--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি গণৰাজ্য দিৱস।সমগ্ৰ দেশবাসীয়ে আজি পালন কৰিছে ৭৬সংখ্যক গণৰাজ্য দিৱস।গণৰাজ্য দিৱস ভাৰতবৰ্ষৰ এক ৰাষ্ট্ৰীয় উৎসৱ।১৯৫০ চনৰ ২৬ জানুৱাৰীৰ দিনটোত ভাৰতৰ সংবিধান গৃহীত হৈছিল। যাৰ বাবে সমগ্ৰ দেশে এই বিশেষ দিনটো গণৰাজ্য দিৱস হিচাপে পালন কৰি আহিছে।

প্ৰতিবছৰে গণৰাজ্য দিৱস উপলক্ষে দেশৰ বিভিন্ন প্ৰান্তত বহু অনুষ্ঠানৰ আয়োজন কৰা হয়। এইবাৰো ব্যতিক্ৰম নহয়। বিগত বৰ্ষৰ দৰে এইবাৰো ৰাজধানী দিল্লীৰ‌ লগতে দেশৰ বিভিন্ন প্ৰান্তত গণৰাজ্য দিৱসৰ কাৰ্যসূচী অনুষ্ঠিত হৈছে। আজিৰ দিনটোত দিল্লীৰ কৰ্তব্য পথত পতাকা উত্তোলন কৰে দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে। লগতে ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

আনহাতে, ২০২৫ বৰ্ষৰ গণৰাজ্য দিৱসৰ বিষয়বস্তু হৈছে "সোণালী ভাৰত ঐতিহ্য আৰু উন্নয়ন"। এইবাৰ গণৰাজ্য দিৱসৰ পেৰেডত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ইণ্ডোনেছিয়া গণৰাজ্যৰ ৰাষ্ট্ৰপতি প্ৰবোও চুবিয়েণ্টো। 

তদুপৰি প্ৰতিবছৰৰ দৰে এইবাৰো গণৰাজ্য দিৱসত প্ৰদৰ্শন হ’ল ভিন্ন ৰাজ্যৰ প্ৰতীকপট৷ লগতে প্ৰদৰ্শন হ’ল দিল্লীৰ কৰ্তব্য পথত অসমৰ প্ৰতীকপটো ৷ য'ত উজলি উঠিল অসমৰ ঐতিহাসিক চৰাইদেউ মৈদাম, লগতে জিলিকি উঠিছে অসমৰ বিভিন্ন জনগোষ্ঠীয় নৃত্য, জাপি, গঁড় আদিৰ দৰে চহকী সংস্কৃতি। অসমৰ এই চহকী সংস্কৃতিসমূহ প্ৰদৰ্শিত হয় লালকিল্লাত।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ