--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ নয়দাৰ পৰা পোহৰলৈ আহিছে এক কৰুণ ঘটনা। খেলি থাকোঁতে বেলকনিৰ পৰা পৰিল এটি তিনি বছৰীয়া শিশু। সেই স্থানত উপস্থিত স্থানীয় ৰাইজে তেওঁক তুলি লৈ চিকিৎসালয়লৈ লৈ যায়। কোৱা হৈছে যে শিশুটিৰ অৱস্থা সংকটজনক হৈয়ে আছে। এই ঘটনা সংঘটিত হৈছে নয়ডাৰ ১২২ নং ছেক্টৰত অৱস্থিত ছানশ্বাইন এপাৰ্টমেণ্টত।

চিচিটিভিৰ ফুটেজত দেখা গৈছে যে শিশুটিয়ে ফ্লেটৰ বেলকনিত খেলি আছে। খেলি থাকোঁতে তেওঁ বেলকনিৰ ৰেলিংত উঠিবলৈ আৰম্ভ কৰে। এই সময়ত তেওঁ ভাৰসাম্য হেৰুৱাই প্ৰথম মহলাৰ পৰা তললৈ পৰি যায়। চিকিৎসকৰ মতে, শিশুটি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে।

আপোনালোকক কওঁ, নয়ডা আৰু গ্ৰেটাৰ নয়ডাত শিশু বেলকনিৰ পৰা পৰি যোৱা এয়া তৃতীয়টো কাণ্ড। ইয়াৰ পূৰ্বে ৪ অক্টোবৰত গ্ৰেটাৰ নয়ডা পশ্চিমৰ গৌৰ চিটি ১৪ এভিনিউৰ ২৪ নং মহলাৰ বেলকনিৰ পৰা ১২ নং মহলালৈ পৰি গৈছিল এগৰাকী ছোৱালী। ইয়াৰ পিছত ১৯ অক্টোবৰত ১০৭ নং ছেক্টৰৰ লোটাছ ৩০০ ছ’চাইটিৰ ১৩ নং মহলাৰ পৰা পৰি এজন ১০ বছৰীয়া শিশুৰ মৃত্যু হয়।

এই ঘটনাই পুনৰবাৰ বেলকনি আৰু ৰেলিঙৰ সুৰক্ষাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছে। বিশেষজ্ঞসকলৰ মতে এনে ঘটনাৰ পৰা হাত সাৰিবলৈ হ’লে সমাজত ৰেলিঙৰ উচ্চতা আৰু শিশুৰ নিৰীক্ষণৰ প্ৰতি বিশেষ গুৰুত্ব দিয়া উচিত। লগতে অভিভাৱকসকলকো সন্তানৰ সৈতে খেলা-ধূলা কৰাৰ সময়ত সাৱধান হ’বলৈ পৰামৰ্শ দিয়া হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
'বিশ্ব অর্থনীতিৰ প্ৰৱাহ সলনি কৰিব পৰা শক্তিৰ অধিকাৰী হৈছে ভাৰত', 'ইক 'নমিক টাইম'ৰ ৱৰ্ল্ড লীডাৰ্ছ ফ'ৰামত প্ৰধানমন্ত্ৰীৰ দাবী
পণবন্দীৰ মুক্তিৰ দাবীত ৰাজপথ উত্তাল কৰিলে সহস্রাধিক ইজৰাইলীয়ে
বৰপেটাৰোডত অবৈধ ৬ টকীয়া লটাৰী টিকট বিক্ৰেতাক আটক
বিহাৰৰ ভোটাৰ তালিকাত ২ পাকিস্তানী মহিলাৰ নাম!
বিলাসীপাৰাত বাছ আৰু এল্টোৰ মুখামুখি সংঘৰ্ষ! আহত বহুজন
অসমত ব্যৰ্থ প্ৰধানমন্ত্ৰীৰ 'সূৰ্যঘৰ', সৌৰ পেনেল স্থাপনৰে বিদ্যুৎ উৎপাদনৰ অভিলাষী আঁচনিৰ নাই অগ্রগতি
দ্রুত গতিত গলিছে হিমালয়ৰ হিমবাহ, হিমালয়ান অঞ্চলত ডাৱৰ বিস্ফোৰণ
বিশ্ব টাইকোৱাণ্ডোত অসমৰ ৰ'দালিৰ চমক
দিল্লীত দেশৰ ভিতৰত প্ৰথম ৮ লেনৰ এলিভেটেড হাইৱে' মুকলি কৰিলে প্ৰধানমন্ত্ৰীয়ে
অধিনায়কত্ব হেৰুৱাব পাৰে সূৰ্যকুমাৰ যাদৱে
ভাৰতত আৰম্ভ হ'ল iphone 17 ৰ উৎপাদন! ভাৰতৰ কোনবোৰ ৰাজ্যত আইফোন তৈয়াৰ কৰা হয় জানেনে?
সলনি হ'ব পাৰে GMCHৰ অধ্যক্ষ ; ডাঃ অচ্যুত বৈশ্যক শাস্তিমুলক বদলিৰ সম্ভাৱনা
৬ হাজাৰ ছাত্ৰৰ ভিছা বাতিল আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ৰ
ৰাজ্যৰ বনাঞ্চলত উচ্ছেদক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়