--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: সমগ্ৰ দেশে পালন কৰিলে পোহৰৰ উৎসৱ দীপাৱলী৷ দীপাৱলীত প্ৰায় লোকেই বন্তিৰে আলোকিত কৰাৰ লগতে আতচবাজীৰে মুখৰিত কৰিলে আকাশ বতাহ৷ কিন্তু জীৱশ্ৰেষ্ঠ মানুহে পশুকুলৰ কাথা এবাৰো নাভাবিলে৷ নাভাবিলে প্ৰকৃতিৰ কথাও৷ কেৱল দীপাৱলীয়েই নে প্ৰতিটো উৎসৱৰ নামত যে প্ৰদূষণৰ পাহাৰ গঢ়ি তোলা হৈছে সেয়া ভাবিলৈ আহৰিয়ে নোহোৱা হৈছে৷ প্ৰাপ্ত খবৰ অনুসৰি দীপাৱলীৰ আতচবাজীৰ শব্দত পোহনীয়া কুকুৰৰ টোপনি নোহোৱাৰ বাবে উদ্বেগ প্ৰকাশ কৰি ছ’চিয়েল মিডিয়াত এটা পোষ্ট শ্বেয়াৰ কৰিছিল দিল্লীৰ এগৰাকী মহিলাই ৷ ইয়াৰ পাছাতে মহিলাগৰাকীক আক্ৰমণৰ লক্ষ্য কৰি ল’লে একাংশ নেটিজেনে৷ দেশ এৰি যাবলৈ ধমক দিছে মহিলা গৰাকীক।

নাওমি বাৰ্টন নামৰ মহিলাগৰাকীয়ে এক্সত নিজৰ কুকুৰটোৰ বিষয়ে চিন্তা প্ৰকাশ কৰি  লিখিছিল যে, পোষ্টটোত তেওঁ লিখিছে, ‘দিপাৱলী শুভেচ্ছা থাকিল! মোৰ কুকুৰটোৰ হৃদৰোগ আছে আৰু ঘণ্টা ধৰি ভয়ত কঁপি আছে।টোপনি নোহোৱাকৈ তাইৰ এইটো দ্বিতীয়টো নিশা। আশাকৰোঁ এই উচ্চ শব্দবোৰ কৰা সকলে আধ্যাত্মিক পৰিপূৰ্ণতাৰ গভীৰ অনুভূতি অনুভৱ কৰিব।’

দীপাৱলী উদযাপনত মগন কেইজনমান নেটিজেনে মহিলা গৰাকীৰ এই প’ষ্টকলৈ ক্ষোভ উজাৰি মহিলাগৰাকীক অসহিষ্ণু আৰু নিজৰ পৰম্পৰাক অসন্মান কৰা বুলি অভিযোগ উত্থাপন কৰে। আন আকাংশই এই উৎসৱৰ লগত জড়িত কোলাহল আৰু প্ৰদূষণ সহ্য কৰিব নোৱাৰিলে ভাৰত এৰি যাব লাগে বুলিও কটাক্ষ কৰা পৰিলক্ষিত হ’ল।

আতচবাজী আৰু জীৱ-জন্তুক লৈ হোৱা এই বিতৰ্কত চেলিব্ৰিটিসকলো জড়িত হৈ পৰা পৰিলক্ষিত হ’ল। শেহতীয়াকৈ বলিউডৰ অভিনেতা ৰাজপাল যাদৱে আতচবাজীমুক্ত দীপাৱলী উদযাপন কৰিবলৈ আহ্বান জনাইছিল৷ কিন্তু এটা সুকীয়া পোষ্টত চিকেন বিৰিয়ানীৰ প্ৰচাৰ কৰাৰ পাছত নেটিজেনৰ প্ৰতিক্ৰিয়াৰ সন্মুখীন হৈছিল। 

উল্লেখযোগ্য যে আতচবাজীৰ ফিৰিঙতিৰ বাবে বিভিন্ন ঠাইত অগ্নিকাণ্ড সংঘটিত হোৱা পৰিলক্ষিত হ’ল৷ ইয়োৰপৰি দেৱালীৰ আতচবাজীৰ শব্দ জীৱ-জন্তুৰ বাবে অত্যন্ত উদ্বেগ সৃষ্টি কৰাৰ লগতে মানুহৰ বাবেও উদ্বেগ সৃষ্টিকাৰী৷ সেয়ে উৎসৱক উৎসৱ হৈয়ে থাকিবলৈ দিয়াটো আমাৰ দায়িত্ব আৰু কৰ্তব্য৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
Post