--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৱেষ্ট ইণ্ডিজ ক্ৰিকেটৰ মুখ্য প্ৰশিক্ষকৰ ঘোষণা। ব’ৰ্ডে দলটোৰ নতুন মুখ্য প্ৰশিক্ষক হিচাপে নিযুক্তি দিছে ডেৰেন ছেমীক। সোমবাৰে এই তথ্য দিলে ৱেষ্ট ইণ্ডিজ ক্ৰিকেট ব’ৰ্ডে। ২০২৫ চনৰ ১ এপ্ৰিলৰ পৰা তিনিওটা ফৰ্মেটতে টেষ্ট প্ৰশিক্ষকৰ দায়িত্ব আনুষ্ঠানিকভাৱে গ্ৰহণ কৰিব ছেমীয়ে। তেওঁ আন্দ্ৰে কোহলীৰ ঠাইত টেষ্ট দলৰ প্ৰশিক্ষক হিচাপে নিযুক্তি লাভ কৰিব।

ৱেষ্ট ইণ্ডিজ ক্ৰিকেটে প্ৰাক্তন অধিনায়ক ডেৰেন ছেমীক সকলো ফৰ্মেটতে পুৰুষ ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষক হিচাপে নিযুক্তি দিয়ে। সঞ্চালক মাইলছ বাস্কোম্বে ছেইণ্ট ভিনচেণ্টত ব’ৰ্ডৰ ত্ৰিমাসিক সংবাদমেলৰ সময়ত এই কথা ঘোষণা কৰে। ২০২৩ চনৰ পৰা সীমিত অভাৰৰ ফৰ্মেটত দলটোৰ মুখ্য প্ৰশিক্ষক হিচাপে পৰিগণিত হৈছে ছেমি। ৱেষ্ট ইণ্ডিজৰ হৈ দুবাৰকৈ টি-২০ বিশ্বকাপ জয় কৰা অধিনায়কগৰাকীয়ে টেষ্ট দলৰ দায়িত্ব লাভ কৰাত সুখ প্ৰকাশ কৰে। এক্সত তেওঁ লিখিছে ৱেষ্ট ইণ্ডিজক যিকোনো ক্ষমতাত প্ৰতিনিধিত্ব কৰাটো এক গৌৰৱৰ বিষয়। টেষ্ট দলটোক সহায় কৰাৰ প্ৰত্যাহ্বানৰ বাবে মই সাজু।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
Post