--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি ঘোষণা হ'ব বহু প্ৰত্যাশিত পঞ্চায়ত নিৰ্বাচনৰ ফলাফল। ইতিমধ্যে সাজু হৈ উঠিছে ভোটগণনা কেন্দ্ৰসমূহ।  উল্লেখ্য যে, যোৱা ২ আৰু ৭ মে’ত দুটা পৰ্যায়ত পঞ্চায়ত নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া সম্পন্ন হৈ যোৱাৰ পাছত ১১ মে'ত পুৱা ৮ বজৰা পৰাই ভোট গণনাৰ পৰ্ব আৰম্ভ হৈছে। ভোটগণনাৰ বাবে সাজু কৰা হৈছে ৩৯টা কেন্দ্ৰ। 

 বেলট পেপাৰ যোগে ভোটগ্ৰহণ অনুষ্ঠিত হোৱাৰ বাবে ভোটগণনাত যথেষ্ট সময়ৰ প্ৰয়োজন হ’ব বুলি ধাৰণা কৰা হৈছে। ইতিমধ্যে জিলা পৰিষদৰ ২১ খন আসন দখল কৰিছে বিজেপি আৰু মিত্ৰজোঁটে।  জিলা পৰিষদ সমষ্টি (ZPC)ৰ ৩৯৭ আসনৰ ভিতৰত ৩৪ত বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়। আঞ্চলিক পঞ্চায়ত (AP)ৰ ২,১৯২ আসনৰ ভিতৰত ৩১১ খনত বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়।

আঞ্চলিক পঞ্চায়তৰো ১৯০ জন সদস্য বিজেপি মিত্ৰজোটৰ হাতলৈ বিনা প্ৰতিদ্বন্দিতাৰে জয়ী হৈছে। প্ৰায় ডেৰ কোটি ভোটাৰে ভোটদান কৰিছিল এই পঞ্চায়ত নিৰ্বাচনত।  জিলা পৰিষদ সমষ্টিৰ ৩৬৩খন আসনৰ বাবে হৈছিল ভোটগ্ৰহণ। আঞ্চলিক পঞ্চায়তৰ ১,৮৮১খন আসনৰ বাবে হৈছিল ভোটগ্ৰহণ।

যোৱা ২ মে’ত প্ৰথম পৰ্যায়ত ৰাজ্যৰ ১৪ খন জিলা ক্ৰমে তিনিচুকীয়া, ডিব্ৰুগড়, চৰাইদেউ, শিৱসাগৰ, মাজুলী, যোৰহাট, গোলাঘাট, ধেমাজি, লখিমপুৰ, শোণিতপুৰ, বিশ্বনাথ, কাছাৰ, হাইলাকান্দি আৰু শ্রীভূমিত পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটদান অনুষ্ঠিত হৈছিল।

১৪ খন জিলাত অনুষ্ঠিত প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত ভোটদানৰ হাৰ আছিল ৭০.১৯ শতাংশ। ইয়াৰ ভিতৰত মাজুলী জিলাত সৰ্বাধিক ৮০.০২ শতাংশ আৰু শোণিতপুৰ জিলাত সৰ্বনিম্ন ৬১ শতাংশ ভোটদান হৈছিল।

দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হোৱা ১৩ খন জিলা হৈছে ক্ৰমে ধুবুৰী, দক্ষিণ শালমাৰা, মানকাচৰ, গোৱালপাৰা, বঙাইগাঁও, বৰপেটা, বজালী, নলবাৰী, কামৰূপ, কামৰূপ মহানগৰ, হোজাই, নগাঁও, মৰিগাঁও আৰু দৰং জিলা। 

দ্বিতীয় পৰ্যায়ৰ এই নিৰ্বাচনত ৯১.৩১ লাখৰো অধিক ভোটাৰ আছিল। দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হোৱা ১৩ খন জিলাত প্ৰতিদ্বন্দিতা আগবঢ়োৱা প্ৰাৰ্থীৰ সংখ্যা হৈছে ২৯,৬০৮ গৰাকী ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
আহমেদাবাদত টি-২০ বিশ্ব কাপৰ ফাইনেল, মেচ অনুষ্ঠিত হ'ব দিল্লী-কলকাতা- চেন্নাই- মুম্বাইসহ ৫ স্থানত
জাগীৰোডৰ ছেমিকণ্ডাক্টৰ প্ৰকল্পস্থলী পৰিদৰ্শন কেন্দ্ৰীয় বিত্তমন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমনৰ
৫ বিধায়কৰ ভৱিষ্যৎ অনিশ্চিত, আধা কংগ্রেছী-আধা বিজেপি হোৱাৰ পৰিণতি
লণ্ডনত বৃন্দাৱনী বস্ত্ৰ অসমলৈ অনাৰ চুক্তি কৰিব মুখ্যমন্ত্ৰীয়ে, তিনিদিনীয়া কাৰ্যসূচীৰে ১৫ নৱেম্বৰত ৰাওনা হ'ব ড° শৰ্মা
প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ ‘চিৰসেউজ বঁটা’; সোণাৰিৰ দিচাংপানীত সোণাৰু কাঞ্চন কৃষ্ণচূড়া মহোৎসৱত প্ৰদান‌ কৰা হ’ব এই বঁটা
উজনিত মানৱ সৰবৰাহৰ ভয়ংকৰ জাল! ৫০ হাজাৰৰ পৰা ডেৰ লাখ টকাৰ বিনিময়ত বিক্ৰী হয় কিশোৰী-যুৱতী
বল্লভভাই পেটেলক স্মৰণ কৰি বিশাল পেৰেডেৰে আজি একতা দিৱস উদযাপন; অনুষ্ঠানত উপস্থিত প্ৰধানমন্ত্ৰী মোদী
শিৱসাগৰত ভয়াৱহ পথ দুৰ্ঘটনা!  দুজনৰ অৱস্থা সংকটজনক
কুজীডাঁহত শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসলীলাৰ এশ বছৰীয়া জয়ন্তীৰ ব্যাপক প্ৰস্ততি; জুবিন গাৰ্গৰ নামত উছৰ্গা কৰা হৈছে সমূহ কাৰ্যসূচী
মুখ্যমন্ত্ৰীক সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ তিনিচুকীয়া জিলা সমিতিৰ স্মাৰকপত্ৰ প্ৰদান
গোসাঁইগাঁও আৰ এন বি অসামৰিক চিকিৎসালয়ত চিকিৎসাৰ গাফিলতিত প্ৰসূতিৰ মৃত্যু
প্ৰাণৰ শিল্পীগৰাকীৰ বাবেই তেজপুৰত টিকট নাপাই ডিমা হাছাওলৈ ঢাপলি মেলিলে ৭ অনুৰাগীয়ে
ডিব্ৰুগড়ত সাহিত্যিক নগেন শইকীয়াক অসম সাহিত্য সভাৰ সন্মান জ্ঞাপন; সাহিত্যিকগৰাকীৰ চকুত চকুলো
অন্ধ্ৰপ্ৰদেশৰ ভেংকটেশ্বৰ স্বামী মন্দিৰত পদপিষ্ট হৈ ১০ ভক্তৰ শোকাৱহ মৃত্যু