--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি পঞ্চায়ত নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ। মুঠ ১৩ খন জিলাত অনুষ্ঠিত হৈছে এই ভোটগ্ৰহণ। পুৱা ৭-৩০ বজাৰ পৰা আৰম্ভ হোৱা ভোটগ্ৰহণ কেন্দ্ৰত দেখা গৈছে ভোটাৰৰ ভিৰ। পুৱা ৭.৩০ বজাৰ পৰা আৰম্ভ হোৱা ভোটদান প্ৰক্ৰিয়া ৪.৩০ বজাত অন্ত পৰিব।

দ্বিতীয় পর্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হোৱা জিলাকেইখন হ'ল ক্রমে ধুবুৰী, দক্ষিণ শালমাৰা, মানকাচৰ, গোৱালপাৰা, বঙাইগাঁও, বৰপেটা, বজালী, নলবাৰী, কামৰূপ, কামৰূপ মহানগৰ, হোজাই, নগাঁও, মৰিগাঁও আৰু দৰং। 

উল্লেখ্য যে দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ পূৰ্বেই বিনা প্রতিদ্বন্দ্বিতাৰে নিৰ্বাচিত মুঠ প্রার্থী হ'ল ১,২৮৯ গৰাকী। ইয়াৰ ভিতৰত জিলা পৰিষদৰ সদস্য পদত ২১ গৰাকী, আঞ্চলিক পঞ্চায়তত ১৫১ গৰাকী আৰু গাঁও পঞ্চায়ত সদস্য পদত ১,১১৭ গৰাকী। 
 
দ্বিতীয় পর্যায়ত অনুষ্ঠিত হোৱা ভোটগ্ৰহণত জিলা পৰিষদৰ সমষ্টি হ'ল ১৮১ টা, আঞ্চলিক পঞ্চায়তৰ সমষ্টি ৮৭ টা আৰু গাঁও পঞ্চায়তৰ সমষ্টি হ'ল ১০,৫৩০ টা।

সৰ্বমুঠ ভোটাৰ হ'ল ৯১ লাখ ৩১ হেজাৰ ১২৭ গৰাকী। ইয়াৰে পুৰুষ ভোটাৰ হ'ল ৪৬ লাখ ৩০ হেজাৰ ৯২৪ জন আৰু মহিলা ভোটাৰ হ'ল ৪৪ লাখ, ৯৯ হেজাৰ ৯৫২ গৰাকী। 
 
ইয়াত মুঠ ভোটগ্রহণ কেন্দ্র হ'ল ১২,১৩০ টা। দ্বিতীয় পর্যায়ৰ ভোটগ্ৰহণত সর্বমুঠ ২৯,৬০৮ গৰাকী প্রার্থীয়ে প্রতিদ্বন্দ্বিতা কৰিছে। ইয়াৰ ভিতৰত জিলা পৰিষদত ৪৯৫ গৰাকী, আঞ্চলিক পঞ্চায়তত ২.৩৮৮ গৰাকী আৰু গাঁও পঞ্চায়ত সদস্যৰ পদত ২৬,৭২৫ গৰাকী প্রার্থীয়ে প্রার্থিত্ব আগবঢ়াইছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ