--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বয়স ৭০ বছৰ। ৫বাৰকৈ বিবাহপাশত আবদ্ধ হৈছে তেওঁ। এতিয়া দুগৰাকী পত্নীৰ সৈতে সংসাৰ চলাই নিছে পাক প্ৰধানমন্ত্ৰীয়ে । পাকিস্তানৰ নৱ-নিযুক্ত প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফ প্ৰেমিক মানুহ। শেহতীয়াকৈ, আদালতত তেওঁ নিজকে ‘মজনু’ বুলি চিনাকি দিয়ে! আচৰিত যেন লাগিলেও কিন্তু এয়াই সত্য। ভৰি থকা আদালতৰ কক্ষত থিয় হৈ পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে কয়, ‘মই মজনু মানুহ’। দৰাচলতে ‘মজনু’ শব্দটোৰে তেওঁ আচলতে প্ৰেমিক মানুহজনৰ কথা কোৱা নাই বৰঞ্চ নিজকে ‘পগলা’ বা ‘মূৰ্খ’ বুলি ক’ব বিচাৰিছে পাক প্ৰধানমন্ত্ৰীয়ে।

মন কৰিবলগীয়া যে,  এই মুহূৰ্তত পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফ আৰু তেওঁৰ দুই পুত্ৰৰ বিৰুদ্ধে বৃহৎ পৰিমাণৰ ধন আত্মসাৎৰ গোচৰ চলি আছে। সেই গোচৰত শনিবাৰে পাক আদালতত হাজিৰ হৈছিল শ্বাহবাজ। তেওঁৰ পুত্ৰ পাকিস্তানৰ পঞ্জাৱ প্ৰদেশৰ মুখ্যমন্ত্ৰী হামজা চৌধুৰীও উপস্থিত আছিল। শ্বৰীফৰ দ্বিতীয় পুত্ৰ সম্প্ৰতি ব্ৰিটেইনৰ ক’ৰবাত আছে বুলি খবৰ ওলাইছে। সেই গোচৰ চলাকালীন আদালতত হাজিৰ হৈ নিজকে ‘মজনু’ বুলি দাবী কৰিছে পাকিস্তানৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে।

পাকিস্তানৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, ‘মই বিগত ১২ বছৰত চৰকাৰৰ পৰা একো সুবিধা লোৱা নাই৷ আনকি চৰকাৰী গাড়ীতো নিজৰ পকেটৰ পৰা ইন্ধন ভৰাইছো। আল্লাই মোক প্ৰধানমন্ত্ৰী বনাইছে। নহ’লে মই মজনু। প্ৰধানমন্ত্ৰী হোৱাৰ পিছতো মই কোনো আইনী সহায় লোৱা নাই। লোৱা নাই ৰাজকোষৰ দৰমহা কিম্বা চৰকাৰী সুবিধা।’

শ্বৰীফৰ দাবী, তেওঁ চৰকাৰৰ পৰা একো লোৱা নাছিল, বিপৰীতে তেওঁ লোৱা বিভিন্ন সিদ্ধান্তৰ বাবে তেওঁৰ পৰিয়ালে প্ৰায় ২০০ কোটি টকাৰ লোকচানৰ সন্মুখীন হ’বলগীয়া হৈছে। তেওঁৰ বিৰুদ্ধে উত্থাপিত সকলো অভিযোগ ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত বুলি দাবী কৰিছে। উল্লেখযোগ্য যে, ইমৰাণ খান প্ৰধানমন্ত্ৰী হৈ থকা সময়ত শ্বাহবাজ শ্বৰীফৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছিল। সেই ক্ষেত্ৰত পাকিস্তানৰ প্ৰধানমন্ত্ৰীৰ পৰিয়ালে এতিয়াও এই গোচৰৰ পৰা পৰিত্ৰাণ পোৱা নাই।



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ