--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • শিৱসাগৰ জিলাৰ গৌৰীসাগৰ আৰক্ষী থানাৰ অন্তৰ্গত চিন্তামণিগড় জৰাবাৰীৰ গাঁৱৰ নিৱাসী তথা সীমান্ত সুৰক্ষা বাহিনী(বি এছ এফ)ৰ জোৱান ৰমেন বৰুৱা(ললিত)ৰ মৃত্যুত শোকাকুল পৰিৱেশৰ সৃষ্টি হয়।

ডিজিটেল ডেস্ক: জম্মু-কাশ্মীৰৰ লাডাখত শ্বহীদ অসমৰ বীৰ জোৱান। দেশমাতৃক সেৱা কৰিবলৈ গৈ লাডাখত মৃত্যু হ’ল শিৱসাগৰ চিন্তামণিগড়ৰ সাহসী জোৱান ৰমেন বৰুৱাৰ।


লাডাখত কৰ্তব্যৰত অৱস্থাত যোৱা ১৮ এপ্ৰিলৰ নিশা প্ৰবল তুষাৰপাতৰ ফলত কৰ্তব্যৰত অৱস্থাত আকস্মিকভাৱে মৃত্যুক সাবটি লয় বৰুৱাই ৷ 


শিৱসাগৰ জিলাৰ গৌৰীসাগৰ আৰক্ষী থানাৰ অন্তৰ্গত চিন্তামণিগড় জৰাবাৰীৰ গাঁৱৰ নিৱাসী তথা সীমান্ত সুৰক্ষা বাহিনী(বি এছ এফ)ৰ জোৱান ৰমেন বৰুৱা(ললিত)ৰ মৃত্যুত শোকাকুল পৰিৱেশৰ সৃষ্টি হয়।


লাডাখৰ পৰা বিশেষ বিমানেৰে ৰমেন বৰুৱাৰ মৃতদেহ গুৱাহাটীত উপস্থিত হয়। আজি পুৱা ৰমেন বৰুৱা(ললিত)ৰ নশ্বৰ দেহ ঘৰ আহি পোৱাৰ পিছতে অজস্ৰজনে চকুলোৰে শেষ শ্ৰদ্ধাঞ্জলি জনায়।


বীৰ শ্বহীদ অমৰ হওক, শ্বহীদ ৰমেন বৰুৱা অমৰ হওক ধ্বনিৰে গাঁওবাসীয়ে ৰমেন বৰুৱাৰ নশ্বৰ দেহ উপস্থিত হোৱাৰ পিছতেই গায়ন-বায়নেৰে আগবঢ়ায় আনে। কেইবা শতাধিক স্থানীয় লোকে বীৰ শ্বহীদ ৰমেন বৰুৱা অমৰ হওক ধ্বনিৰে আগবঢ়ায় অনাৰ পিছতেই বাসগৃহত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰে।


শিৱসাগৰ জিলা প্ৰশাসনৰ উদ্যোগত আৰু ১৪৯ বিএচএফ জোৱানে সামৰিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন কৰে বীৰ জোৱানজনৰ৷ 


উল্লেখ্য যে কমল বৰুৱা আৰু কণমাই বৰুৱাৰ তৃতীয় সন্তান ৰমেনে ২০১৩ চনত সীমান্ত নিৰাপত্তা বাহিনীত যোগদান কৰিছিল৷ ৰাজস্থানত দীৰ্ঘ সময় থকাৰ পাছত ৬ মাহৰ বাবে জম্মু-কাশ্মীৰৰ লাডাখত যোগদান কৰিছিল বৰুৱাই। 


অহা ৪ মে’ত ঘৰলৈ আহিব বুলি জনাইছিল পৰিয়ালৰ লোকক। ৰমেনৰ সেই আশা অপূৰ্ণ হৈ ৰ’ল৷ আজি ৰমেনৰ নিথৰ দেহ ঘৰ আহি পোৱাৰ পিছতে শোকাকুল পৰিৱেশৰ সৃষ্টি হয়। মাত্ৰ ৩৪ বছৰ বয়সতে জীৱন নাটৰ যৱনিকা পৰা গাঁওখনৰ সকলোৰে মাজতে দৌ বুলি পৰিচিত সুন্দৰ, সুঠাম যুৱকজনৰ আকস্মিক বিয়োগত শোকত ম্ৰিয়মাণ গাঁওবাসী৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু