--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দিল্লীস্থিত এখন প্ৰাথমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী এগৰাকীয়ে ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰা শ্ৰেণীকোঠাৰ কাৰ্যকলাপৰ ভিডিঅ’ জনপ্ৰিয় হৈ পৰিছে সামজিক মাধ্যমত৷শিক্ষয়িত্ৰীগৰাকীয়ে ছ’চিয়েল মিডিয়াত শ্বেয়াৰ ভিডিঅ’টোৰ জৰিয়তে হৃদয় জয় কৰিছে বহু জনৰ।

প্ৰাপ্ত তথ্য অনুসৰি প্ৰাথমিক বিদ্যালয়ৰ স্বপ্না নামৰ শিক্ষয়িত্ৰী গৰাকীয়ে ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰা ভিডিঅ’টোত ‘আৰ্ম স্পেন-টু-হাইট ৰেচিঅ’ অৰ্থাৎ মানুহৰ দুই হাত সমান্তৰালকৈ মেলিদিলে যিমান দৈৰ্ঘ্য ওলাব সেই অনুপতৰ সমানেই হয় মানুহৰ উচ্চতা৷ সাধাৰণতে এই অনুপাত ১:১ হয়৷ এই বিষয়ে ছাত্ৰছাত্ৰী সকলক ক্ৰিয়াকলাপৰ জৰিয়তে খুব সুন্দৰ কৈ বুজাইছে৷  

শিক্ষয়িত্ৰী গৰাকীয়ে ছাত্ৰ-ছাত্ৰীসকলক কাৰ্যকলাপৰ জৰিয়তে পাঠদান প্ৰক্ৰিয়াটো যিদৰে মনোগ্ৰাহী কৰি তুলিছে সেয়া সঁচাই প্ৰশংসনীয়।শিক্ষণ-শিকন প্ৰণালীত এনেধৰণৰ ক্ৰিয়াকলাপৰ প্ৰয়োগ আজিৰ শিক্ষাৰ্থীৰ বাবে জৰুৰী হৈ পৰিছে৷ এনে শিক্ষণ প্ৰণালী আমাৰ গাতানুগতিক শিক্ষণ পদ্ধতিতকৈ আধিক ফলপ্ৰসূ হিচাপে প্ৰমাণিত হৈছে৷ 

উল্লেখযোগ্য যে নতুন শিক্ষানীতিতো এনে বহু নতুন শিক্ষণ আৰু শিকন প্ৰণালী আন্তৰ্ভুক্ত কৰা হৈছে৷ তাৰ ভিতৰত লেখত ল’বলগীয়া দিশসমূহৰ ভিতৰত-প্ৰযুক্তিৰ সংযোগ সাধন, ব্যক্তিগত শিক্ষণ, সহযোগিতামূলক শিক্ষণ, প্ৰকল্প ভিত্তিক শিক্ষণ ইত্যাদি৷ ইয়াৰ জৰিয়তে শিক্ষাক অধিক ক্ৰিয়াশীল তথা জীৱনমুখী কৰিতোলাৰ প্ৰয়াস কৰা হৈছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ