--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: মধ্যপ্ৰদেশৰ ৰেৱাৰ বাসিন্দা আৰু নিজৰ মন্তব্যৰ বাবে শিৰোনাম দখল কৰা বিজেপিৰ সাংসদ জনাৰ্দন মিশ্ৰই পুনৰবাৰ এক অদ্ভুত মন্তব্য প্ৰদান কৰিছে। শনিবাৰে (৯ নৱেম্বৰ) অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ হীৰক জয়ন্তী কাৰ্যসূচীত অংশগ্ৰহণ কৰে জনাৰ্দন মিশ্ৰই। তেওঁ কয় যে ‘আজিকালি মানুহে অনলাইন বিয়া পাতিছে। পঞ্চাশ-ষাঠি বছৰৰ পাছত যেতিয়া অনলাইন সন্তান জন্ম হ’ব, তেতিয়া সেইবোৰ ষ্টীলৰ হ’ব নে মাংস নে হাড়ৰ?’ 


তেওঁ ক'লে, "আপোনালোক অভিযন্তাসকলে এই প্ৰত্যাহ্বান সমাধান কৰিব লাগিব। কাৰণ মোবাইল ফোন আপোনালোকৰ দৰে অভিযন্তাইহে বনাইছে। মই এনেকৈয়ে ভাৱো , কিন্তু এতিয়া পতি-পত্নী একেলগে শুই থকাৰ পিছতো বিপৰীতমুখী। দুয়োজনে মোবাইল ভাল পায়।" এইটোৰ কাৰণেই স্বামী-স্ত্ৰীয়ে মুখামুখিকৈ শুৱাৰ পৰিৱৰ্তে বিপৰীত দিশত মূৰ কৰি শুৱলৈ ভাল পায় ৷’’

আচলতে শনিবাৰে ৰেৱাৰ চৰকাৰী অভিযান্ত্ৰিক মহাবিদ্যালয়ত হীৰা জয়ন্তী উদযাপন কৰা হৈছিল। য’ত ৰাজ্যৰ ৰাজ্যপাল মংগুভাই পেটেল আৰু উপ-মুখ্যমন্ত্ৰী ৰাজেন্দ্ৰ শুক্লা আৰু উচ্চ শিক্ষামন্ত্ৰী ইন্দৰ সিং পাৰমাৰো উপস্থিত আছিল। ৰেৱাৰ সাংসদ জনাৰ্দন মিশ্ৰক যেতিয়া মঞ্চত ভাষণ দিবলৈ মাতিছিল, তেতিয়া তেওঁ এনে মন্তব্য দিছিল যে মঞ্চত উপস্থিত থকা লোকসকলৰ লগতে অনুষ্ঠানত উপস্থিত থকা অধ্যাপক আৰু ছাত্ৰ-ছাত্ৰীসকল সকলোৱে আচৰিত হৈ পৰিছিল।

ইয়াৰ পূৰ্বে ৯ ছেপ্টেম্বৰত ৰেৱাত ব্ৰহ্মৰত্ন বঁটা প্ৰদান অনুষ্ঠানৰ সময়ত উপ মুখ্যমন্ত্ৰী ৰাজেন্দ্ৰ শুক্লাৰ সন্মুখত ব্ৰাহ্মণ সম্প্ৰদায়ৰ ওপৰত মন্তব্য কৰিছিল জনাৰ্দন মিশ্ৰই। অনুষ্ঠানত মঞ্চত উপস্থিত থকা এজন ব্যক্তিয়ে তেওঁৰ মন্তব্যত আপত্তি কৰাত সাংসদগৰাকীয়ে কয়,‘বহক, শুনিব লাগিব।’




FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
Post