--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: মহাৰাষ্ট্ৰৰ নাগপুৰত আৰক্ষীৰ নাকাবন্দীৰ সময়ত এখন নম্বৰ প্লেট নথকা স্কুটীৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছে ৪১ লাখ টকা। আৰক্ষীয়ে এই ধনৰ হিচাপ বিচৰাত যুৱকজনৰ পৰা কোনো সুদুত্তৰ নপোৱাত। আৰক্ষীয়ে এই ধন অবৈধ লেনদেনৰ সৈতে জড়িত থকাৰ সন্দেহত দুয়োজন যুৱকক জিম্মাত লৈ তদন্ত আৰম্ভ কৰা কৰিছে।

প্ৰাপ্ত তথ্য অনুসৰি এই ঘটনা সংঘটিত হৈছে নগপুৰৰ কোতৱালি থানা এলেকাৰ শিৱাজী চকত। মহাৰাষ্ট্ৰৰ নাগপুৰত আৰক্ষীয়ে বাহনসমূহ পৰীক্ষা কৰি থকা সময়তে এখন স্কুটীত উঠি অহা দুজন যুৱকক ৰখাই স্কুটীখন পৰীক্ষা কৰাত নগদ ৪১ লাখ টকা উদ্ধাৰ কৰে। ৩ নং মণ্ডলৰ ডিচিপি মেহক স্বামীয়ে কয় যে অভিযুক্ত যুৱক দুজনক আটক কৰি ৰখা হৈছে বুলি উল্লেখ কৰে। এই সন্দৰ্ভত আয়কৰ বিভাগক অৱগত কৰা হৈছে বুলি সদৰি কৰে৷

আৰক্ষীয়ে দুয়োজন যুৱকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে এই ধন ক’ৰ পৰা আহিছিল আৰু ক’লৈ লৈ যোৱা হৈছিল সেই কথা জানিবলৈ আৰক্ষীয়ে চেষ্টা চলাই আছে।ইতিমধ্যে এনে অবৈধ কাৰ্যকলাপ ৰোধ কৰিবৰ বাবে নাগপুৰ আৰক্ষীয়ে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
Post