--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আকৌ জ্বলি উঠিব নেকি নাগালেণ্ড। নগা সশস্ত্ৰ সংগঠন এন এছ চি এনে(আই এম) তেওঁলোকৰ দাবীসমূহৰ বিষয়ে আলোচনা কৰিবলৈ তৃতীয় পক্ষৰ হস্তক্ষেপৰ আহ্বন নগাসকলৰ।  নাগালেণ্ডৰ নেশ্যনেল ছ’চিয়েলিষ্ট কাউন্সিল(ইছাক-মুইভা) বা এন এছ চি এন (আই এম)ৰ প্ৰস্তাৱ নাকচ হ’লে তেওঁলোকে পুনৰ সশস্ত্ৰ প্ৰতিৰোধ আৰম্ভ কৰাৰ হুংকাৰ দিছে। এন এছ চি এনে(আই এম) বিশেষকৈ নগাসকলৰ বাবে সুকীয়া পতাকা আৰু সংবিধানৰ দাবী সন্দৰ্ভত আলোচনা কৰিবলৈ তৃতীয় পক্ষৰ হস্তক্ষেপ বিচাৰিছে।

বিদ্ৰোহী সংগঠনটোৱে ১৯৯৭ চনত যুদ্ধবিৰতি চুক্তিত লিপ্ত হৈছিল আৰু ২০১৫ চনৰ ৩ আগষ্টত কেন্দ্ৰ আৰু এন এছ চি এন (আই এম)ৰ মাজত স্বাক্ষৰিত হোৱা ফ্ৰেমৱৰ্ক চুক্তিক প্ৰতাৰণা কৰাৰ অভিযোগ উত্থাপন কৰিছে এন এছ চি এনে।

এক বিবৃতিত সংগঠনটোৰ সাধাৰণ সম্পাদক থুইংগালেং মুইভাই দাবী কৰে যে কেন্দ্ৰই ইচ্ছাকৃতভাৱে ফ্ৰেমৱৰ্ক এগ্ৰিমেন্টৰ মূল বিধানসমূহ য’ত নগাৰ ৰাষ্ট্ৰীয় পতাকা আৰু সংবিধানৰ স্বীকৃতিক সন্মান কৰিবলৈ অস্বীকাৰ কৰিছে। যাৰ বাবে পুনৰ সশস্ত্ৰ সংগ্ৰামৰ হুংকাৰ দিছে কেন্দ্ৰক। লগতে কয় ভৰতে এই ইচ্ছাকৃত বিশ্বাসঘাটকতাৰ বোজা বহন কৰিব লাগিব ।

নাগালিমৰ অনন্য ইতিহাস আৰু সাৰ্বভৌমত্ব তথা এই নীতিসমূহ যিকোনো ৰাজনৈতিক মীমাংসাত আপোচ নহয় বুলি সদৰি কৰে মুইভাই। নাগালেণ্ড, মণিপুৰ, অসম, অৰুণাচল প্ৰদেশ আৰু ম্যানমাৰকে ধৰি ৰাজ্যসমূহৰ যিবিলাক অংশত নগা জনগণে বসবাস কৰি আছে সেই অঞ্চলসমূহ সুৰক্ষিত কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ বুলি সদৰি কৰে এন এছ চি এনৰ সম্পাদক গৰাকীয়ে।

নাগাসকলৰ এই ৰাজনৈতিক বিষয়সমূহৰ প্ৰধানত নাগাসকলৰ সুকীয়া পতাকা আৰু সংবিধানক আনুষ্ঠানিকভাৱে স্বীকাৰ কৰিবলৈ অস্বীকাৰ কৰি কেন্দ্ৰই চুক্তিখনক সম্পূৰ্ণৰূপে প্ৰতাৰণা কৰিছে বুলি দাবী কৰৰা লগতে কয় এই প্ৰতিশ্ৰুতিসমূহক সন্মান নকৰাৰ বাবে শান্তি প্ৰক্ৰিয়া ব্যাহত হ’ব পাৰে বুলিও কেন্দ্ৰক সকীয়াই দিছে সংগঠনটোৱে। সেয়ে সংগঠনটোৱে ৰাজনৈতিক সমস্যা সমাধানৰ বাবে তৃতীয় পক্ষৰ হস্তক্ষেপ বিচাৰিছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিদ্যুৎ বিভাগৰ কাৰ্যালয়ত চোৰৰ সন্ত্ৰাস ! লুটি নিলে ইনভাৰ্টাৰ,বেটাৰী,পানী উঠোৱা মটৰ আৰু বৈদ্যুতিক তাঁৰ
অনিশ দয়াল সিঙক ভাৰতৰ উপ-ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা নিযুক্তি
পাক-ভাৰত সীমান্তৰ পৰা ১৫ পাকিস্তানী মাছমৰীয়াক আটক
'বিশ্ব অর্থনীতিৰ প্ৰৱাহ সলনি কৰিব পৰা শক্তিৰ অধিকাৰী হৈছে ভাৰত', 'ইক 'নমিক টাইম'ৰ ৱৰ্ল্ড লীডাৰ্ছ ফ'ৰামত প্ৰধানমন্ত্ৰীৰ দাবী
পণবন্দীৰ মুক্তিৰ দাবীত ৰাজপথ উত্তাল কৰিলে সহস্রাধিক ইজৰাইলীয়ে
বৰপেটাৰোডত অবৈধ ৬ টকীয়া লটাৰী টিকট বিক্ৰেতাক আটক
অধিনায়কত্ব হেৰুৱাব পাৰে সূৰ্যকুমাৰ যাদৱে
ভাৰতত আৰম্ভ হ'ল iphone 17 ৰ উৎপাদন! ভাৰতৰ কোনবোৰ ৰাজ্যত আইফোন তৈয়াৰ কৰা হয় জানেনে?
সলনি হ'ব পাৰে GMCHৰ অধ্যক্ষ ; ডাঃ অচ্যুত বৈশ্যক শাস্তিমুলক বদলিৰ সম্ভাৱনা
৬ হাজাৰ ছাত্ৰৰ ভিছা বাতিল আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ৰ
ৰাজ্যৰ বনাঞ্চলত উচ্ছেদক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়
আলমণ্ডৰ পৰা তৈয়াৰ কৰা গাখীৰ খোৱাটো কিমান উপকাৰী? জানি লওক সবিশেষ
নাম-কীৰ্তনেৰে মুখৰ ৰাজ্যৰ সত্ৰ-নামঘৰ, আৰম্ভ হ'ল পৱিত্ৰ ভাদ মাহ
২০ আগষ্টত 'চতিয়া দিৱস'ৰ প্ৰস্তুতি, ৰাজ্যিক স্বীকৃতিৰ পাছত প্ৰথমবাৰৰ বাবে চৰকাৰীভাৱে হ'ব উদযাপন