--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : অনতি বিলম্বে ৰাজস্থানৰ মুখ্যমন্ত্ৰীৰ পদ লাগে শচীন পাইলটক। ছোনিয়া গান্ধীক সাক্ষাৎ কৰি এই দাবী জনাইছে ৰাজস্থানৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী তথা প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতিগৰাকীয়ে। ৰাজস্থানৰ বিধানসভা নিৰ্বাচনলৈ এবছৰতকৈ অলপ বেছি সময় থকা অৱস্থাত ৰাজ্যখনত শাসন নিজৰ হাতৰ মুঠিত ৰখাৰ বাবে শচীন পাইলটে তাৎক্ষণিকভাৱে তেওঁক মুখ্যমন্ত্ৰী পদ দিয়াটো বিচাৰিছে। কংগ্ৰেছৰ এটা উচ্চস্তৰীয় সূত্ৰই এইকথা প্ৰকাশ কৰিছে।

এনে নহ’লে পঞ্জাবৰ দৰেই ৰাজস্থানতো কংগ্ৰেছ পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হ’ব বুলি তেওঁ আনকি ছোনিয়া গান্ধী আৰু প্ৰিয়ংকাক সকীয়াই দিয়া বুলিও প্ৰকাশ কৰিছে সূত্ৰটোৱে। সূত্ৰটোৱে সদৰি কৰা মতে বিগত সপ্তাহটোত ছোনিয়া-প্ৰিয়ংকাৰ সৈতে তিনিখন বৈঠকত ভাগ লৈছে শচীন পাইলট। ২০২৩চনৰ ডিচেম্বৰত ৰাজস্থানত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব। যি দুখন মাত্ৰ ৰাজ্যত কংগ্ৰেছে স্বতন্ত্ৰভাৱে শাসনত আছে তাৰ ভিতৰত ৰাজস্থান অন্যতম। এনে পৰিস্থিতিত ৰাজ্যখনত ক্ষমতা ধৰি ৰখাটো কংগ্ৰেছৰ বাবে কিমান গুৰুত্বপূৰ্ণ কথা হ’ব পাৰে সেয়া সহজেই অনুমেয়। এনে পৰিপ্ৰেক্ষিতত ক্ষমতা হস্তান্তৰত পলম হ’লে কংগ্ৰেছে ৰাজস্থানতো পঞ্জাবৰ দৰে পৰিণতিৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে বুলি সকীয়াই দিছে শচীন পাইলটে। তেওঁ পঞ্জাবত চৰণজিৎ সিং চন্নীক শেষ মুহূৰ্তত মুখ্যমন্ত্ৰী পদত বহুওৱাৰ পৰিপ্ৰেক্ষিতত তেওঁ কিদৰে ব্যৰ্থ হ’বলগীয়া হ’ল সেই উদাহৰণ দি কংগ্ৰেছ নেতৃত্বক সকীয়াই দিয়ে।

উল্লেখ্য যে, দুবছৰ পূ্ৰ্বে তেওঁৰ পক্ষৰ ১৮গৰাকী বিধায়কক লগত লৈ শচীন পাইলটে মুখ্যমন্ত্ৰী অশোক গেহলটৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰিছিল। পাছত গেহলটে তেওঁৰ মুখ্যমন্ত্ৰীৰ আসন ধৰি ৰাখিবলৈ সক্ষম হয় যদিও শচীন পাইলটে উপ-মুখ্যমন্ত্ৰী পদ তথা প্ৰদেশ কংগ্ৰেছৰ সভাপতি পদ হেৰুৱাবলগীয়া হয়। তাৰ পাছত একাধিকবাৰ তেওঁক নিজৰ স্থান ঘূৰাই দিয়া তথা তেওঁৰ দাবী মানি লোৱাৰ কথা কোৱা হৈছে যদিও শচীন পাইলটৰ অপেক্ষা দীঘলীয়া হৈ গৈ আছে।

কিন্তু গান্ধী নেতৃত্বৰ সৈতে সঘনে আলোচনাত মিলিত হোৱালৈ লক্ষ্য কৰি শচীন পাইলটৰ ধৈৰ্যচ্যুতি ঘটা বুলি ধাৰণা কৰিছে বিভিন্ন মহলে। শচীন পাইলটক ২০২৩ৰ নিৰ্বাচনলৈ অপেক্ষা কৰিবলৈ কেন্দ্ৰীয় নেতৃত্বই পৰামৰ্শ দিয়া বুলিও চৰ্চা চলিছে। ২০২৩ৰ নিৰ্বাচনত দলক জয়ী কৰাই মুখ্যমন্ত্ৰীৰ আসনত বহিবলৈ তেওঁক প্ৰস্তাৱ দিয়া হৈছে যদিও পাইলটে সেই প্ৰস্তাৱ স্পষ্টভাৱে নস্যাৎ কৰা বুলি প্ৰকাশ কৰিছে এটা সূত্ৰই। নিৰ্বাচন সমীপলৈ অহাৰ লগে লগে ৰাজস্থান কংগ্ৰেছৰ বাবে পাইলটৰ এই তৎপৰতা উদ্বেগৰ বিষয় হৈ পৰিব পাৰে। কেৱল এয়াই নহয়, তেওঁক সন্তুষ্ট কৰি ৰখা তথা সঠিকভাৱে সংস্থাপিত কৰাটোও দলটোৰ শীৰ্ষ নেতৃত্বৰ বাবে এক অগ্নিপৰীক্ষা হিচাপে বিবেচিত হ’ব পাৰে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
পোষ্টেল বেলটৰ গণনা সমাপ্ত নকৰাকৈ ই ভি এমৰ গণনা শেষ কৰিব নোৱাৰিব
জুবিন গাৰ্গক 'ভাৰত ৰত্ন' প্ৰদানৰ আহ্বান জনাই প্রধানমন্ত্রীলৈ পত্র
'আদালতে পইন্ট টু পইন্ট প্রমাণ বিচাৰিব', এছ আই টিৰ ওপৰত ভৰসা ৰাখিবলৈ ৰাজ্যবাসীক আহ্বান মুখ্যমন্ত্ৰীৰ
তীর্থভূমিত পৰিণত জুবিন গাৰ্গৰ সমাধিক্ষেত্র, বৈ আছে অনুৰাগীৰ অবিৰত সোঁত
বজালীত জোঁৱাইয়েকৰ দাৰ ঘাপত আহত পত্নী আৰু শাহুৱেক
বাক্সাৰ ভাৰত-ভূটান সীমান্তত বনৰীয়া হাতীৰ ত্ৰাস
জুবিন গাৰ্গৰ শেষকৃত্য ক’ত কৰা হ’ব? দিয়া হ’ব নে চৰকাৰী বন্ধ? কি ক’লে মুখ্যমন্ত্ৰীয়ে?
বিদ্যালয়ৰ পৰীক্ষা অনুষ্ঠিত কৰিবলৈ লোৱাত প্ৰতিবাদত নামিল শিক্ষাৰ্থী
ছিংগাপুৰৰ সাগৰৰ পাৰত হঠাৎ নিঠৰ হʼল এটা মায়াময় সুৰ
হঠাতেই হেৰাল কেনিনো মোৰ চোতালৰে জোনাক
নীৰৱে-নিতালে শুই অসম পালেহি প্ৰাণৰ শিল্পী জুবিন গাৰ্গ
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান