--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: মধ্যপ্ৰদেশৰ ৰেৱাৰ বাসিন্দা আৰু নিজৰ মন্তব্যৰ বাবে শিৰোনাম দখল কৰা বিজেপিৰ সাংসদ জনাৰ্দন মিশ্ৰই পুনৰবাৰ এক অদ্ভুত মন্তব্য প্ৰদান কৰিছে। শনিবাৰে (৯ নৱেম্বৰ) অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ হীৰক জয়ন্তী কাৰ্যসূচীত অংশগ্ৰহণ কৰে জনাৰ্দন মিশ্ৰই। তেওঁ কয় যে ‘আজিকালি মানুহে অনলাইন বিয়া পাতিছে। পঞ্চাশ-ষাঠি বছৰৰ পাছত যেতিয়া অনলাইন সন্তান জন্ম হ’ব, তেতিয়া সেইবোৰ ষ্টীলৰ হ’ব নে মাংস নে হাড়ৰ?’ 


তেওঁ ক'লে, "আপোনালোক অভিযন্তাসকলে এই প্ৰত্যাহ্বান সমাধান কৰিব লাগিব। কাৰণ মোবাইল ফোন আপোনালোকৰ দৰে অভিযন্তাইহে বনাইছে। মই এনেকৈয়ে ভাৱো , কিন্তু এতিয়া পতি-পত্নী একেলগে শুই থকাৰ পিছতো বিপৰীতমুখী। দুয়োজনে মোবাইল ভাল পায়।" এইটোৰ কাৰণেই স্বামী-স্ত্ৰীয়ে মুখামুখিকৈ শুৱাৰ পৰিৱৰ্তে বিপৰীত দিশত মূৰ কৰি শুৱলৈ ভাল পায় ৷’’

আচলতে শনিবাৰে ৰেৱাৰ চৰকাৰী অভিযান্ত্ৰিক মহাবিদ্যালয়ত হীৰা জয়ন্তী উদযাপন কৰা হৈছিল। য’ত ৰাজ্যৰ ৰাজ্যপাল মংগুভাই পেটেল আৰু উপ-মুখ্যমন্ত্ৰী ৰাজেন্দ্ৰ শুক্লা আৰু উচ্চ শিক্ষামন্ত্ৰী ইন্দৰ সিং পাৰমাৰো উপস্থিত আছিল। ৰেৱাৰ সাংসদ জনাৰ্দন মিশ্ৰক যেতিয়া মঞ্চত ভাষণ দিবলৈ মাতিছিল, তেতিয়া তেওঁ এনে মন্তব্য দিছিল যে মঞ্চত উপস্থিত থকা লোকসকলৰ লগতে অনুষ্ঠানত উপস্থিত থকা অধ্যাপক আৰু ছাত্ৰ-ছাত্ৰীসকল সকলোৱে আচৰিত হৈ পৰিছিল।

ইয়াৰ পূৰ্বে ৯ ছেপ্টেম্বৰত ৰেৱাত ব্ৰহ্মৰত্ন বঁটা প্ৰদান অনুষ্ঠানৰ সময়ত উপ মুখ্যমন্ত্ৰী ৰাজেন্দ্ৰ শুক্লাৰ সন্মুখত ব্ৰাহ্মণ সম্প্ৰদায়ৰ ওপৰত মন্তব্য কৰিছিল জনাৰ্দন মিশ্ৰই। অনুষ্ঠানত মঞ্চত উপস্থিত থকা এজন ব্যক্তিয়ে তেওঁৰ মন্তব্যত আপত্তি কৰাত সাংসদগৰাকীয়ে কয়,‘বহক, শুনিব লাগিব।’




FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ