--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অভিষেক শৰ্মাই ৰচিলে ইতিহাস । ইংলেণ্ডৰ বিৰুদ্ধে দুৰ্দান্ত শতক অৰ্জন কৰিছে অভিষেক শৰ্মাই । ভাৰত আৰু ইংলেণ্ডৰ মাজত চলি থকা ছিৰিজৰ পঞ্চমখন খেলত অভিষেকেৰ আচৰিত প্ৰদৰ্শন। মাত্ৰ ৩৭টা বলত তেওঁ শতক সম্পূৰ্ণ কৰে। ভাৰতৰ হৈ টি-২০ ইণ্টাৰনেশ্যনেলত সৰ্বাধিক দ্ৰুততম শতক অৰ্জন কৰা অভিষেক দ্বিতীয়গৰাকী খেলুৱৈ হিচাপে পৰিগণিত হৈছে। টিম ইণ্ডিয়াৰ হৈ ৩৫টা বলত শতক অৰ্জন কৰা প্ৰথমজন খেলুৱৈ ৰোহিত শৰ্মা।

মুম্বাই টি-২০ খেলত ভাৰতৰ হৈ অ’পেনাৰ হিচাপে আহিছিল অভিষেক। এই সময়লৈকে তেওঁ ৩৯টা বলত ১০১ ৰান সংগ্ৰহ কৰিছে। অভিষেকৰ ইনিংছত ৫টা চাৰি আৰু ১০টা ছয় কৰিছে। অভিষেকৰ বাবেই বিস্ফোৰক আৰম্ভণি লাভ কৰিলে টিম ইণ্ডিয়াই। অভিষেকে পাৱাৰ প্লে’ৰ সময়তে নিজৰ অৰ্ধশতক সম্পূৰ্ণ কৰিছিল। ইয়াৰ পাছতে খেলখনৰ ১১ অভাৰত শতক সম্পূৰ্ণ কৰে।

টি-২০ ইণ্টাৰনেশ্যনেলত অভিষেকৰ এয়া দ্বিতীয় শতক। ভাৰতৰ হৈ এই ফৰ্মেটত সৰ্বাধিক শতক অৰ্জন কৰিছে ৰোহিত শৰ্মাই। ৫টা শতক অৰ্জন কৰিছে ৰোহিতে। ৪ শতকৰে দ্বিতীয় স্থানত আছে সূৰ্যকুমাৰ যাদৱ। টিম ইণ্ডিয়াৰ হৈ সঞ্জু চেমছনে ৩টা শতক অৰ্জন কৰিছে। তিলক বৰ্মা, কে এল ৰাহুল আৰু অভিষেকে দুটাকৈ শতক অৰ্জন কৰিছে।

ভাৰতৰ হৈ সৰ্বাধিক দ্ৰুত টি-২০ আন্তঃৰাষ্ট্ৰীয় শতক অৰ্জন কৰাৰ অভিলেখ পঞ্জীয়ন হৈছে ৰোহিত শৰ্মাৰ নামত। ২০১৭ চনত শ্ৰীলংকাৰ বিৰুদ্ধে ৩৫টা বলত শতক অৰ্জন কৰিছিল ৰোহিতে। অৱশ্যে এই অভিলেখ ভংগ কৰিব নোৱাৰিলে অভিষেকে। জিম্বাবুৱেৰ বিৰুদ্ধে ৩৩টা বলত শতক অৰ্জন কৰিছে ছিকন্দৰ ৰাজাই। তেওঁ গাম্বিয়াৰ বিৰুদ্ধে শতক অৰ্জন কৰে। দক্ষিণ আফ্ৰিকাৰ ডেভিদ মিলাৰে ৩৫টা বলত শতক অৰ্জন কৰিছে।

আন্তঃৰাষ্ট্ৰীয় টি-২০ত সৰ্বাধিক দ্ৰুত শতক অৰ্জন কৰা খেলুৱৈ -

৩৫ বল - ডেভিদ মিলাৰ বনাম বাংলাদেশ, পটচেফষ্ট্ৰুম ২০১৭
৩৫ বল - ৰোহিত শৰ্মা বনাম শ্ৰীলংকা, ইন্দোৰ ২০১৭
৩৭ বল - অভিষেক শৰ্মা বনাম ইংলেণ্ড ৱানখেদে ২০২৫
৩৯ বল - জনছন চাৰ্লছ বনাম দক্ষিণ আফ্ৰিকা, চেঞ্চুৰিয়ান ২০২৩
৪০ বল - সঞ্জু চেমচন বনাম বাংলাদেশ, হায়দৰাবাদ ২০২৪

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজবীৰৰ কণ্ঠত মুক্তি পালে এক ব্যতিক্ৰমী নতুন অসমীয়া গীত ‘অনুৰোধ’
ইউৰোপত উৎকট গৰম; ১০ সহস্রাধিক লোকৰ মৃত্যু
অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত আধুনিক ৰূপ লাভ কৰিলে মাজবাট ৰে’লৱে ষ্টেচনে
লক্ষ্ণৌৰ 5-ষ্টাৰ হোটেলত ৰহস্যজনক অৱস্থাত যুৱ বিজ্ঞানীৰ মৃতদেহ উদ্ধাৰ, বিচনাৰ কাষত পোৱা গ’ল বমিৰ দাগ
বান গ’ল, কিন্তু শেষ হোৱা নাই দুৰ্ভোগ; নৰক যন্ত্ৰণা, আৱৰ্জনা, দুৰ্গন্ধ আৰু ৰোগৰ আতংকত জোনাইৰ মধুপুৰ-অৰুণ চাপৰি ৰাইজ
বজালীত শোকাৱহ অঘটন; কালদিয়া নৈ পাৰ হ’বলৈ গৈ উটি গ’ল বৃদ্ধ কৃষক
অতি উপকাৰী পাচলি কোমোৰা; গুণাগুণসমূহ জানো আহক
বিষ্ণয় গেঙৰ সন্ধানত অপাৰেশ্যন ‘হার্ড বল’
পৰাজয়ৰ ক্ষোভত ফাটি পৰিছে ইজিপ্ত; আর্জেণ্টিনাৰ বিজয়ক ‘ফিক্সিং’ আখ্যা ইজিপ্তৰ
যুদ্ধ আৰম্ভ, লগে লগে শ্বেয়াৰ বজাৰত বিপৰ্যয়; খাৰুৱা তেলৰ দাম ৬% বৃদ্ধি
নাৰায়ণপুৰৰ ধলপুৰত শহুৰেকৰ ঘৰত হাতত চোকা দা লৈ জোঁৱায়েকৰ ভয়ংকৰ তাণ্ডৱ
শিক্ষকতাত কালিমা! আনৰ পত্নীৰ সৈতে অবৈধ সম্পৰ্ক স্থাপন কৰিবলৈ গৈ আৰক্ষীৰ জালত পৰিল ধুবুৰীৰ এজন প্ৰধান শিক্ষক
চামগুৰিত নৃশংস হত্যাকাণ্ড; স্বামীৰ আক্ৰমণত প্ৰাণ গ’ল পত্নীৰ, সংকটজনক অৱস্থাত চিকিৎসাধীন মাতৃ
লখিমপুৰত জালনোট চক্ৰৰ বিৰুদ্ধে অভিযান; এনকাউণ্টাৰত আহত ২, মাষ্টাৰমাইণ্ডসহ ১৩ জনক গ্ৰেপ্তাৰ
Advertisement