--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: নতুন বছৰৰ প্ৰথম দিনাও অব্যাহত হাৰিয়ানা পঞ্জাৱত কৃষকৰ অবিৰত আন্দোলন আৰু অনশন৷ কৃষকৰ প্ৰৱল প্ৰতিবাদৰ মাজতে মোদী চৰকাৰে কৃষকৰ স্বাৰ্থত গ্ৰহণ কৰিছে কিছু গুৰুত্বপূৰ্ণ সিদ্ধান্ত। কেন্দ্ৰীয় কেবিনেটে আজি প্ৰধানমন্ত্ৰী ফোছাল বীমা যোজনা ২০২৫-২৬ চনলৈ অব্যাহত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰে আৰু ডি এ পি (ডাই-এমোনিয়াম ফছফেট) সাৰৰ মূল্যবৃদ্ধিৰ প্ৰতি আশংকা কৰি ৩৮৫০ কোটি চকাৰ অনুমোদন জনাইছে যাতে  ৫০ কেজিৰ ডি এ পি সাৰৰ দাম পূৰ্বৰ দৰেই ১৩৫০ টকাতে উপলব্ধ হয়।

এই সিদ্ধান্ত গ্ৰহণ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দাবী কৰে যে তেওঁৰ চৰকাৰ কৃষকৰ কল্যাণৰ বাবে দায়বদ্ধ। প্ৰশ্ন উত্থাপন হৈছে যে এনে পৰিস্থিতিত পঞ্জাৱ, হাৰিয়ানাৰ কৃষকসকলে কিয় শস্যৰ নূন্যতম মূল্যৰ বাবে অহৰহ আন্দোলন কৰি আছে? কৃষক নেতা জগজিৎ সিং দলেৱালে অমৰণ অন্নশনত নামিছে। 

৪ জানুৱাৰীত পঞ্জাৱ-হাৰিয়ানা সীমান্তত কিষাণ মহাপঞ্চায়তৰ আহ্বান কৰিছে কৃশক সকলে। কেন্দ্ৰীয় কৃষি মন্ত্ৰী শিৱৰাজ সিং চৌহানে যুক্তি আগবঢ়ায় যে উচ্চতম ন্যায়ালয়ে যিদৰে পৰামৰ্শ আগবঢ়াইছিলে  তেনেদৰেই কাম কৰিব। তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ এই সন্দৰ্ভত মত প্ৰকাশকৰি কয় যে হাৰিয়ানাৰ নিৰ্বাচনত বিজেপিৰ বিজয়ে দেখুৱাইছে যে চৰকাৰী আঁচনিত কৃষকসকল কিমান সুখী।

কেন্দ্ৰীয় কেবিনেটে আজি ২০২৫-২৬ চনলৈকে শস্য বীমা অব্যাহত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰি, বিত্ত আয়োগৰ পৰামৰ্শ অনুসৰি ইয়াৰ বাবে মুঠ ৬৯,৫১৫ কোটি টকা আবণ্টন দিয়ে। অৱশ্যে ২০২৬ চনৰ পাছতো শস্য বীমা আঁচনি অব্যাহত থাকিব বুলি কৃষি মন্ত্ৰীগৰাকীয়ে সদৰি কৰে। প্ৰযুক্তিৰ ব্যৱহাৰৰ বাবে ৮২৪ কোটি টকাৰ তহবিল তৈয়াৰ কৰাৰ সিদ্ধান্ত লোৱা হৈছে যাতে কৃষকসকলে শস্য বীমাৰ অধীনত ক্ষতিপূৰণৰ ধন ক্ষিপ্ৰতাৰে লাভ কৰে আৰু ধন বিতৰণৰ ক্ষেত্ৰত স্বচ্ছতা বৰ্তি থকে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ