--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • হাজাৰ হাজাৰ আয়তীৰ মুখৰ পৰা নিগৰিত লোকসংস্কৃতিৰ এক অমূল্য সম্পদ, বিয়ানামে চৌপাশ বিয়াঘৰৰ সদৃশ পৰিৱেশৰ সৃষ্টি কৰে।

ডিজিটেল ডেস্ক : বিহুৰ বতৰতে অসমবাসীলৈ আহিল সুখবৰ। দুলীয়াজান সম্মিলিত সাংস্কৃতিক গোষ্ঠী আৰু শিৱসাগৰ সুৰুমুখী সম্মিলিত শিল্পী সমাজৰ যুটীয়া উদ্যোগত দুলীয়াজান নেহৰু ময়দানত কালি বিয়ানামৰ অভিলেখ গঢ়াৰ এটা অনুষ্ঠান সম্পন্ন হয়।


ৰাজ্যখনৰ বিভিন্ন জিলাৰ লগতে শিৱসাগৰ, মৰাণ ডিব্ৰুগড়, ধেমাজি, তিনিচুকীয়া, শদিয়া, নামৰূপ, নাহৰকটীয়া, চাচনী টেঙাখাট, চাবুৱা আদিৰ লগতে স্থানীয় দুলীয়াজান, নাওহলীয়া, ভাদৈ পাঁচআলি, চলাকটকী আদি অঞ্চলৰ ১৫,৯৯৯গৰাকী মহিলাই বিয়ানাম, উৰুলি ধ্বনিৰে মুখৰ কৰে খেলপথাৰ চৌহদ। হাজাৰ হাজাৰ আয়তীৰ মুখৰ পৰা নিগৰিত লোকসংস্কৃতিৰ এক অমূল্য সম্পদ, বিয়ানামে চৌপাশ বিয়াঘৰৰ সদৃশ পৰিৱেশৰ সৃষ্টি কৰে। 


পুৱা প্ৰায় ন বজাৰ পৰা বিভিন্ন প্ৰান্তৰ আয়তীসকলে ভিৰ কৰে নেহৰু ময়দান খেলপথাৰত। প্ৰখৰ ৰ'দকো নেওচি মহিলাসকলে বিয়ানামত অংশগ্রহণ কৰি অভিলেখ সৃষ্টি কৰি অসমবাসীলৈ গৌৰৱ কঢ়িয়াবলৈ সক্ষম হয়।


প্রায় দুমাহজোৰা পৰিকল্পনাৰ অন্তত বিভিন্ন ঠাইৰ মহিলাসকলক এনেদৰে একত্ৰিত কৰি বিশ্ব অভিলেখ গঢ়িবলৈ সক্ষম হোৱাত সকলোৱে উদ্যোক্তাসকলৰ শলাগ লয়। আনহাতে, এই বিশ্ব অভিলেখ পর্যবেক্ষণ কৰিবলৈ আমেৰিকা বুক অব্ ৱৰ্ল্ড ৰেকৰ্ডছৰ প্রভাত চন্দ্ৰ বৰাসহ চাৰিগৰাকী সদস্য উপস্থিত থাকি বিয়ানাম প্রদৰ্শন কৰা দলটোৱে অভিলেখ গঢ়াৰ কথা ঘোষণা কৰি প্ৰমাণ-পত্ৰ প্ৰদান কৰে। 


অঞ্চলটিৰ বিভিন্ন গণ্যমান্য ব্যক্তিসকল উপস্থিত থকা অনুষ্ঠানটিত অসমৰ চলচ্চিত্র জগতৰ বিশিষ্ট অভিনেত্রী চেতনা দাস উপস্থিত থাকে। বিশ্ব অভিলেখ গঢ়া এই অনুষ্ঠানত প্ৰখৰ ৰ'দত পুৱা ন বজাৰ পৰা সমৱেত আয়তীসকলৰ কিছু মহিলাৰ স্বাস্থ্যৰ অৱনতি হোৱাত পৰিলক্ষিত হয়। অৱশ্যে, তাৎক্ষণিক জৰুৰীকালীন সেৱাযোগে কাষৰীয়া অইল চিকিৎসালয়ত চিকিৎসা প্রদান কৰাত তেওঁলোক সুস্থ হোৱা বুলি জানিব পৰা গৈছে।


উৎস: দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু