--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: সততে মহিলাৰ সুৰক্ষাৰ ওপৰত প্ৰশ্ন উত্থাপিত হৈ আহিছে৷ এই লৈ উত্তৰ প্ৰদেশ ৰাজ্যিক মহিলা আয়োগে নাৰীক ‘বেয়া স্পৰ্শ’ তথা পুৰুষৰ বেয়া উদ্দেশ্য নিৰ্মূল কৰাৰ বাবে পুৰুষ দৰ্জীয়ে মহিলাৰ কাপোৰ চিলাই বা পুৰুষ নাপিতে মহিলাৰ চুলি কাটিব নালাগে বুলি প্ৰস্তাৱ কৰিছে। উত্তৰ প্ৰদেশৰ ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ ববিতা চৌহানে এই প্ৰস্তাৱ উত্থাপন কৰে আৰু সভাত উপস্থিত থকা আন সদস্যসকলেও এই প্ৰস্তাৱৰ প্ৰতি সমৰ্থন আগবঢ়ায়।

উল্লেখনীয় যে ২৮ অক্টোবৰত মহিলা আয়োগৰ এখন বৈঠকৰ পাছত এনে বহু পৰামৰ্শ আগবঢ়োৱা হৈছিল, য’ত পুৰুষ দৰ্জীয়ে মহিলাৰ কাপোৰৰ জোখ লোৱাত বাধা আৰোপ কৰাৰ লগতে আৰু দোকান আদিত চিচিটিভি কেমেৰা লগোৱা আদি অন্তৰ্ভুক্ত আছিল। 

আৱশ্যে বৰ্তমান এয়া কেৱল এক প্ৰস্তাৱ হিচাপে গ্ৰহণ কৰিছে৷ পিছত মহিলা আয়োগে ৰাজ্য চৰকাৰক এই সন্দৰ্ভত আইন প্ৰণয়নৰ বাবে আহ্বান জনাব। আৰু মহিলা আয়োগৰ নিয়ম মানি চলাটো জিলা প্ৰশাসনৰ দায়িত্ব বুলি মত প্ৰকাশ কৰে।

এই সন্দৰ্ভত ইউ পি মহিলা আয়োগৰ সদস্য হিমানী আগৰৱালাই, চেলুনত কেৱল মহিলা নাপিতে মহিলা গ্ৰাহকৰ যত্ন ল’ব লাগে বুলি কোৱাৰ লগতে এনে ধৰণৰ পেছাত জড়িত পুৰুষৰ বাবেই নাৰী নিৰ্যাতনৰ সম্মুখীন হয়৷ কিছুমান পুৰুষৰ উদ্দেশ্যও ভাল নহয় বুলিও মন্তব্য কৰে৷ অৱশ্যে এনে নহয় যে সকলো পুৰুষৰ বেয়া উদ্দেশ্য থাকেবুলিও মত প্ৰকাশ কৰে।

ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ ববিতা চৌহানে মহিলাসকল যোৱা জিমত মহিলা প্ৰশিক্ষক থাকিব লাগে আৰু জিম ট্ৰেইনাসকলৰ পুলিচ ভেৰিফিকেচন কৰিব লাগে বুলিও মন্তব্য কৰে৷ ইয়োৰোপৰি যদি কোনো মহিলাই পুৰুষ প্ৰশিক্ষকৰ পৰা প্ৰশিক্ষণ ল’ব বিচাৰে তেন্তে লিখিতভাৱে দিব লাগিব বুলিও উল্লেখ কৰে৷

দেশত বাঢ়ি অহা মহিলা আৰু ছোৱালীৰ শোষণৰ ঘটনাৰ ৰোধ কৰিবলৈ সিদ্ধান্ত লোৱা হৈছে বুলি সদৰি কৰে৷ তেওঁলোকে মহিলাৰ কাপোৰ চিলাই কৰা দৰ্জীৰ দোকানত জোখ-মাখ ল’বলৈ মহিলা দৰ্জী নিযুক্তি নিশ্চিত কৰাৰ লগতে। ছোৱালীয়ে যাতায়ত কৰা স্কুল বাছত মহিলা কৰ্মচাৰী থাকিব লাগেবুলিও দাবী জনাইছে৷ বৰ্তমান মহিলা আয়োগে এই সন্দৰ্ভত সকলো জিললৈ নিৰ্দেশনা জাৰি কৰিছে। আৰু এই ক্ষেত্ৰত সন্মতি প্ৰদান নকৰিলে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও সদৰি কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ