--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অযোধ্যাৰ শ্ৰী ৰাম মন্দিৰৰ নিৰ্মাণ কাৰ্যই আন এক ঐতিহাসিক মাইলৰ খুঁটি অতিক্ৰম কৰিলে। পণ্ডিত ব্ৰাহ্মণৰ উপস্থিতিত বৈদিক ৰীতি-নীতিৰে মূল শিখৰত প্ৰতিষ্ঠা কৰা হ’ল কলচী। 

পুৱা ৯:১৫ বজাৰ পৰা আৰম্ভ হোৱা এই পবিত্ৰ কাম আৰু শিখৰত কলচী স্থাপনৰ কাম পুৱা ১০:৩০ বজাত সম্পূৰ্ণ হয়। এই উপলক্ষে অযোধ্যাত এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছিল আৰু স্থানীয় ৰাইজে ইয়াক এক ঐতিহাসিক মুহূৰ্ত বুলি অভিহিত কৰিছিল।

শ্ৰী ৰাম জন্মভূমি তীৰ্থ ক্ষেত্ৰ ট্ৰাষ্টৰ সাধাৰণ সম্পাদক চম্পট ৰায়ে কয় যে বৈশাখীৰ শুভ দিন উপলক্ষে আৰু বাবা চাহেব ভীম ৰাও আম্বেদকাৰৰ জন্ম বাৰ্ষিকীত এই কাম সম্পূৰ্ণ কৰা হৈছে। এতিয়া মন্দিৰৰ মূল শিখৰত ধ্বজদণ্ডৰ স্থাপনৰ প্ৰক্ৰিয়া আৰম্ভ হ’ব। মন্দিৰ নিৰ্মাণৰ কাম চলি আছে। এই সাফল্যত সুখ প্ৰকাশ কৰি মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে কয় যে ৰাম মন্দিৰ নিৰ্মাণ কেৱল আধ্যাত্মিক নহয়, সাংস্কৃতিক আৰু সামাজিক ঐক্যৰ প্ৰতীক। তেওঁ কয় যে অযোধ্যাত ভগৱান শ্ৰীৰামৰ মন্দিৰ নিৰ্মাণ কৰাটো দেশবাসীৰ বিশ্বাস আৰু দৃঢ়তাৰ ফল। ইয়াৰ দ্বাৰা বিশ্বৰ মঞ্চত ভাৰতৰ চিৰন্তন সংস্কৃতি আৰু অধিক শক্তিশালী হ’ব।

যোগীয়ে এই আস্থা আৰু নিৰ্মাণকাৰ্যৰ লগত জড়িত সকলো লোকক প্ৰশংসা কৰি ‘নতুন ভাৰত’ৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ বুলি অভিহিত কৰে।  অযোধ্যাক বিশ্বমানৰ তীৰ্থস্থান হিচাপে গঢ়ি তোলাৰ বাবে ৰাজ্য চৰকাৰে যৎপৰোনাস্তি চেষ্টা চলাইছে। পথ, ৰে’ল আৰু বিমান সংযোগৰ সমান্তৰালকৈ পৰ্যটক আৰু ভক্তৰ সুবিধাও সম্প্ৰসাৰণ কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ