--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: সমগ্ৰ দেশে পালন কৰিলে পোহৰৰ উৎসৱ দীপাৱলী৷ দীপাৱলীত প্ৰায় লোকেই বন্তিৰে আলোকিত কৰাৰ লগতে আতচবাজীৰে মুখৰিত কৰিলে আকাশ বতাহ৷ কিন্তু জীৱশ্ৰেষ্ঠ মানুহে পশুকুলৰ কাথা এবাৰো নাভাবিলে৷ নাভাবিলে প্ৰকৃতিৰ কথাও৷ কেৱল দীপাৱলীয়েই নে প্ৰতিটো উৎসৱৰ নামত যে প্ৰদূষণৰ পাহাৰ গঢ়ি তোলা হৈছে সেয়া ভাবিলৈ আহৰিয়ে নোহোৱা হৈছে৷ প্ৰাপ্ত খবৰ অনুসৰি দীপাৱলীৰ আতচবাজীৰ শব্দত পোহনীয়া কুকুৰৰ টোপনি নোহোৱাৰ বাবে উদ্বেগ প্ৰকাশ কৰি ছ’চিয়েল মিডিয়াত এটা পোষ্ট শ্বেয়াৰ কৰিছিল দিল্লীৰ এগৰাকী মহিলাই ৷ ইয়াৰ পাছাতে মহিলাগৰাকীক আক্ৰমণৰ লক্ষ্য কৰি ল’লে একাংশ নেটিজেনে৷ দেশ এৰি যাবলৈ ধমক দিছে মহিলা গৰাকীক।

নাওমি বাৰ্টন নামৰ মহিলাগৰাকীয়ে এক্সত নিজৰ কুকুৰটোৰ বিষয়ে চিন্তা প্ৰকাশ কৰি  লিখিছিল যে, পোষ্টটোত তেওঁ লিখিছে, ‘দিপাৱলী শুভেচ্ছা থাকিল! মোৰ কুকুৰটোৰ হৃদৰোগ আছে আৰু ঘণ্টা ধৰি ভয়ত কঁপি আছে।টোপনি নোহোৱাকৈ তাইৰ এইটো দ্বিতীয়টো নিশা। আশাকৰোঁ এই উচ্চ শব্দবোৰ কৰা সকলে আধ্যাত্মিক পৰিপূৰ্ণতাৰ গভীৰ অনুভূতি অনুভৱ কৰিব।’

দীপাৱলী উদযাপনত মগন কেইজনমান নেটিজেনে মহিলা গৰাকীৰ এই প’ষ্টকলৈ ক্ষোভ উজাৰি মহিলাগৰাকীক অসহিষ্ণু আৰু নিজৰ পৰম্পৰাক অসন্মান কৰা বুলি অভিযোগ উত্থাপন কৰে। আন আকাংশই এই উৎসৱৰ লগত জড়িত কোলাহল আৰু প্ৰদূষণ সহ্য কৰিব নোৱাৰিলে ভাৰত এৰি যাব লাগে বুলিও কটাক্ষ কৰা পৰিলক্ষিত হ’ল।

আতচবাজী আৰু জীৱ-জন্তুক লৈ হোৱা এই বিতৰ্কত চেলিব্ৰিটিসকলো জড়িত হৈ পৰা পৰিলক্ষিত হ’ল। শেহতীয়াকৈ বলিউডৰ অভিনেতা ৰাজপাল যাদৱে আতচবাজীমুক্ত দীপাৱলী উদযাপন কৰিবলৈ আহ্বান জনাইছিল৷ কিন্তু এটা সুকীয়া পোষ্টত চিকেন বিৰিয়ানীৰ প্ৰচাৰ কৰাৰ পাছত নেটিজেনৰ প্ৰতিক্ৰিয়াৰ সন্মুখীন হৈছিল। 

উল্লেখযোগ্য যে আতচবাজীৰ ফিৰিঙতিৰ বাবে বিভিন্ন ঠাইত অগ্নিকাণ্ড সংঘটিত হোৱা পৰিলক্ষিত হ’ল৷ ইয়োৰপৰি দেৱালীৰ আতচবাজীৰ শব্দ জীৱ-জন্তুৰ বাবে অত্যন্ত উদ্বেগ সৃষ্টি কৰাৰ লগতে মানুহৰ বাবেও উদ্বেগ সৃষ্টিকাৰী৷ সেয়ে উৎসৱক উৎসৱ হৈয়ে থাকিবলৈ দিয়াটো আমাৰ দায়িত্ব আৰু কৰ্তব্য৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ