--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতৰ ১৯ বছৰ অনূৰ্ধ্ব মহিলা দলে অভিলেখ সৃষ্টি কৰিছে। ১৯ বছৰ অনূৰ্ধ্ব মহিলা টি-২০ বিশ্বকাপ ২০২৫ৰ খিতাপ দখল কৰিছে টিম ইণ্ডিয়াই।

 ফাইনেলত দক্ষিণ আফ্ৰিকাক ৯ উইকেটত পৰাস্ত কৰে। বিশেষ কথাটো হ’ল প্ৰতিযোগিতাখনত খেলা সকলো খেলতে ভাৰতে জয়লাভ কৰে। এটা মেচতো তেওঁলোক পৰাজয়ৰ সন্মুখীন হোৱা নাছিল। গী তৃষাই টিম ইণ্ডিয়াৰ হৈ প্ৰতিযোগিতাখনত উজ্জ্বল প্ৰদৰ্শন আগবঢ়ায়। সৰ্বোচ্চ ৰান সংগ্ৰহৰ ক্ষেত্ৰত শীৰ্ষত থাকিল তেওঁ।

ফাইনেলত ভাৰতৰ বিৰুদ্ধে অল আউট হোৱাৰ পূৰ্বে দক্ষিণ আফ্ৰিকাই ৮২ ৰান সংগ্ৰহ কৰে। এই সময়ছোৱাত ৱৰ্ষ্টে দলটোৰ হৈ সৰ্বাধিক ৰান সংগ্ৰহ কৰে। ১৮টা বলৰ সন্মুখত ২৩ ৰান সংযোজন কৰে। এই সময়ছোৱাত তেওঁ ৩টা চাৰি কৰিবলৈ সক্ষম হয়। অ’পেনাৰ গেমা বোথাই ১৬ ৰান সংগ্ৰহ কৰি আউট হৈছিল। এই সময়ছোৱাত তৃষাই ভাৰতৰ হৈ ৩টা উইকেট দখল কৰে। পাৰুণিকা আৰু আয়ুষী শুক্লাই ২টাকৈ উইকেট দখল কৰে। বৈষ্ণৱীয়েও ২টা উইকেট দখল কৰে।

দক্ষিণ আফ্ৰিকাই নিৰ্ধাৰিত লক্ষ্যত উপনীত হ’বলৈ ভাৰতীয় দলটোৱে মাত্ৰ ১ উইকেট হেৰুৱাই ১১.২ অভাৰত নিজৰ লক্ষ্যত অতিক্ৰম কৰে। টিম ইণ্ডিয়াৰ হৈ অ’পেনাৰ হিচাপে আহিছিল জি কমলিনী আৰু জি তৃষা। মাত্ৰ ৮ ৰান সংগ্ৰহ কৰি আউট হৈছিল কমালীনী। তৃষাই ৪৪ ৰানৰ অপৰাজিত ইনিংছ খেলিছিল। তেওঁ ৩৩টা বলৰ মুখামুখি হৈছিল আৰু ৮টা চাৰি মাৰিছিল। ছানিকা চালকেই ২৬ ৰানৰ অপৰাজিত ইনিংছ খেলিছিল। তেওঁ ৪টা চাৰি মাৰিলে। এইদৰে ভাৰতে ৯ উইকেটত ফাইনেলত জয়লাভ কৰে।

উল্লেখ্য যে ভাৰতে ১৯ বছৰ অনূৰ্ধ্ব মহিলা টি-২০ বিশ্বকাপ ২০২৫ৰ প্ৰথমখন মেচত ৱেষ্ট ইণ্ডিজক পৰাস্ত কৰিছিল। ইয়াৰ পিছত মালয়েছিয়া, শ্ৰীলংকা আৰু বাংলাদেশৰ বিৰুদ্ধে বৃহৎ জয়লাভ কৰে। স্কটলেণ্ড আৰু ইংলেণ্ডকো পৰাস্ত কৰে টিম ইণ্ডিয়াই। এতিয়া ফাইনেলত দক্ষিণ আফ্ৰিকাক ৯ উইকেটত পৰাস্ত কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ