--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: নতুন বছৰৰ প্ৰথম দিনাও অব্যাহত হাৰিয়ানা পঞ্জাৱত কৃষকৰ অবিৰত আন্দোলন আৰু অনশন৷ কৃষকৰ প্ৰৱল প্ৰতিবাদৰ মাজতে মোদী চৰকাৰে কৃষকৰ স্বাৰ্থত গ্ৰহণ কৰিছে কিছু গুৰুত্বপূৰ্ণ সিদ্ধান্ত। কেন্দ্ৰীয় কেবিনেটে আজি প্ৰধানমন্ত্ৰী ফোছাল বীমা যোজনা ২০২৫-২৬ চনলৈ অব্যাহত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰে আৰু ডি এ পি (ডাই-এমোনিয়াম ফছফেট) সাৰৰ মূল্যবৃদ্ধিৰ প্ৰতি আশংকা কৰি ৩৮৫০ কোটি চকাৰ অনুমোদন জনাইছে যাতে  ৫০ কেজিৰ ডি এ পি সাৰৰ দাম পূৰ্বৰ দৰেই ১৩৫০ টকাতে উপলব্ধ হয়।

এই সিদ্ধান্ত গ্ৰহণ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দাবী কৰে যে তেওঁৰ চৰকাৰ কৃষকৰ কল্যাণৰ বাবে দায়বদ্ধ। প্ৰশ্ন উত্থাপন হৈছে যে এনে পৰিস্থিতিত পঞ্জাৱ, হাৰিয়ানাৰ কৃষকসকলে কিয় শস্যৰ নূন্যতম মূল্যৰ বাবে অহৰহ আন্দোলন কৰি আছে? কৃষক নেতা জগজিৎ সিং দলেৱালে অমৰণ অন্নশনত নামিছে। 

৪ জানুৱাৰীত পঞ্জাৱ-হাৰিয়ানা সীমান্তত কিষাণ মহাপঞ্চায়তৰ আহ্বান কৰিছে কৃশক সকলে। কেন্দ্ৰীয় কৃষি মন্ত্ৰী শিৱৰাজ সিং চৌহানে যুক্তি আগবঢ়ায় যে উচ্চতম ন্যায়ালয়ে যিদৰে পৰামৰ্শ আগবঢ়াইছিলে  তেনেদৰেই কাম কৰিব। তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ এই সন্দৰ্ভত মত প্ৰকাশকৰি কয় যে হাৰিয়ানাৰ নিৰ্বাচনত বিজেপিৰ বিজয়ে দেখুৱাইছে যে চৰকাৰী আঁচনিত কৃষকসকল কিমান সুখী।

কেন্দ্ৰীয় কেবিনেটে আজি ২০২৫-২৬ চনলৈকে শস্য বীমা অব্যাহত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰি, বিত্ত আয়োগৰ পৰামৰ্শ অনুসৰি ইয়াৰ বাবে মুঠ ৬৯,৫১৫ কোটি টকা আবণ্টন দিয়ে। অৱশ্যে ২০২৬ চনৰ পাছতো শস্য বীমা আঁচনি অব্যাহত থাকিব বুলি কৃষি মন্ত্ৰীগৰাকীয়ে সদৰি কৰে। প্ৰযুক্তিৰ ব্যৱহাৰৰ বাবে ৮২৪ কোটি টকাৰ তহবিল তৈয়াৰ কৰাৰ সিদ্ধান্ত লোৱা হৈছে যাতে কৃষকসকলে শস্য বীমাৰ অধীনত ক্ষতিপূৰণৰ ধন ক্ষিপ্ৰতাৰে লাভ কৰে আৰু ধন বিতৰণৰ ক্ষেত্ৰত স্বচ্ছতা বৰ্তি থকে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
গণশিল্পী জুবিন গাৰ্গৰ ন্যায় বিচাৰি ঢেকিয়াজুলিত #JusticeForZubeenGarg শীৰ্ষক অনুষ্ঠান
জুবিন গাৰ্গৰ মৃত্যুৰ বাবে বৰপেটা আতচবাজী উদ্যোগৰ সিদ্ধান্ত: শব্দবিহীন আতচবাজী বজাৰত বিক্ৰীৰ বাবে কৰিব মুকলি
গহপুৰত জুবিন গাৰ্গৰ প্ৰথমটো প্ৰতিমূৰ্তি স্থাপনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পথত
চীন-আমেৰিকাৰ শুল্ক যুদ্ধই অথন্তৰ নমাব বিশ্বত
এই বছৰ প্ৰচণ্ড শীতত কঁপিব দেশবাসী
কৃত্রিম বুদ্ধিমত্তাই ৪ নিযুত নতুন চাকৰিৰ সৃষ্টি কৰিব ভাৰতত, নিটি আয়োগৰ প্ৰতিবেদনত দাবী
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?