--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ গোৰখপুৰত এক অতি চাঞ্চল্যকৰ ঘটনা পোহৰলৈ আহিছে য’ত দুগৰাকী মহিলাই নিজৰ মদ্যপায়ী স্বামীক এৰি ইজনে সিজনৰ লগত বিবাহপাশত আবদ্ধ হৈ ইজনে সিজনৰ লগত জীয়াই থকা সিদ্ধান্ত লয়। এই বিবাহ বৰ্তমান সামাজিক মাধ্যমত চৰ্চাৰ বিষয় হৈ পৰিছে ।

উল্লেখ্য যে বৃহস্পতিবাৰে সন্ধিয়া দেওৰিয়াৰ ছোটি কাশী নামেৰে পৰিচিত শিৱ মন্দিৰত কবিতা আৰু গুঞ্জা ওৰফে বাবলুৰ বিবাহ হয়। এই বিবাহত গুঞ্জাই দৰাৰ ভূমিকা পালন কৰি কবিতাৰ শিৰত সেন্দুৰ দিয়ে। গুঞ্জা আৰু কবিতাই গোটেই জীৱন ইজনে সিজনক লগত থকাৰ প্ৰতিশ্ৰুতিবদ্ধ হয় ।


এই সময়ছোৱাত সাংবাদিকসকলক তেওঁ কয় যে তেওঁলোকে প্ৰথমবাৰৰ বাবে ইনষ্টাগ্ৰামত লগ পাইছিল, তাৰ পিছত তেওঁলোকৰ চিনাকি হয়। দুয়োৰে পৰিস্থিতি একে আছিল, যাৰ বাবে তেওঁলোক ইজনে সিজনৰ অতি কাষ চাপিছিল। দুয়োজনে বিয়াৰ পিছত মদ্যপায়ী স্বামীৰ হাতত ঘৰুৱা হিংসাৰ সন্মুখীন হ’বলগীয়া হৈছিল। ইয়াৰ পিছত তেওঁলোকে স্বামীৰ লগত বিৰক্ত হৈ তেওঁলোকৰ সৈতে সম্পৰ্ক ভাঙি পেলায়।

স্বামীৰ পৰা বিচ্ছেদ হোৱাৰ পিছত দুয়োজনেই ছচিয়েল মিডিয়াত অতি সক্ৰিয় হৈ থাকিল। পাঁচ বছৰ আগতে দুয়োৰে ইনষ্টাগ্ৰামত চিনাকি হৈছিল। ইয়াৰ পিছত তেওঁলোকৰ কথা-বতৰা আৰম্ভ হ’ল। দুয়োয়ে ইজনে সিজনৰ দুখৰ সমভাগী লৈছিল। ইফালে তেওঁলোকৰ বন্ধুত্ব ইমানেই গভীৰ হৈ পৰিল যে ইজনে সিজনৰ অবিহনে জীয়াই থাকিব নোৱাৰিলে। ইয়াৰ পিছত তেওঁলোকে বিয়া হোৱাৰ সিদ্ধান্ত লয় ৷

বিয়াৰ সন্দৰ্ভত গুঞ্জাই কয়, "দুয়োৰে স্বামীয়ে সদায় মদ্যপান কৰে, তেওঁলোকৰ গালি-গালাজত আমি বিৰক্ত হৈ পৰিছিলো। ইয়াৰ ফলত আমি শান্তি আৰু প্ৰেমৰ জীৱন বাছি ল'বলৈ বাধ্য হৈছিলো। আমি গোৰখপুৰত দম্পতী হিচাপে জীয়াই থকাৰ সিদ্ধান্ত লৈছো ৷’’ মন্দিৰৰ পুৰোহিত উমা শংকৰ পাণ্ডেই কয় যে মহিলাসকলে বৰমালা আৰু সেন্দুৰ কিনিছিল আৰু এই মাংগলিক অনুষ্ঠান সম্পন্ন কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
Post