--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কানাডাৰ এগৰাকী নাগৰিকে ১৭ জানুৱাৰী ২০২৫ তেওঁৰ পৰ্যটন ভিছাৰ ম্যাদ উকলি যোৱাৰ পাছতো নিজ দেশলৈ প্ৰত্যাৱৰ্তন নকৰি অসমতে থাকি ধৰ্ম প্ৰচাৰৰ কামত নিয়োজিত হৈ আছিল৷ ব্ৰেণ্ডন জোৱেল ডিৱাল্ট নামৰ এই কানাজাৰ লাগৰীক জনক আৰক্ষীয়ে কৰায়ত্ত কৰি বিতাড়িত কৰে ৷

প্ৰাপ্ত তথ্য অনুসৰি অসমৰ যোৰহাট জিলাত ধৰ্মান্তৰকৰণৰ কামত জড়িত আছিল কানাডাৰ এই নাগৰিক জন৷ যোৰহাটৰ আৰক্ষী অধীক্ষক শ্বেতংক মিশ্ৰই জানিবলৈ দিয়া অনুসৰি, ২০২১ চনৰ পৰা এই ব্যক্তিজনে জিলাখন ভ্ৰমণ কৰি আহিছিল আৰু চলিত বৰ্ষৰ ১৭ জানুৱাৰীত তেওঁৰ বৰ্তমানৰ ভিছাৰ ম্যাদ উকলি যায়।

তেওঁ ভিছা নবীকৰণৰ বাবে আবেদন কৰিছিল আৰু পৰীক্ষণৰ সময়তে তেওঁ যোৰহাটত ধৰ্মান্তৰকৰণৰ সৈতে জড়িত বুলি পোহৰলৈ আহে। তেওঁৰ ভিছাৰ ম্যাদ শেষ হোৱাৰ পিছতো নিয়ম উলংঘা কৰি বিভিন্ন ধৰ্মীয় অনুষ্ঠানত ভাষণ দিছিল। তেওঁ খ্ৰীষ্টান ধৰ্মৰ প্ৰচাৰৰ বাবে কাম কৰি আহিছিল। তেওঁ গ্ৰেগে মিছন কেম্পাছত গীৰ্জাৰ কাম-কাজ চোৱাচিতাও কৰি আছিল বুলি জানাই আৰক্ষীয়ে।

ইয়াৰ পিছতে শুকুৰবাৰে নতুন দিল্লীৰ পৰা স্ব-দেশলৈ বিতাড়িত কৰা হয় বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰিছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ