--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভাৰতীয় জাতীয় কংগ্ৰেছৰ পৰা খুমটাই সমষ্টিক প্ৰতিনিধিত্ব কৰি ২০১১ চনত বিধায়িকাৰূপে নিৰ্বাচিত হোৱা বিস্মিতা গগৈয়ে ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিব পাৰে বুলি ওলোৱা খবৰে ৰাজ্যৰ ৰাজনীতিত ব্যাপক চৰ্চা লাভ কৰা পৰিলক্ষিত হৈছিল৷ প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ কাৰ্যকালত সাংস্কৃতিক পৰিক্ৰমা, হস্ততাঁত বস্ত্ৰশিল্প বিভাগৰ মন্ত্ৰীৰূপে কাৰ্যনিৰ্বাহ কৰা কংগ্ৰেছৰ জ্যেষ্ঠ নেত্ৰীগৰাকীয়ে কংগ্ৰেছ দল ত্যাগ কৰিব বুলি সংবাদ মাধ্যমত বাতৰি সম্প্ৰচাৰ হোৱাত কংগ্ৰেছৰ ভিতৰচ’ৰাতো উঠিছিল জোকাৰণি৷ খবৰ অনুসৰি, ডিব্ৰুগড়ত বাহৰ পাতি থকা বিস্মিতা গগৈক শেহতীয়া এখন সভালৈও আমন্ত্ৰণ জনোৱাৰ পৰা বিৰত আছিল অসম প্ৰদেশ কংগ্ৰেছ সমিতি৷ সাংবাদিকে বিস্মিতা গগৈয়ে কংগ্ৰেছ দল ত্যাগ কৰিব নেকি বুলি সোধাত কংগ্ৰেছ বিধায়ক দেৱব্ৰত শইকীয়াই বিষয়টো এৰাই চলা পৰিলক্ষিত হৈছিল৷

আজিৰ দিনটোতেই ডিব্ৰুগড়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত বিস্মিতা গগৈয়ে কংগ্ৰেছ এৰি বিজেপিত যোগদান কৰিব বুলি খবৰ ওলাইছিল৷ কিন্তু, গগৈৰ আশাত চেচাপানী ঢালি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰধানমন্ত্ৰীৰ সভাত যোগদানৰ ভাগ্য কাৰো হোৱা নাই বুলি কৈ তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছিল৷ মুখ্যমন্ত্ৰীৰ মন্তব্যতেই স্পষ্ট হৈ পৰিছিল যে প্ৰধানমন্ত্ৰীৰ সভাত বিস্মিতা গগৈৰ বিজেপিত যোগদান সম্ভৱ নহ’বগৈ৷ বিজেপিত যোগদান কৰিব বুলি ঘনাই ওলোৱা খবৰৰ পাছতো এইপৰ্যন্ত মুখ খোলা নাই কংগ্ৰেছৰ জ্যেষ্ঠ নেত্ৰীগৰাকীয়ে৷ 

এতিয়া প্ৰশ্ন হয়, প্ৰধানমন্ত্ৰী মোদীৰ সভাত নহ’লেও খুব কম দিনৰ ভিতৰতে আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰাৰ সম্ভাৱনা আছে বিস্মিতা গগৈৰ৷ কিন্তু, বিস্মিতা গগৈৰ সম্ভাৱ্য যোগদানক লৈ এতিয়া বিজেপিত চলিছে নিমিলা অংক৷ কিয়নো, বিস্মিতা গগৈয়ে এসময়ত প্ৰতিনিধিত্ব কৰা খুমটাই সমষ্টিৰ বিধায়ক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে জ্যেষ্ঠ বিজেপি নেতা মৃণাল শইকীয়াই৷ যদিহে বিস্মিতা গগৈয়ে পৰৱৰ্তী বিধানসভা নিৰ্বাচনত খুমটাই সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰে তেন্তে কি হ’ব মৃণাল শইকীয়াৰ ভৱিষ্যৎ? বিশ্বস্ত সূত্ৰৰ পৰা জানিব পৰা মতে, খুমটাইৰ বৰ্তমানৰ বিধায়ক মৃণাল শইকীয়াক লোকসভা নিৰ্বাচনৰ সময়ত কলিয়াবৰৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰি বিস্মিতা গগৈক খুমটাইত উপ-নিৰ্বাচনৰ জৰিয়তে জয়ী কৰি অনোৱাৰ পৰিকল্পনা প্ৰস্তুত কৰিছে ৰাজ্যিক বিজেপিয়ে৷ কিয়নো, খুমটাইৰ বাহিৰে কাষৰীয়া অন্য সমষ্টিৰ দুৱাৰ মুকলি হৈ থকা নাই বিস্মিতাৰ বাবে৷ কিয়নো, গোলাঘাট সমষ্টিক প্ৰতিনিধিত্ব কৰি আছে বৰ্তমানৰ বিত্তমন্ত্ৰী অজন্তা নেওগে৷ একেদৰে, বোকাখাট সমষ্টিক প্ৰতিনিধিত্ব কৰি আছে কৃষিমন্ত্ৰী অতুল বৰাই৷ সেইফালৰ পৰা অজন্তা নেওগ অথবা অতুল বৰাক আঁতৰাই বিস্মিতা গগৈক সংস্থাপিত কৰাৰ সম্ভাৱনা তেনেই ক্ষীণ৷ সেই পৰিপ্ৰেক্ষিতত মৃণাল শইকীয়াক কলিয়াবৰ লোকসভা সমষ্টিত প্ৰাৰ্থিত্ব প্ৰদান কৰি খুমটাইতে বিস্মিতা গগৈক সংস্থাপিত কৰিব বিচাৰিছে ৰাজ্যিক বিজেপিয়ে৷ 

আকৌ, মৃণাল শইকীয়াক কলিয়াবৰ লোকসভা সমষ্টিত প্ৰাৰ্থিত্ব প্ৰদানৰ বিষয়টোক লৈও বিজেপিত মিলি অহা নাই অংক৷ কিয়নো, কলিয়াবৰত বিজেপিৰ প্ৰাৰ্থী হিচাপে মৃণাল শইকীয়াক প্ৰাৰ্থিত্ব প্ৰদান কৰিবলগীয়া হ’লে কলিয়াবৰৰ নেতা, অগপৰ মণিমাধৱ মহন্তৰ দুৱাৰ ৰুদ্ধ হৈ পৰাৰ সম্ভাৱনাই অধিক৷ আনহাতে, কেশৱ মহন্তৰ ভাতৃ মণিমাধৱ মহন্তকো বঞ্চিত কৰিব খোজা নাই ৰাজ্যিক বিজেপিয়ে৷ সেয়ে এতিয়া বিস্মিতা গগৈৰ সম্ভাৱ্য যোগদানৰ খবৰে আউল লগাইছে বিজেপিৰ অংকত৷ পৰৱৰ্তী সময়ত লক্ষ্যণীয় হ’ব, যদি বিস্মিতা গগৈয়ে বিজেপিত যোগদান কৰে, তেন্তে কি হ’ব ৰাজ্যিক বিজেপিৰ ৰাজনৈতিক সমীকৰণ৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ