--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আকৌ জ্বলি উঠিব নেকি নাগালেণ্ড। নগা সশস্ত্ৰ সংগঠন এন এছ চি এনে(আই এম) তেওঁলোকৰ দাবীসমূহৰ বিষয়ে আলোচনা কৰিবলৈ তৃতীয় পক্ষৰ হস্তক্ষেপৰ আহ্বন নগাসকলৰ।  নাগালেণ্ডৰ নেশ্যনেল ছ’চিয়েলিষ্ট কাউন্সিল(ইছাক-মুইভা) বা এন এছ চি এন (আই এম)ৰ প্ৰস্তাৱ নাকচ হ’লে তেওঁলোকে পুনৰ সশস্ত্ৰ প্ৰতিৰোধ আৰম্ভ কৰাৰ হুংকাৰ দিছে। এন এছ চি এনে(আই এম) বিশেষকৈ নগাসকলৰ বাবে সুকীয়া পতাকা আৰু সংবিধানৰ দাবী সন্দৰ্ভত আলোচনা কৰিবলৈ তৃতীয় পক্ষৰ হস্তক্ষেপ বিচাৰিছে।

বিদ্ৰোহী সংগঠনটোৱে ১৯৯৭ চনত যুদ্ধবিৰতি চুক্তিত লিপ্ত হৈছিল আৰু ২০১৫ চনৰ ৩ আগষ্টত কেন্দ্ৰ আৰু এন এছ চি এন (আই এম)ৰ মাজত স্বাক্ষৰিত হোৱা ফ্ৰেমৱৰ্ক চুক্তিক প্ৰতাৰণা কৰাৰ অভিযোগ উত্থাপন কৰিছে এন এছ চি এনে।

এক বিবৃতিত সংগঠনটোৰ সাধাৰণ সম্পাদক থুইংগালেং মুইভাই দাবী কৰে যে কেন্দ্ৰই ইচ্ছাকৃতভাৱে ফ্ৰেমৱৰ্ক এগ্ৰিমেন্টৰ মূল বিধানসমূহ য’ত নগাৰ ৰাষ্ট্ৰীয় পতাকা আৰু সংবিধানৰ স্বীকৃতিক সন্মান কৰিবলৈ অস্বীকাৰ কৰিছে। যাৰ বাবে পুনৰ সশস্ত্ৰ সংগ্ৰামৰ হুংকাৰ দিছে কেন্দ্ৰক। লগতে কয় ভৰতে এই ইচ্ছাকৃত বিশ্বাসঘাটকতাৰ বোজা বহন কৰিব লাগিব ।

নাগালিমৰ অনন্য ইতিহাস আৰু সাৰ্বভৌমত্ব তথা এই নীতিসমূহ যিকোনো ৰাজনৈতিক মীমাংসাত আপোচ নহয় বুলি সদৰি কৰে মুইভাই। নাগালেণ্ড, মণিপুৰ, অসম, অৰুণাচল প্ৰদেশ আৰু ম্যানমাৰকে ধৰি ৰাজ্যসমূহৰ যিবিলাক অংশত নগা জনগণে বসবাস কৰি আছে সেই অঞ্চলসমূহ সুৰক্ষিত কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ বুলি সদৰি কৰে এন এছ চি এনৰ সম্পাদক গৰাকীয়ে।

নাগাসকলৰ এই ৰাজনৈতিক বিষয়সমূহৰ প্ৰধানত নাগাসকলৰ সুকীয়া পতাকা আৰু সংবিধানক আনুষ্ঠানিকভাৱে স্বীকাৰ কৰিবলৈ অস্বীকাৰ কৰি কেন্দ্ৰই চুক্তিখনক সম্পূৰ্ণৰূপে প্ৰতাৰণা কৰিছে বুলি দাবী কৰৰা লগতে কয় এই প্ৰতিশ্ৰুতিসমূহক সন্মান নকৰাৰ বাবে শান্তি প্ৰক্ৰিয়া ব্যাহত হ’ব পাৰে বুলিও কেন্দ্ৰক সকীয়াই দিছে সংগঠনটোৱে। সেয়ে সংগঠনটোৱে ৰাজনৈতিক সমস্যা সমাধানৰ বাবে তৃতীয় পক্ষৰ হস্তক্ষেপ বিচাৰিছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ