--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : অনতি বিলম্বে ৰাজস্থানৰ মুখ্যমন্ত্ৰীৰ পদ লাগে শচীন পাইলটক। ছোনিয়া গান্ধীক সাক্ষাৎ কৰি এই দাবী জনাইছে ৰাজস্থানৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী তথা প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতিগৰাকীয়ে। ৰাজস্থানৰ বিধানসভা নিৰ্বাচনলৈ এবছৰতকৈ অলপ বেছি সময় থকা অৱস্থাত ৰাজ্যখনত শাসন নিজৰ হাতৰ মুঠিত ৰখাৰ বাবে শচীন পাইলটে তাৎক্ষণিকভাৱে তেওঁক মুখ্যমন্ত্ৰী পদ দিয়াটো বিচাৰিছে। কংগ্ৰেছৰ এটা উচ্চস্তৰীয় সূত্ৰই এইকথা প্ৰকাশ কৰিছে।

এনে নহ’লে পঞ্জাবৰ দৰেই ৰাজস্থানতো কংগ্ৰেছ পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হ’ব বুলি তেওঁ আনকি ছোনিয়া গান্ধী আৰু প্ৰিয়ংকাক সকীয়াই দিয়া বুলিও প্ৰকাশ কৰিছে সূত্ৰটোৱে। সূত্ৰটোৱে সদৰি কৰা মতে বিগত সপ্তাহটোত ছোনিয়া-প্ৰিয়ংকাৰ সৈতে তিনিখন বৈঠকত ভাগ লৈছে শচীন পাইলট। ২০২৩চনৰ ডিচেম্বৰত ৰাজস্থানত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব। যি দুখন মাত্ৰ ৰাজ্যত কংগ্ৰেছে স্বতন্ত্ৰভাৱে শাসনত আছে তাৰ ভিতৰত ৰাজস্থান অন্যতম। এনে পৰিস্থিতিত ৰাজ্যখনত ক্ষমতা ধৰি ৰখাটো কংগ্ৰেছৰ বাবে কিমান গুৰুত্বপূৰ্ণ কথা হ’ব পাৰে সেয়া সহজেই অনুমেয়। এনে পৰিপ্ৰেক্ষিতত ক্ষমতা হস্তান্তৰত পলম হ’লে কংগ্ৰেছে ৰাজস্থানতো পঞ্জাবৰ দৰে পৰিণতিৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে বুলি সকীয়াই দিছে শচীন পাইলটে। তেওঁ পঞ্জাবত চৰণজিৎ সিং চন্নীক শেষ মুহূৰ্তত মুখ্যমন্ত্ৰী পদত বহুওৱাৰ পৰিপ্ৰেক্ষিতত তেওঁ কিদৰে ব্যৰ্থ হ’বলগীয়া হ’ল সেই উদাহৰণ দি কংগ্ৰেছ নেতৃত্বক সকীয়াই দিয়ে।

উল্লেখ্য যে, দুবছৰ পূ্ৰ্বে তেওঁৰ পক্ষৰ ১৮গৰাকী বিধায়কক লগত লৈ শচীন পাইলটে মুখ্যমন্ত্ৰী অশোক গেহলটৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰিছিল। পাছত গেহলটে তেওঁৰ মুখ্যমন্ত্ৰীৰ আসন ধৰি ৰাখিবলৈ সক্ষম হয় যদিও শচীন পাইলটে উপ-মুখ্যমন্ত্ৰী পদ তথা প্ৰদেশ কংগ্ৰেছৰ সভাপতি পদ হেৰুৱাবলগীয়া হয়। তাৰ পাছত একাধিকবাৰ তেওঁক নিজৰ স্থান ঘূৰাই দিয়া তথা তেওঁৰ দাবী মানি লোৱাৰ কথা কোৱা হৈছে যদিও শচীন পাইলটৰ অপেক্ষা দীঘলীয়া হৈ গৈ আছে।

কিন্তু গান্ধী নেতৃত্বৰ সৈতে সঘনে আলোচনাত মিলিত হোৱালৈ লক্ষ্য কৰি শচীন পাইলটৰ ধৈৰ্যচ্যুতি ঘটা বুলি ধাৰণা কৰিছে বিভিন্ন মহলে। শচীন পাইলটক ২০২৩ৰ নিৰ্বাচনলৈ অপেক্ষা কৰিবলৈ কেন্দ্ৰীয় নেতৃত্বই পৰামৰ্শ দিয়া বুলিও চৰ্চা চলিছে। ২০২৩ৰ নিৰ্বাচনত দলক জয়ী কৰাই মুখ্যমন্ত্ৰীৰ আসনত বহিবলৈ তেওঁক প্ৰস্তাৱ দিয়া হৈছে যদিও পাইলটে সেই প্ৰস্তাৱ স্পষ্টভাৱে নস্যাৎ কৰা বুলি প্ৰকাশ কৰিছে এটা সূত্ৰই। নিৰ্বাচন সমীপলৈ অহাৰ লগে লগে ৰাজস্থান কংগ্ৰেছৰ বাবে পাইলটৰ এই তৎপৰতা উদ্বেগৰ বিষয় হৈ পৰিব পাৰে। কেৱল এয়াই নহয়, তেওঁক সন্তুষ্ট কৰি ৰখা তথা সঠিকভাৱে সংস্থাপিত কৰাটোও দলটোৰ শীৰ্ষ নেতৃত্বৰ বাবে এক অগ্নিপৰীক্ষা হিচাপে বিবেচিত হ’ব পাৰে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ