--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ নয়দাৰ পৰা পোহৰলৈ আহিছে এক কৰুণ ঘটনা। খেলি থাকোঁতে বেলকনিৰ পৰা পৰিল এটি তিনি বছৰীয়া শিশু। সেই স্থানত উপস্থিত স্থানীয় ৰাইজে তেওঁক তুলি লৈ চিকিৎসালয়লৈ লৈ যায়। কোৱা হৈছে যে শিশুটিৰ অৱস্থা সংকটজনক হৈয়ে আছে। এই ঘটনা সংঘটিত হৈছে নয়ডাৰ ১২২ নং ছেক্টৰত অৱস্থিত ছানশ্বাইন এপাৰ্টমেণ্টত।

চিচিটিভিৰ ফুটেজত দেখা গৈছে যে শিশুটিয়ে ফ্লেটৰ বেলকনিত খেলি আছে। খেলি থাকোঁতে তেওঁ বেলকনিৰ ৰেলিংত উঠিবলৈ আৰম্ভ কৰে। এই সময়ত তেওঁ ভাৰসাম্য হেৰুৱাই প্ৰথম মহলাৰ পৰা তললৈ পৰি যায়। চিকিৎসকৰ মতে, শিশুটি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে।

আপোনালোকক কওঁ, নয়ডা আৰু গ্ৰেটাৰ নয়ডাত শিশু বেলকনিৰ পৰা পৰি যোৱা এয়া তৃতীয়টো কাণ্ড। ইয়াৰ পূৰ্বে ৪ অক্টোবৰত গ্ৰেটাৰ নয়ডা পশ্চিমৰ গৌৰ চিটি ১৪ এভিনিউৰ ২৪ নং মহলাৰ বেলকনিৰ পৰা ১২ নং মহলালৈ পৰি গৈছিল এগৰাকী ছোৱালী। ইয়াৰ পিছত ১৯ অক্টোবৰত ১০৭ নং ছেক্টৰৰ লোটাছ ৩০০ ছ’চাইটিৰ ১৩ নং মহলাৰ পৰা পৰি এজন ১০ বছৰীয়া শিশুৰ মৃত্যু হয়।

এই ঘটনাই পুনৰবাৰ বেলকনি আৰু ৰেলিঙৰ সুৰক্ষাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছে। বিশেষজ্ঞসকলৰ মতে এনে ঘটনাৰ পৰা হাত সাৰিবলৈ হ’লে সমাজত ৰেলিঙৰ উচ্চতা আৰু শিশুৰ নিৰীক্ষণৰ প্ৰতি বিশেষ গুৰুত্ব দিয়া উচিত। লগতে অভিভাৱকসকলকো সন্তানৰ সৈতে খেলা-ধূলা কৰাৰ সময়ত সাৱধান হ’বলৈ পৰামৰ্শ দিয়া হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ