--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সৌসিদিনা সমন্বয়ৰ বাৰ্তা লৈ নেপাললৈ গৈছিল ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। কাঠমাণ্ডুত উপস্থিত হৈয়েই মোদীয়ে কৈছিল যে নেপাল ভাৰতৰ পৰম বন্ধু। কিন্তু মোদীয়ে বন্ধু বুলি প্ৰশংসা কৰি থৈ অহা নেপালেই এতিয়া পুনৰ পুৰণি ঘাঁত চেঙাতেল দি কৈছে যে ভাৰতৰ লিপুলেখ আৰু কালাপানী আদি স্থানসমূহ দৰাচলতে নেপালৰহে। উল্লেখ্য ২০২০ চনতো নেপালে উক্ত স্থানসমূহ নিজৰ বুলি দাবী কৰাৰ বাবে ভাৰতৰ সৈতে দেশ খনৰ সম্পৰ্ক তিক্ত হৈ পৰিছিল। ভবা হৈছিল প্ৰধানমন্ত্ৰী সলনি হোৱাৰ পিছত ভাৰতৰ প্ৰতি নেপালৰ দৃষ্টিভংগী সলনি ঘটিব। কিন্তু নঘটিল।

নেপালৰ প্ৰধানমন্ত্ৰী শ্বেৰ বাহাদুৰ দেউবাই শেহতীয়াকৈ নেপালৰ সংসদত  এইবুলি দাবী কৰিছে যে লিম্পিয়াধুৰা, লিপুলেখ আৰু কালাপানী নেপাৰ অন্তৰ্গত স্থান।

দেউবাই নেপালী সংসদক কয় যে নেপালে এক বিশেষ  বৈদেশিক নীতি গ্ৰহণ কৰি আহিছে। নেপাল চৰকাৰে সদায় ৰাষ্ট্ৰীয় স্বাৰ্থ আগত ৰাখি কাম কৰি যাব আৰু নিজৰ দেশ খনৰ সাৰ্বভৌমত্বৰ বিষয়ত আপোচ নকৰিব।

 নেপাল চৰকাৰে দেশ খনৰ অঞ্চলসমূহ সুৰক্ষিত কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ বুলিও দেউবাই কয়।

লিম্পিয়াধুৰা, লিপুলেখ আৰু কালাপানীৰ অঞ্চলবোৰকলৈ নেপাল আৰু ভাৰত চৰকাৰৰ মাজত ভাল বুজাবুজি আছে বুলিও দেউবাই দাবী কৰে। প্ৰাক্তন প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলীৰ দিনতো এই তিনিটা স্থানকলৈ ভাৰতৰ সৈতে নেপালৰ সংঘাত হৈছিল। এইবাৰ পুনৰ সেই সংঘাতে উক দিব বুলি ধাৰণা কৰা হৈছে।

নেপালী প্ৰধানমন্ত্ৰীয়ে কয় "সীমা সমস্যাটো সংবেদনশীল আৰু আমি বুজি পাইছো যে কূটনৈতিক মাধ্যমৰ জৰিয়তে, আলোচনাৰ জৰিয়তে ইয়াৰ সমাধান কৰিব পাৰি।" 

২০২০  চনৰ ২০  মেত নেপালে লিম্পিয়াধুৰা, লিপুলেখ আৰু কালাপানী অঞ্চলবোৰক লৈ বিতৰ্কিত মানচিত্ৰ গৃহীত কৰিছিল।
সেই মানচিত্ৰত  ১৩ জুনত নেপালী সংসদে  অনুমোদন জনাইছিল। মানচিত্ৰ খনত ভাৰতৰ কালাপানী, লিপুলেখ আৰু লিম্পিয়াধুৰাক নেপালৰ বুলি দেখুওৱা হৈছে।

একে সময়তে ভাৰতে নেপালৰ এনে কাৰ্যৰ তীব্ৰ  বিৰোধিতা কৰিছিল আৰু  এই বিষয়ত বিবৃতিও প্ৰকাশ কৰিছিল।  ভাৰতীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে নেপালৰ নতুন মানচিত্ৰত ঐতিহাসিক তথ্যৰ বিসংগতি থকা বুলি মন্তব্য  কৰিছিল। নেপালৰ চৰকাৰে আনকি উক্ত স্থান সমূহত ভাৰতৰ নিৰ্মাণ কাৰ্যও বন্ধ কৰি দিছিল। এতিয়া পুনৰ সেই প্ৰসংগ চৰ্চালৈ অহাত দুখন দেশৰ মাজৰ ক্ৰমে উন্নত হৈ অহা সম্পৰ্কই কেনে ৰূপ লয় সেয়া লক্ষ্যণীয় হৈ পৰিব।



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ