--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • শিৱসাগৰ জিলাৰ গৌৰীসাগৰ আৰক্ষী থানাৰ অন্তৰ্গত চিন্তামণিগড় জৰাবাৰীৰ গাঁৱৰ নিৱাসী তথা সীমান্ত সুৰক্ষা বাহিনী(বি এছ এফ)ৰ জোৱান ৰমেন বৰুৱা(ললিত)ৰ মৃত্যুত শোকাকুল পৰিৱেশৰ সৃষ্টি হয়।

ডিজিটেল ডেস্ক: জম্মু-কাশ্মীৰৰ লাডাখত শ্বহীদ অসমৰ বীৰ জোৱান। দেশমাতৃক সেৱা কৰিবলৈ গৈ লাডাখত মৃত্যু হ’ল শিৱসাগৰ চিন্তামণিগড়ৰ সাহসী জোৱান ৰমেন বৰুৱাৰ।


লাডাখত কৰ্তব্যৰত অৱস্থাত যোৱা ১৮ এপ্ৰিলৰ নিশা প্ৰবল তুষাৰপাতৰ ফলত কৰ্তব্যৰত অৱস্থাত আকস্মিকভাৱে মৃত্যুক সাবটি লয় বৰুৱাই ৷ 


শিৱসাগৰ জিলাৰ গৌৰীসাগৰ আৰক্ষী থানাৰ অন্তৰ্গত চিন্তামণিগড় জৰাবাৰীৰ গাঁৱৰ নিৱাসী তথা সীমান্ত সুৰক্ষা বাহিনী(বি এছ এফ)ৰ জোৱান ৰমেন বৰুৱা(ললিত)ৰ মৃত্যুত শোকাকুল পৰিৱেশৰ সৃষ্টি হয়।


লাডাখৰ পৰা বিশেষ বিমানেৰে ৰমেন বৰুৱাৰ মৃতদেহ গুৱাহাটীত উপস্থিত হয়। আজি পুৱা ৰমেন বৰুৱা(ললিত)ৰ নশ্বৰ দেহ ঘৰ আহি পোৱাৰ পিছতে অজস্ৰজনে চকুলোৰে শেষ শ্ৰদ্ধাঞ্জলি জনায়।


বীৰ শ্বহীদ অমৰ হওক, শ্বহীদ ৰমেন বৰুৱা অমৰ হওক ধ্বনিৰে গাঁওবাসীয়ে ৰমেন বৰুৱাৰ নশ্বৰ দেহ উপস্থিত হোৱাৰ পিছতেই গায়ন-বায়নেৰে আগবঢ়ায় আনে। কেইবা শতাধিক স্থানীয় লোকে বীৰ শ্বহীদ ৰমেন বৰুৱা অমৰ হওক ধ্বনিৰে আগবঢ়ায় অনাৰ পিছতেই বাসগৃহত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰে।


শিৱসাগৰ জিলা প্ৰশাসনৰ উদ্যোগত আৰু ১৪৯ বিএচএফ জোৱানে সামৰিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন কৰে বীৰ জোৱানজনৰ৷ 


উল্লেখ্য যে কমল বৰুৱা আৰু কণমাই বৰুৱাৰ তৃতীয় সন্তান ৰমেনে ২০১৩ চনত সীমান্ত নিৰাপত্তা বাহিনীত যোগদান কৰিছিল৷ ৰাজস্থানত দীৰ্ঘ সময় থকাৰ পাছত ৬ মাহৰ বাবে জম্মু-কাশ্মীৰৰ লাডাখত যোগদান কৰিছিল বৰুৱাই। 


অহা ৪ মে’ত ঘৰলৈ আহিব বুলি জনাইছিল পৰিয়ালৰ লোকক। ৰমেনৰ সেই আশা অপূৰ্ণ হৈ ৰ’ল৷ আজি ৰমেনৰ নিথৰ দেহ ঘৰ আহি পোৱাৰ পিছতে শোকাকুল পৰিৱেশৰ সৃষ্টি হয়। মাত্ৰ ৩৪ বছৰ বয়সতে জীৱন নাটৰ যৱনিকা পৰা গাঁওখনৰ সকলোৰে মাজতে দৌ বুলি পৰিচিত সুন্দৰ, সুঠাম যুৱকজনৰ আকস্মিক বিয়োগত শোকত ম্ৰিয়মাণ গাঁওবাসী৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ