--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দিল্লীস্থিত এখন প্ৰাথমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী এগৰাকীয়ে ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰা শ্ৰেণীকোঠাৰ কাৰ্যকলাপৰ ভিডিঅ’ জনপ্ৰিয় হৈ পৰিছে সামজিক মাধ্যমত৷শিক্ষয়িত্ৰীগৰাকীয়ে ছ’চিয়েল মিডিয়াত শ্বেয়াৰ ভিডিঅ’টোৰ জৰিয়তে হৃদয় জয় কৰিছে বহু জনৰ।

প্ৰাপ্ত তথ্য অনুসৰি প্ৰাথমিক বিদ্যালয়ৰ স্বপ্না নামৰ শিক্ষয়িত্ৰী গৰাকীয়ে ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰা ভিডিঅ’টোত ‘আৰ্ম স্পেন-টু-হাইট ৰেচিঅ’ অৰ্থাৎ মানুহৰ দুই হাত সমান্তৰালকৈ মেলিদিলে যিমান দৈৰ্ঘ্য ওলাব সেই অনুপতৰ সমানেই হয় মানুহৰ উচ্চতা৷ সাধাৰণতে এই অনুপাত ১:১ হয়৷ এই বিষয়ে ছাত্ৰছাত্ৰী সকলক ক্ৰিয়াকলাপৰ জৰিয়তে খুব সুন্দৰ কৈ বুজাইছে৷  

শিক্ষয়িত্ৰী গৰাকীয়ে ছাত্ৰ-ছাত্ৰীসকলক কাৰ্যকলাপৰ জৰিয়তে পাঠদান প্ৰক্ৰিয়াটো যিদৰে মনোগ্ৰাহী কৰি তুলিছে সেয়া সঁচাই প্ৰশংসনীয়।শিক্ষণ-শিকন প্ৰণালীত এনেধৰণৰ ক্ৰিয়াকলাপৰ প্ৰয়োগ আজিৰ শিক্ষাৰ্থীৰ বাবে জৰুৰী হৈ পৰিছে৷ এনে শিক্ষণ প্ৰণালী আমাৰ গাতানুগতিক শিক্ষণ পদ্ধতিতকৈ আধিক ফলপ্ৰসূ হিচাপে প্ৰমাণিত হৈছে৷ 

উল্লেখযোগ্য যে নতুন শিক্ষানীতিতো এনে বহু নতুন শিক্ষণ আৰু শিকন প্ৰণালী আন্তৰ্ভুক্ত কৰা হৈছে৷ তাৰ ভিতৰত লেখত ল’বলগীয়া দিশসমূহৰ ভিতৰত-প্ৰযুক্তিৰ সংযোগ সাধন, ব্যক্তিগত শিক্ষণ, সহযোগিতামূলক শিক্ষণ, প্ৰকল্প ভিত্তিক শিক্ষণ ইত্যাদি৷ ইয়াৰ জৰিয়তে শিক্ষাক অধিক ক্ৰিয়াশীল তথা জীৱনমুখী কৰিতোলাৰ প্ৰয়াস কৰা হৈছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
Post