--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ক্ৰিকেটৰ সৰ্বোচ্চ সংস্থা আইচিচিয়ে ২০২৪ বৰ্ষৰ শ্ৰেষ্ঠ টেষ্ট ক্ৰিকেটাৰৰ সন্মান আগবঢ়াইছে ভাৰতীয় তাৰকা পেচাৰ যশপ্ৰীত বুমৰাহলৈ৷ বিগত বৰ্ষত খেলুৱৈ গৰাকীৰ উল্লেখযোগ্য প্ৰদৰ্শনৰ স্বীকৃতি হিচাপে ভাৰতীয় বেগী বলাৰ গৰাকীলৈ এই সন্মান৷ ইায়াৰ পিছতে ICC-ৰ বৰ্ষশ্ৰেষ্ঠ ক্ৰিকেটাৰৰ বঁটা লাভ কৰা ষষ্ঠজন ভাৰতীয় হিচাপে পৰিগণিত হয় যশপ্ৰীত বুমৰাহ৷   

খেলুৱৈ গৰাকীয়ে ১৩খন মেচত ৭১টা উইকেটৰে টেষ্ট ক্ৰিকেটৰ তালিকাৰ শীৰ্ষস্থান দখল কৰিছিল৷ এই বঁটা লাভ কৰি ভাৰতীয় ক্ৰিকেট ইতিহাসত নিজৰ স্থান সুদৃঢ় কৰি তুলিলে বুমৰাহে। উল্লেখ্য যে পিঠিৰ আঘাতৰ পৰা সুস্থ হৈ ২০২৩ চনৰ শেষৰ ফালে টেষ্ট ক্ৰিকেটলৈ প্ৰত্যাৱৰ্তনৰ পিছতে বুমৰাহ স্বভাৱসিদ্ধ প্ৰদৰ্শনেৰে উজলি উঠিছিল। তেওঁ বিগত বৰ্ষত তেওঁ টেষ্ট ফৰ্মেটত সৰ্বাধিক উইকেট দখলকাৰী বলাৰ হিচাপে পৰিগণিত হৈছিল।

উল্লেখ্যযোগ্য যে যশপ্ৰীত বুমৰাহ আইচিচিৰ বৰ্ষশ্ৰেষ্ঠ টেষ্ট ক্ৰিকেটাৰৰ বঁটা লাভ কৰা ষষ্ঠগৰাকী ভাৰতীয় তাৰকা। ইয়াৰ পূৰ্বে ৰাহুল দ্ৰাবিড়, গৌতম গম্ভীৰ, বীৰেন্দ্ৰ ছেহৱাগ, ৰবিচন্দ্ৰন অশ্বিন আৰু বিৰাট কোহলীয়েহে বৰ্ষশ্ৰেষ্ঠ টেষ্ট ক্ৰিকেটাৰৰ বঁটা লাভ কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ