--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আপোনাৰ হয়টো অমিতাভ বচ্চন অভিনীত সকলোৱে বাগবান ছবিখন সকলোৰে হয়টো  মনত আছে আৰু বহুতে হয়তো এই ছবিখন চাই আৱেগিক হৈ পৰিছিল৷ সেই একে কাহিনীৰে যে বাস্তৱত পুনৰাবৃত্তি ঘটিল বাৰাণসীত৷ পৰিয়াল থকাৰ পাছতো বৃদ্ধাশ্ৰমতে শেষ নিশ্বাস ত্যাগ কৰিলে বাৰাণসীৰ বাসিন্দা শ্ৰীনাথ খাণ্ডেলৱালে।

উল্লেখযোগ্য যে শ্ৰীনাথ খাণ্ডেলৱালে এশৰো অধিক গ্ৰন্থ লিখিছে আৰু তেওঁ আশী কোটি টকাৰ সম্পত্তিৰ মালিক আছিল। ৮০ বছৰ বয়সত বৃদ্ধাশ্ৰমত নিথৰুৱা অৱস্থাত মৃত্যু হয়। এগৰাকী সাহিত্যিকৰ মৃত্যু এনেকুৱা হ’ব হয়তো কোনেও ভবা নাছিল। কাশীৰ বাসিন্দা শ্ৰীনাথ খাণ্ডেলৱালৰ দুজন পুত্ৰ আৰু এগৰাকী কন্যা সন্তান আছে। তেওঁৰ পুত্ৰ ব্যৱসায়ী আৰু কন্যা উচ্চতম ন্যায়ালয়ৰ অধিবক্তা। তেওঁ সাহিত্যিক হোৱাৰ উপৰিও তেওঁ এগৰাকী আধ্যাত্মিক ব্যক্তিও আছিল।

তেওঁ শিৱ পুৰাণ আৰু তন্ত্ৰ বিদ্যাৰ ওপৰতো বহু গ্ৰন্থ ৰচনা কৰিছিল। তেওঁৰ দিন-ৰাতি সাহিত্য আৰু আধ্যাত্মিকতাত পাৰ কৰিছিল। ইয়াৰ সুযোগ লৈ তেওঁৰ পুত্ৰ-কন্যাই অসহায় অৱস্থাত পেলাই তেওঁৰ সকলো সম্পত্তি কাঢ়ি লৈ ​​গৈছিল আৰু। ইয়াৰ পিছত সমাজকৰ্মী আগবাঢ়ি আহি তেওঁক কাশী কুষ্ঠ বৃদ্ধাশ্ৰমত ৰাখিছিল আৰু তেওঁ এই বৃদ্ধাশ্ৰমত প্ৰায় দহ মাহ থাকিছিল য'ত তেওঁক বিনামূলীয়া সেৱা প্ৰদান কৰা হৈছিল৷ কিন্তু এবাৰো পৰিয়ালৰ কোনো সদস্য নাহিল তাত তেওঁৰ অৱস্থাৰ বিষয়ে সোধা-পোছা কৰিবলৈ।

২০২৩ চনত তেওঁক পদ্মশ্ৰীৰে সন্মানিত কৰা হৈছিল৷ এনে এগৰাকী সাহিত্যিকৰ মৃত্যুৰ পিছতো   আহি উপস্থিত ন’হল পৰিয়ালৰ লোক৷ খবৰ পাইও আহিবলৈ সম্পূৰ্ণৰূপে অস্বীকাৰ কৰিলে। শেষত সমাজকৰ্মী অমনে চান্দা সংগ্ৰহ কৰি ৰীতি-নীতি পালন কৰে।

প্ৰাপ্ত তথ্য অনুসৰি বাৰাণসীৰ সাহিত্যিক শ্ৰীনাথ খাণ্ডেলৱালৰ শনিবাৰে পুৱা মৃত্যু হয়। ৮০ বছৰ বয়সত তেওঁ ব্যক্তিগত চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে। এসময়ত শ্ৰীনাথ খাণ্ডেলৱালৰ জীৱন গৌৰৱময় আছিল। শ্ৰীনাথ খাণ্ডেলৱালে নিজৰ লেখাৰে ভাৰতীয় সাহিত্যক সমৃদ্ধ কৰিছিল। শ্ৰীনাথ খাণ্ডেলৱালে প্ৰায় ৪০০খন কিতাপ অনুবাদ কৰিছিল৷ শিৱ পুৰাণ, মৎস্য পুৰাণৰ দৰে অমূল্য গ্ৰন্থ তেওঁ হিন্দীলৈ অনুবাদ কৰিছে। তেওঁৰ ৩০০০ পৃষ্ঠাৰ মৎস্য পুৰাণ আজিও পণ্ডিতসকলৰ মাজত জনপ্ৰিয়। তেওঁ কেৱল ধৰ্মীয় গ্ৰন্থৰ ওপৰত কাম কৰাই নহয়, আধুনিক সাহিত্য আৰু ইতিহাসৰ ওপৰত বহুতো গ্ৰন্থও ৰচনা কৰিছিল। তেওঁৰ গ্ৰন্থসমূহ হিন্দী, সংস্কৃত, অসমীয়া আৰু বাংলা আদি ভাষাতো উপলব্ধ। জীৱনৰ অন্তিম দিনত তেওঁ নৰসিংহ পুৰাণৰ অনুবাদ সম্পূৰ্ণ কৰিব বিচাৰিছিল যদিও শেষ ইচ্ছা পূৰণ নোহোৱাকৈয়ে থাকি গ’ল। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ