ বিয়াঘৰৰ সদৃশ পৰিৱেশৰ সৃষ্টি কৰে।

ডিজিটেল ডেস্ক : বিহুৰ বতৰতে অসমবাসীলৈ আহিল সুখবৰ। দুলীয়াজান সম্মিলিত সাংস্কৃতিক গোষ্ঠী আৰু শিৱসাগৰ সুৰুমুখী সম্মিলিত শিল্পী সমাজৰ যুটীয়া উদ্যোগত দুলীয়াজান নেহৰু ময়দানত কালি বিয়ানামৰ অভিলেখ গঢ়াৰ এটা অনুষ্ঠান সম্পন্ন হয়।


ৰাজ্যখনৰ বিভিন্ন জিলাৰ লগতে শিৱসাগৰ, মৰাণ ডিব্ৰুগড়, ধেমাজি, তিনিচুকীয়া, শদিয়া, নামৰূপ, নাহৰকটীয়া, চাচনী টেঙাখাট, চাবুৱা আদিৰ লগতে স্থানীয় দুলীয়াজান, নাওহলীয়া, ভাদৈ পাঁচআলি, চলাকটকী আদি অঞ্চলৰ ১৫,৯৯৯গৰাকী মহিলাই বিয়ানাম, উৰুলি ধ্বনিৰে মুখৰ কৰে খেলপথাৰ চৌহদ। হাজাৰ হাজাৰ আয়তীৰ মুখৰ পৰা নিগৰিত লোকসংস্কৃতিৰ এক অমূল্য সম্পদ, বিয়ানামে চৌপাশ বিয়াঘৰৰ সদৃশ পৰিৱেশৰ সৃষ্টি কৰে। 


পুৱা প্ৰায় ন বজাৰ পৰা বিভিন্ন প্ৰান্তৰ আয়তীসকলে ভিৰ কৰে নেহৰু ময়দান খেলপথাৰত। প্ৰখৰ ৰ'দকো নেওচি মহিলাসকলে বিয়ানামত অংশগ্রহণ কৰি অভিলেখ সৃষ্টি কৰি অসমবাসীলৈ গৌৰৱ কঢ়িয়াবলৈ সক্ষম হয়।


প্রায় দুমাহজোৰা পৰিকল্পনাৰ অন্তত বিভিন্ন ঠাইৰ মহিলাসকলক এনেদৰে একত্ৰিত কৰি বিশ্ব অভিলেখ গঢ়িবলৈ সক্ষম হোৱাত সকলোৱে উদ্যোক্তাসকলৰ শলাগ লয়। আনহাতে, এই বিশ্ব অভিলেখ পর্যবেক্ষণ কৰিবলৈ আমেৰিকা বুক অব্ ৱৰ্ল্ড ৰেকৰ্ডছৰ প্রভাত চন্দ্ৰ বৰাসহ চাৰিগৰাকী সদস্য উপস্থিত থাকি বিয়ানাম প্রদৰ্শন কৰা দলটোৱে অভিলেখ গঢ়াৰ কথা ঘোষণা কৰি প্ৰমাণ-পত্ৰ প্ৰদান কৰে। 


অঞ্চলটিৰ বিভিন্ন গণ্যমান্য ব্যক্তিসকল উপস্থিত থকা অনুষ্ঠানটিত অসমৰ চলচ্চিত্র জগতৰ বিশিষ্ট অভিনেত্রী চেতনা দাস উপস্থিত থাকে। বিশ্ব অভিলেখ গঢ়া এই অনুষ্ঠানত প্ৰখৰ ৰ'দত পুৱা ন বজাৰ পৰা সমৱেত আয়তীসকলৰ কিছু মহিলাৰ স্বাস্থ্যৰ অৱনতি হোৱাত পৰিলক্ষিত হয়। অৱশ্যে, তাৎক্ষণিক জৰুৰীকালীন সেৱাযোগে কাষৰীয়া অইল চিকিৎসালয়ত চিকিৎসা প্রদান কৰাত তেওঁলোক সুস্থ হোৱা বুলি জানিব পৰা গৈছে।


উৎস: দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ