--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সৌসিদিনা সমন্বয়ৰ বাৰ্তা লৈ নেপাললৈ গৈছিল ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। কাঠমাণ্ডুত উপস্থিত হৈয়েই মোদীয়ে কৈছিল যে নেপাল ভাৰতৰ পৰম বন্ধু। কিন্তু মোদীয়ে বন্ধু বুলি প্ৰশংসা কৰি থৈ অহা নেপালেই এতিয়া পুনৰ পুৰণি ঘাঁত চেঙাতেল দি কৈছে যে ভাৰতৰ লিপুলেখ আৰু কালাপানী আদি স্থানসমূহ দৰাচলতে নেপালৰহে। উল্লেখ্য ২০২০ চনতো নেপালে উক্ত স্থানসমূহ নিজৰ বুলি দাবী কৰাৰ বাবে ভাৰতৰ সৈতে দেশ খনৰ সম্পৰ্ক তিক্ত হৈ পৰিছিল। ভবা হৈছিল প্ৰধানমন্ত্ৰী সলনি হোৱাৰ পিছত ভাৰতৰ প্ৰতি নেপালৰ দৃষ্টিভংগী সলনি ঘটিব। কিন্তু নঘটিল।

নেপালৰ প্ৰধানমন্ত্ৰী শ্বেৰ বাহাদুৰ দেউবাই শেহতীয়াকৈ নেপালৰ সংসদত  এইবুলি দাবী কৰিছে যে লিম্পিয়াধুৰা, লিপুলেখ আৰু কালাপানী নেপাৰ অন্তৰ্গত স্থান।

দেউবাই নেপালী সংসদক কয় যে নেপালে এক বিশেষ  বৈদেশিক নীতি গ্ৰহণ কৰি আহিছে। নেপাল চৰকাৰে সদায় ৰাষ্ট্ৰীয় স্বাৰ্থ আগত ৰাখি কাম কৰি যাব আৰু নিজৰ দেশ খনৰ সাৰ্বভৌমত্বৰ বিষয়ত আপোচ নকৰিব।

 নেপাল চৰকাৰে দেশ খনৰ অঞ্চলসমূহ সুৰক্ষিত কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ বুলিও দেউবাই কয়।

লিম্পিয়াধুৰা, লিপুলেখ আৰু কালাপানীৰ অঞ্চলবোৰকলৈ নেপাল আৰু ভাৰত চৰকাৰৰ মাজত ভাল বুজাবুজি আছে বুলিও দেউবাই দাবী কৰে। প্ৰাক্তন প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলীৰ দিনতো এই তিনিটা স্থানকলৈ ভাৰতৰ সৈতে নেপালৰ সংঘাত হৈছিল। এইবাৰ পুনৰ সেই সংঘাতে উক দিব বুলি ধাৰণা কৰা হৈছে।

নেপালী প্ৰধানমন্ত্ৰীয়ে কয় "সীমা সমস্যাটো সংবেদনশীল আৰু আমি বুজি পাইছো যে কূটনৈতিক মাধ্যমৰ জৰিয়তে, আলোচনাৰ জৰিয়তে ইয়াৰ সমাধান কৰিব পাৰি।" 

২০২০  চনৰ ২০  মেত নেপালে লিম্পিয়াধুৰা, লিপুলেখ আৰু কালাপানী অঞ্চলবোৰক লৈ বিতৰ্কিত মানচিত্ৰ গৃহীত কৰিছিল।
সেই মানচিত্ৰত  ১৩ জুনত নেপালী সংসদে  অনুমোদন জনাইছিল। মানচিত্ৰ খনত ভাৰতৰ কালাপানী, লিপুলেখ আৰু লিম্পিয়াধুৰাক নেপালৰ বুলি দেখুওৱা হৈছে।

একে সময়তে ভাৰতে নেপালৰ এনে কাৰ্যৰ তীব্ৰ  বিৰোধিতা কৰিছিল আৰু  এই বিষয়ত বিবৃতিও প্ৰকাশ কৰিছিল।  ভাৰতীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে নেপালৰ নতুন মানচিত্ৰত ঐতিহাসিক তথ্যৰ বিসংগতি থকা বুলি মন্তব্য  কৰিছিল। নেপালৰ চৰকাৰে আনকি উক্ত স্থান সমূহত ভাৰতৰ নিৰ্মাণ কাৰ্যও বন্ধ কৰি দিছিল। এতিয়া পুনৰ সেই প্ৰসংগ চৰ্চালৈ অহাত দুখন দেশৰ মাজৰ ক্ৰমে উন্নত হৈ অহা সম্পৰ্কই কেনে ৰূপ লয় সেয়া লক্ষ্যণীয় হৈ পৰিব।



FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত