--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতৰ ১৯ বছৰ অনূৰ্ধ্ব মহিলা দলে অভিলেখ সৃষ্টি কৰিছে। ১৯ বছৰ অনূৰ্ধ্ব মহিলা টি-২০ বিশ্বকাপ ২০২৫ৰ খিতাপ দখল কৰিছে টিম ইণ্ডিয়াই।

 ফাইনেলত দক্ষিণ আফ্ৰিকাক ৯ উইকেটত পৰাস্ত কৰে। বিশেষ কথাটো হ’ল প্ৰতিযোগিতাখনত খেলা সকলো খেলতে ভাৰতে জয়লাভ কৰে। এটা মেচতো তেওঁলোক পৰাজয়ৰ সন্মুখীন হোৱা নাছিল। গী তৃষাই টিম ইণ্ডিয়াৰ হৈ প্ৰতিযোগিতাখনত উজ্জ্বল প্ৰদৰ্শন আগবঢ়ায়। সৰ্বোচ্চ ৰান সংগ্ৰহৰ ক্ষেত্ৰত শীৰ্ষত থাকিল তেওঁ।

ফাইনেলত ভাৰতৰ বিৰুদ্ধে অল আউট হোৱাৰ পূৰ্বে দক্ষিণ আফ্ৰিকাই ৮২ ৰান সংগ্ৰহ কৰে। এই সময়ছোৱাত ৱৰ্ষ্টে দলটোৰ হৈ সৰ্বাধিক ৰান সংগ্ৰহ কৰে। ১৮টা বলৰ সন্মুখত ২৩ ৰান সংযোজন কৰে। এই সময়ছোৱাত তেওঁ ৩টা চাৰি কৰিবলৈ সক্ষম হয়। অ’পেনাৰ গেমা বোথাই ১৬ ৰান সংগ্ৰহ কৰি আউট হৈছিল। এই সময়ছোৱাত তৃষাই ভাৰতৰ হৈ ৩টা উইকেট দখল কৰে। পাৰুণিকা আৰু আয়ুষী শুক্লাই ২টাকৈ উইকেট দখল কৰে। বৈষ্ণৱীয়েও ২টা উইকেট দখল কৰে।

দক্ষিণ আফ্ৰিকাই নিৰ্ধাৰিত লক্ষ্যত উপনীত হ’বলৈ ভাৰতীয় দলটোৱে মাত্ৰ ১ উইকেট হেৰুৱাই ১১.২ অভাৰত নিজৰ লক্ষ্যত অতিক্ৰম কৰে। টিম ইণ্ডিয়াৰ হৈ অ’পেনাৰ হিচাপে আহিছিল জি কমলিনী আৰু জি তৃষা। মাত্ৰ ৮ ৰান সংগ্ৰহ কৰি আউট হৈছিল কমালীনী। তৃষাই ৪৪ ৰানৰ অপৰাজিত ইনিংছ খেলিছিল। তেওঁ ৩৩টা বলৰ মুখামুখি হৈছিল আৰু ৮টা চাৰি মাৰিছিল। ছানিকা চালকেই ২৬ ৰানৰ অপৰাজিত ইনিংছ খেলিছিল। তেওঁ ৪টা চাৰি মাৰিলে। এইদৰে ভাৰতে ৯ উইকেটত ফাইনেলত জয়লাভ কৰে।

উল্লেখ্য যে ভাৰতে ১৯ বছৰ অনূৰ্ধ্ব মহিলা টি-২০ বিশ্বকাপ ২০২৫ৰ প্ৰথমখন মেচত ৱেষ্ট ইণ্ডিজক পৰাস্ত কৰিছিল। ইয়াৰ পিছত মালয়েছিয়া, শ্ৰীলংকা আৰু বাংলাদেশৰ বিৰুদ্ধে বৃহৎ জয়লাভ কৰে। স্কটলেণ্ড আৰু ইংলেণ্ডকো পৰাস্ত কৰে টিম ইণ্ডিয়াই। এতিয়া ফাইনেলত দক্ষিণ আফ্ৰিকাক ৯ উইকেটত পৰাস্ত কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
Post