--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বনকৰা মহিলাই প্ৰস্ৰাৱৰ সৈতে আটা মঠি ৰুটী বনাই গৃহস্থৰ পৰিয়ালক খুওৱাৰ ঘটনা পোহৰলৈ অহাৰ পাছতেই সমগ্ৰ দেশজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। সকলোৱে জানিব বিচাৰিছিল বনকৰা মহিলা ৰীনাই এই জঘন্য কাম কিয় কৰিছিল?

উত্তৰ প্ৰদেশৰ গাজিয়াবাদত ঘটিছিল এই ঘটনা। প্ৰস্ৰাৱ মিহলোৱা ৰুটী খাই পৰিয়ালটোৰ আটাইকেইজন সদস্যৰ লিভাৰ আৰু পেট বেয়া হৈ পৰিল। এতিয়া তেওঁৰ এই জঘন্য কাণ্ডৰ আঁৰৰ কাৰণ উদঙাই দিছে আৰক্ষীয়ে। থানা ক্ৰছিং ৰিপাব্লিক অঞ্চলৰ এজন ব্যৱসায়ীৰ ঘৰত যোৱা আঠ বছৰ ধৰি ঘৰুৱা সহায়ক হিচাপে কাম কৰি থকা ৩২ বছৰীয়া ৰীনাক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। প্ৰস্ৰাৱ মিহলাই কিয় ৰুটী বনাইছিল ইয়াৰ আঁৰৰ কাৰণ জানিবলৈ আৰক্ষীয়ে তেওঁক তীব্ৰ জেৰা কৰে। অভিযুক্ত মহিলাগৰাকীয়ে প্ৰথমে এই সকলোবোৰ অভিযোগ অস্বীকাৰ কৰিছিল যদিও চিচিটিভিৰ ফুটেজ দেখুওৱাৰ পিছত তেওঁ নিজৰ অভিযোগ স্বীকাৰ কৰে। 

আৰক্ষীৰ জেৰাৰ সময়ত অভিযুক্ত মহিলাগৰাকীয়ে কয় যে তেওঁ যোৱা চাৰিমাহ ধৰি এই লেতেৰা কাম কৰি আহিছে। ৰীনাই কয় যে পৰিয়ালটোৱে প্ৰতিটো বিষয়তে তেওঁক গালি-শপনি পাৰিছিল। কেৱল এয়াই নহয়, তেওঁৰ প্ৰতিটো কৰ্মত খুট উলিয়াইছিল। এই কথাত ৰীনাই অপমানিত অনুভৱ কৰিছিল। অপমানৰ প্ৰতিশোধ ল’বলৈ তেওঁ যোৱা চাৰিমাহ ধৰি খাদ্যত প্ৰস্ৰাৱ মিহলাবলৈ আৰম্ভ কৰিছিল। ৰীনাই কয় যে যেতিয়া তেওঁ প্ৰস্ৰাৱ মিহলোৱা ৰুটী পৰিয়ালটোক পৰিবেশন কৰিছিল আৰু তেওঁলোকে খাইছিল, তেতিয়া তেওঁৰ অপমানৰ প্ৰতিশোধ সম্পূৰ্ণ হৈছিল। এই কথাত তেওঁ অতি সকাহ অনুভৱ কৰিছিল আৰু তেওঁৰ প্ৰতিশোধ সম্পূৰ্ণ হোৱা যেন অনুভৱ কৰিছিল। আৰক্ষী বিষয়াসকলে এই কথা শুনি আচৰিত হৈ পৰিছে। উল্লেখ্য যে অভিযুক্ত ৰীনা উত্তৰ প্ৰদেশৰ বুলন্দশ্বাহৰ জিলাৰ খুৰজাৰ মিৰপুৰৰ বাসিন্দা। 

কিদৰে প্ৰকাশ পালে সমগ্ৰ ঘটনা?

গাজিয়াবাদৰ থানা ক্ৰছিং ৰিপাব্লিক অঞ্চলৰ ছ’চাইটীত বাস কৰা এজন ৰিয়েল এষ্টেট ব্যৱসায়ী আৰু তেওঁৰ পৰিয়াল যোৱা কেইমাহমানৰ পৰা গুৰুতৰভাৱে অসুস্থ হৈ পৰিছিল। পেট আৰু লিভাৰৰ ৰোগত আক্ৰান্ত হৈ আছিল পৰিয়ালৰ লোক। প্ৰথম অৱস্থাত পৰিয়ালটোৱে ইয়াক স্বাভাৱিক সংক্ৰমণ বুলি ভাবি চিকিৎসকৰ ওচৰত চিকিৎসা কৰাইছিল যদিও অৱস্থাৰ কোনো উন্নতি হোৱা নাছিল।

যেতিয়া তেওঁলোকৰ স্বাস্থ্যৰ অৱনতি ঘটিছিল, তেতিয়া তেওঁলোকৰ খাদ্যাভ্যাসত কিবা ভুল হৈছে বুলি সন্দেহ কৰিছিল। ইয়াৰ পিছত পৰিয়ালৰ লোকে নিজৰ পাকঘৰ আৰু অন্যান্য অংশত চিচিটিভি কেমেৰা স্থাপন কৰে, যাতে খাদ্য প্ৰস্তুতিৰ ওপৰত নজৰ ৰাখিব পৰা যায়। ইয়াৰ পিছতেই চিচিটিভিৰ ফুটেজত ৰীনাই খাদ্যত প্ৰস্ৰাৱ মিহলাই দিয়াৰ ঘটনা পোহৰলৈ আহে। ৰীনাই পাকঘৰৰে এটা বাচনত প্ৰস্ৰাৱ কৰিছিল আৰু সেই প্ৰস্ৰাৱখিনি আটাত ঢালি দিছিল। এই ঘৃণনীয় কাণ্ড দেখি গোটেই পৰিয়ালটো স্তম্ভিত হৈ পৰিল। লগালগ ভুক্তভোগীৰ পৰিয়ালে গোচৰ ৰুজু কৰে আৰু আৰক্ষীয়ে অভিযুক্ত মহিলাগৰাকীক গ্ৰেপ্তাৰ কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ