--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি ঘোষণা হ'ব বহু প্ৰত্যাশিত পঞ্চায়ত নিৰ্বাচনৰ ফলাফল। ইতিমধ্যে সাজু হৈ উঠিছে ভোটগণনা কেন্দ্ৰসমূহ।  উল্লেখ্য যে, যোৱা ২ আৰু ৭ মে’ত দুটা পৰ্যায়ত পঞ্চায়ত নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া সম্পন্ন হৈ যোৱাৰ পাছত ১১ মে'ত পুৱা ৮ বজৰা পৰাই ভোট গণনাৰ পৰ্ব আৰম্ভ হৈছে। ভোটগণনাৰ বাবে সাজু কৰা হৈছে ৩৯টা কেন্দ্ৰ। 

 বেলট পেপাৰ যোগে ভোটগ্ৰহণ অনুষ্ঠিত হোৱাৰ বাবে ভোটগণনাত যথেষ্ট সময়ৰ প্ৰয়োজন হ’ব বুলি ধাৰণা কৰা হৈছে। ইতিমধ্যে জিলা পৰিষদৰ ২১ খন আসন দখল কৰিছে বিজেপি আৰু মিত্ৰজোঁটে।  জিলা পৰিষদ সমষ্টি (ZPC)ৰ ৩৯৭ আসনৰ ভিতৰত ৩৪ত বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়। আঞ্চলিক পঞ্চায়ত (AP)ৰ ২,১৯২ আসনৰ ভিতৰত ৩১১ খনত বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়।

আঞ্চলিক পঞ্চায়তৰো ১৯০ জন সদস্য বিজেপি মিত্ৰজোটৰ হাতলৈ বিনা প্ৰতিদ্বন্দিতাৰে জয়ী হৈছে। প্ৰায় ডেৰ কোটি ভোটাৰে ভোটদান কৰিছিল এই পঞ্চায়ত নিৰ্বাচনত।  জিলা পৰিষদ সমষ্টিৰ ৩৬৩খন আসনৰ বাবে হৈছিল ভোটগ্ৰহণ। আঞ্চলিক পঞ্চায়তৰ ১,৮৮১খন আসনৰ বাবে হৈছিল ভোটগ্ৰহণ।

যোৱা ২ মে’ত প্ৰথম পৰ্যায়ত ৰাজ্যৰ ১৪ খন জিলা ক্ৰমে তিনিচুকীয়া, ডিব্ৰুগড়, চৰাইদেউ, শিৱসাগৰ, মাজুলী, যোৰহাট, গোলাঘাট, ধেমাজি, লখিমপুৰ, শোণিতপুৰ, বিশ্বনাথ, কাছাৰ, হাইলাকান্দি আৰু শ্রীভূমিত পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটদান অনুষ্ঠিত হৈছিল।

১৪ খন জিলাত অনুষ্ঠিত প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত ভোটদানৰ হাৰ আছিল ৭০.১৯ শতাংশ। ইয়াৰ ভিতৰত মাজুলী জিলাত সৰ্বাধিক ৮০.০২ শতাংশ আৰু শোণিতপুৰ জিলাত সৰ্বনিম্ন ৬১ শতাংশ ভোটদান হৈছিল।

দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হোৱা ১৩ খন জিলা হৈছে ক্ৰমে ধুবুৰী, দক্ষিণ শালমাৰা, মানকাচৰ, গোৱালপাৰা, বঙাইগাঁও, বৰপেটা, বজালী, নলবাৰী, কামৰূপ, কামৰূপ মহানগৰ, হোজাই, নগাঁও, মৰিগাঁও আৰু দৰং জিলা। 

দ্বিতীয় পৰ্যায়ৰ এই নিৰ্বাচনত ৯১.৩১ লাখৰো অধিক ভোটাৰ আছিল। দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হোৱা ১৩ খন জিলাত প্ৰতিদ্বন্দিতা আগবঢ়োৱা প্ৰাৰ্থীৰ সংখ্যা হৈছে ২৯,৬০৮ গৰাকী ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ