--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: সততে মহিলাৰ সুৰক্ষাৰ ওপৰত প্ৰশ্ন উত্থাপিত হৈ আহিছে৷ এই লৈ উত্তৰ প্ৰদেশ ৰাজ্যিক মহিলা আয়োগে নাৰীক ‘বেয়া স্পৰ্শ’ তথা পুৰুষৰ বেয়া উদ্দেশ্য নিৰ্মূল কৰাৰ বাবে পুৰুষ দৰ্জীয়ে মহিলাৰ কাপোৰ চিলাই বা পুৰুষ নাপিতে মহিলাৰ চুলি কাটিব নালাগে বুলি প্ৰস্তাৱ কৰিছে। উত্তৰ প্ৰদেশৰ ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ ববিতা চৌহানে এই প্ৰস্তাৱ উত্থাপন কৰে আৰু সভাত উপস্থিত থকা আন সদস্যসকলেও এই প্ৰস্তাৱৰ প্ৰতি সমৰ্থন আগবঢ়ায়।

উল্লেখনীয় যে ২৮ অক্টোবৰত মহিলা আয়োগৰ এখন বৈঠকৰ পাছত এনে বহু পৰামৰ্শ আগবঢ়োৱা হৈছিল, য’ত পুৰুষ দৰ্জীয়ে মহিলাৰ কাপোৰৰ জোখ লোৱাত বাধা আৰোপ কৰাৰ লগতে আৰু দোকান আদিত চিচিটিভি কেমেৰা লগোৱা আদি অন্তৰ্ভুক্ত আছিল। 

আৱশ্যে বৰ্তমান এয়া কেৱল এক প্ৰস্তাৱ হিচাপে গ্ৰহণ কৰিছে৷ পিছত মহিলা আয়োগে ৰাজ্য চৰকাৰক এই সন্দৰ্ভত আইন প্ৰণয়নৰ বাবে আহ্বান জনাব। আৰু মহিলা আয়োগৰ নিয়ম মানি চলাটো জিলা প্ৰশাসনৰ দায়িত্ব বুলি মত প্ৰকাশ কৰে।

এই সন্দৰ্ভত ইউ পি মহিলা আয়োগৰ সদস্য হিমানী আগৰৱালাই, চেলুনত কেৱল মহিলা নাপিতে মহিলা গ্ৰাহকৰ যত্ন ল’ব লাগে বুলি কোৱাৰ লগতে এনে ধৰণৰ পেছাত জড়িত পুৰুষৰ বাবেই নাৰী নিৰ্যাতনৰ সম্মুখীন হয়৷ কিছুমান পুৰুষৰ উদ্দেশ্যও ভাল নহয় বুলিও মন্তব্য কৰে৷ অৱশ্যে এনে নহয় যে সকলো পুৰুষৰ বেয়া উদ্দেশ্য থাকেবুলিও মত প্ৰকাশ কৰে।

ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ ববিতা চৌহানে মহিলাসকল যোৱা জিমত মহিলা প্ৰশিক্ষক থাকিব লাগে আৰু জিম ট্ৰেইনাসকলৰ পুলিচ ভেৰিফিকেচন কৰিব লাগে বুলিও মন্তব্য কৰে৷ ইয়োৰোপৰি যদি কোনো মহিলাই পুৰুষ প্ৰশিক্ষকৰ পৰা প্ৰশিক্ষণ ল’ব বিচাৰে তেন্তে লিখিতভাৱে দিব লাগিব বুলিও উল্লেখ কৰে৷

দেশত বাঢ়ি অহা মহিলা আৰু ছোৱালীৰ শোষণৰ ঘটনাৰ ৰোধ কৰিবলৈ সিদ্ধান্ত লোৱা হৈছে বুলি সদৰি কৰে৷ তেওঁলোকে মহিলাৰ কাপোৰ চিলাই কৰা দৰ্জীৰ দোকানত জোখ-মাখ ল’বলৈ মহিলা দৰ্জী নিযুক্তি নিশ্চিত কৰাৰ লগতে। ছোৱালীয়ে যাতায়ত কৰা স্কুল বাছত মহিলা কৰ্মচাৰী থাকিব লাগেবুলিও দাবী জনাইছে৷ বৰ্তমান মহিলা আয়োগে এই সন্দৰ্ভত সকলো জিললৈ নিৰ্দেশনা জাৰি কৰিছে। আৰু এই ক্ষেত্ৰত সন্মতি প্ৰদান নকৰিলে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও সদৰি কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
Post