--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কানাডাৰ এগৰাকী নাগৰিকে ১৭ জানুৱাৰী ২০২৫ তেওঁৰ পৰ্যটন ভিছাৰ ম্যাদ উকলি যোৱাৰ পাছতো নিজ দেশলৈ প্ৰত্যাৱৰ্তন নকৰি অসমতে থাকি ধৰ্ম প্ৰচাৰৰ কামত নিয়োজিত হৈ আছিল৷ ব্ৰেণ্ডন জোৱেল ডিৱাল্ট নামৰ এই কানাজাৰ লাগৰীক জনক আৰক্ষীয়ে কৰায়ত্ত কৰি বিতাড়িত কৰে ৷

প্ৰাপ্ত তথ্য অনুসৰি অসমৰ যোৰহাট জিলাত ধৰ্মান্তৰকৰণৰ কামত জড়িত আছিল কানাডাৰ এই নাগৰিক জন৷ যোৰহাটৰ আৰক্ষী অধীক্ষক শ্বেতংক মিশ্ৰই জানিবলৈ দিয়া অনুসৰি, ২০২১ চনৰ পৰা এই ব্যক্তিজনে জিলাখন ভ্ৰমণ কৰি আহিছিল আৰু চলিত বৰ্ষৰ ১৭ জানুৱাৰীত তেওঁৰ বৰ্তমানৰ ভিছাৰ ম্যাদ উকলি যায়।

তেওঁ ভিছা নবীকৰণৰ বাবে আবেদন কৰিছিল আৰু পৰীক্ষণৰ সময়তে তেওঁ যোৰহাটত ধৰ্মান্তৰকৰণৰ সৈতে জড়িত বুলি পোহৰলৈ আহে। তেওঁৰ ভিছাৰ ম্যাদ শেষ হোৱাৰ পিছতো নিয়ম উলংঘা কৰি বিভিন্ন ধৰ্মীয় অনুষ্ঠানত ভাষণ দিছিল। তেওঁ খ্ৰীষ্টান ধৰ্মৰ প্ৰচাৰৰ বাবে কাম কৰি আহিছিল। তেওঁ গ্ৰেগে মিছন কেম্পাছত গীৰ্জাৰ কাম-কাজ চোৱাচিতাও কৰি আছিল বুলি জানাই আৰক্ষীয়ে।

ইয়াৰ পিছতে শুকুৰবাৰে নতুন দিল্লীৰ পৰা স্ব-দেশলৈ বিতাড়িত কৰা হয় বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰিছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
Post