--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ক্ৰিকেটৰ সৰ্বোচ্চ সংস্থা আইচিচিয়ে ২০২৪ বৰ্ষৰ শ্ৰেষ্ঠ টেষ্ট ক্ৰিকেটাৰৰ সন্মান আগবঢ়াইছে ভাৰতীয় তাৰকা পেচাৰ যশপ্ৰীত বুমৰাহলৈ৷ বিগত বৰ্ষত খেলুৱৈ গৰাকীৰ উল্লেখযোগ্য প্ৰদৰ্শনৰ স্বীকৃতি হিচাপে ভাৰতীয় বেগী বলাৰ গৰাকীলৈ এই সন্মান৷ ইায়াৰ পিছতে ICC-ৰ বৰ্ষশ্ৰেষ্ঠ ক্ৰিকেটাৰৰ বঁটা লাভ কৰা ষষ্ঠজন ভাৰতীয় হিচাপে পৰিগণিত হয় যশপ্ৰীত বুমৰাহ৷   

খেলুৱৈ গৰাকীয়ে ১৩খন মেচত ৭১টা উইকেটৰে টেষ্ট ক্ৰিকেটৰ তালিকাৰ শীৰ্ষস্থান দখল কৰিছিল৷ এই বঁটা লাভ কৰি ভাৰতীয় ক্ৰিকেট ইতিহাসত নিজৰ স্থান সুদৃঢ় কৰি তুলিলে বুমৰাহে। উল্লেখ্য যে পিঠিৰ আঘাতৰ পৰা সুস্থ হৈ ২০২৩ চনৰ শেষৰ ফালে টেষ্ট ক্ৰিকেটলৈ প্ৰত্যাৱৰ্তনৰ পিছতে বুমৰাহ স্বভাৱসিদ্ধ প্ৰদৰ্শনেৰে উজলি উঠিছিল। তেওঁ বিগত বৰ্ষত তেওঁ টেষ্ট ফৰ্মেটত সৰ্বাধিক উইকেট দখলকাৰী বলাৰ হিচাপে পৰিগণিত হৈছিল।

উল্লেখ্যযোগ্য যে যশপ্ৰীত বুমৰাহ আইচিচিৰ বৰ্ষশ্ৰেষ্ঠ টেষ্ট ক্ৰিকেটাৰৰ বঁটা লাভ কৰা ষষ্ঠগৰাকী ভাৰতীয় তাৰকা। ইয়াৰ পূৰ্বে ৰাহুল দ্ৰাবিড়, গৌতম গম্ভীৰ, বীৰেন্দ্ৰ ছেহৱাগ, ৰবিচন্দ্ৰন অশ্বিন আৰু বিৰাট কোহলীয়েহে বৰ্ষশ্ৰেষ্ঠ টেষ্ট ক্ৰিকেটাৰৰ বঁটা লাভ কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
Post