--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বয়স ৭০ বছৰ। ৫বাৰকৈ বিবাহপাশত আবদ্ধ হৈছে তেওঁ। এতিয়া দুগৰাকী পত্নীৰ সৈতে সংসাৰ চলাই নিছে পাক প্ৰধানমন্ত্ৰীয়ে । পাকিস্তানৰ নৱ-নিযুক্ত প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফ প্ৰেমিক মানুহ। শেহতীয়াকৈ, আদালতত তেওঁ নিজকে ‘মজনু’ বুলি চিনাকি দিয়ে! আচৰিত যেন লাগিলেও কিন্তু এয়াই সত্য। ভৰি থকা আদালতৰ কক্ষত থিয় হৈ পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে কয়, ‘মই মজনু মানুহ’। দৰাচলতে ‘মজনু’ শব্দটোৰে তেওঁ আচলতে প্ৰেমিক মানুহজনৰ কথা কোৱা নাই বৰঞ্চ নিজকে ‘পগলা’ বা ‘মূৰ্খ’ বুলি ক’ব বিচাৰিছে পাক প্ৰধানমন্ত্ৰীয়ে।

মন কৰিবলগীয়া যে,  এই মুহূৰ্তত পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফ আৰু তেওঁৰ দুই পুত্ৰৰ বিৰুদ্ধে বৃহৎ পৰিমাণৰ ধন আত্মসাৎৰ গোচৰ চলি আছে। সেই গোচৰত শনিবাৰে পাক আদালতত হাজিৰ হৈছিল শ্বাহবাজ। তেওঁৰ পুত্ৰ পাকিস্তানৰ পঞ্জাৱ প্ৰদেশৰ মুখ্যমন্ত্ৰী হামজা চৌধুৰীও উপস্থিত আছিল। শ্বৰীফৰ দ্বিতীয় পুত্ৰ সম্প্ৰতি ব্ৰিটেইনৰ ক’ৰবাত আছে বুলি খবৰ ওলাইছে। সেই গোচৰ চলাকালীন আদালতত হাজিৰ হৈ নিজকে ‘মজনু’ বুলি দাবী কৰিছে পাকিস্তানৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে।

পাকিস্তানৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, ‘মই বিগত ১২ বছৰত চৰকাৰৰ পৰা একো সুবিধা লোৱা নাই৷ আনকি চৰকাৰী গাড়ীতো নিজৰ পকেটৰ পৰা ইন্ধন ভৰাইছো। আল্লাই মোক প্ৰধানমন্ত্ৰী বনাইছে। নহ’লে মই মজনু। প্ৰধানমন্ত্ৰী হোৱাৰ পিছতো মই কোনো আইনী সহায় লোৱা নাই। লোৱা নাই ৰাজকোষৰ দৰমহা কিম্বা চৰকাৰী সুবিধা।’

শ্বৰীফৰ দাবী, তেওঁ চৰকাৰৰ পৰা একো লোৱা নাছিল, বিপৰীতে তেওঁ লোৱা বিভিন্ন সিদ্ধান্তৰ বাবে তেওঁৰ পৰিয়ালে প্ৰায় ২০০ কোটি টকাৰ লোকচানৰ সন্মুখীন হ’বলগীয়া হৈছে। তেওঁৰ বিৰুদ্ধে উত্থাপিত সকলো অভিযোগ ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত বুলি দাবী কৰিছে। উল্লেখযোগ্য যে, ইমৰাণ খান প্ৰধানমন্ত্ৰী হৈ থকা সময়ত শ্বাহবাজ শ্বৰীফৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছিল। সেই ক্ষেত্ৰত পাকিস্তানৰ প্ৰধানমন্ত্ৰীৰ পৰিয়ালে এতিয়াও এই গোচৰৰ পৰা পৰিত্ৰাণ পোৱা নাই।



FOLLOW US F
POPULAR
FEATURE
TRENDY
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
আমেৰিকাক পুটিনৰ সকীয়নি ; ভাৰত-চীনক দুৰ্বল কৰাৰ চেষ্টা নকৰিব
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী