--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি পঞ্চায়ত নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ। মুঠ ১৩ খন জিলাত অনুষ্ঠিত হৈছে এই ভোটগ্ৰহণ। পুৱা ৭-৩০ বজাৰ পৰা আৰম্ভ হোৱা ভোটগ্ৰহণ কেন্দ্ৰত দেখা গৈছে ভোটাৰৰ ভিৰ। পুৱা ৭.৩০ বজাৰ পৰা আৰম্ভ হোৱা ভোটদান প্ৰক্ৰিয়া ৪.৩০ বজাত অন্ত পৰিব।

দ্বিতীয় পর্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হোৱা জিলাকেইখন হ'ল ক্রমে ধুবুৰী, দক্ষিণ শালমাৰা, মানকাচৰ, গোৱালপাৰা, বঙাইগাঁও, বৰপেটা, বজালী, নলবাৰী, কামৰূপ, কামৰূপ মহানগৰ, হোজাই, নগাঁও, মৰিগাঁও আৰু দৰং। 

উল্লেখ্য যে দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ পূৰ্বেই বিনা প্রতিদ্বন্দ্বিতাৰে নিৰ্বাচিত মুঠ প্রার্থী হ'ল ১,২৮৯ গৰাকী। ইয়াৰ ভিতৰত জিলা পৰিষদৰ সদস্য পদত ২১ গৰাকী, আঞ্চলিক পঞ্চায়তত ১৫১ গৰাকী আৰু গাঁও পঞ্চায়ত সদস্য পদত ১,১১৭ গৰাকী। 
 
দ্বিতীয় পর্যায়ত অনুষ্ঠিত হোৱা ভোটগ্ৰহণত জিলা পৰিষদৰ সমষ্টি হ'ল ১৮১ টা, আঞ্চলিক পঞ্চায়তৰ সমষ্টি ৮৭ টা আৰু গাঁও পঞ্চায়তৰ সমষ্টি হ'ল ১০,৫৩০ টা।

সৰ্বমুঠ ভোটাৰ হ'ল ৯১ লাখ ৩১ হেজাৰ ১২৭ গৰাকী। ইয়াৰে পুৰুষ ভোটাৰ হ'ল ৪৬ লাখ ৩০ হেজাৰ ৯২৪ জন আৰু মহিলা ভোটাৰ হ'ল ৪৪ লাখ, ৯৯ হেজাৰ ৯৫২ গৰাকী। 
 
ইয়াত মুঠ ভোটগ্রহণ কেন্দ্র হ'ল ১২,১৩০ টা। দ্বিতীয় পর্যায়ৰ ভোটগ্ৰহণত সর্বমুঠ ২৯,৬০৮ গৰাকী প্রার্থীয়ে প্রতিদ্বন্দ্বিতা কৰিছে। ইয়াৰ ভিতৰত জিলা পৰিষদত ৪৯৫ গৰাকী, আঞ্চলিক পঞ্চায়তত ২.৩৮৮ গৰাকী আৰু গাঁও পঞ্চায়ত সদস্যৰ পদত ২৬,৭২৫ গৰাকী প্রার্থীয়ে প্রার্থিত্ব আগবঢ়াইছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত