--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • জিলা ডিমা হাছাওৰ চনটিলা হোজাই গাঁৱৰ যুৱতী ৰোস্মিতা হোজাই ৬ জুনত দিল্লীৰ পৰা নিৰুদ্দেশ হৈছিল আৰু তাৰ পাছত উত্তৰাখণ্ডৰ পৌৰী গড়ৱাল জিলাত উদ্ধাৰ হৈছিল ৰোস্মিতা হোজাইৰ মৃতদেহ

ডিজিটেল ডেস্কঃ ৰাজ্যত বৃদ্ধি পাইছে নিৰুদ্দেশৰ ঘটনা ।অসমৰ অন্যতম পাহাৰীয়া জিলা ডিমা হাছাওৰ চনটিলা হোজাই গাঁৱৰ যুৱতী ৰোস্মিতা হোজাই ৬ জুনত দিল্লীৰ পৰা নিৰুদ্দেশ হৈছিল আৰু তাৰ পাছত উত্তৰাখণ্ডৰ পৌৰী গড়ৱাল জিলাত উদ্ধাৰ হৈছিল ৰোস্মিতা হোজাইৰ মৃতদেহ । 



আৰক্ষীয়ে জনোৱা মতে যুৱতীগৰাকীৰ সৈতে তেওঁৰ দুজন দবন্ধু হেমন্ত বাৰ্মা আৰু পংকজো আছিল । হেমন্ত আৰু ৰোস্মিতা একেখন কলেজত পঢ়িছিল । বিগত বহুদিন ধৰি দুয়োকে সামাজিক মাধ্যমত একেলগে দেখা গৈছিল । ইয়াৰ মাজতে ৰোস্মিতা অসমৰ পৰা দিল্লীত পৰীক্ষা দিবলৈ গৈছিল । তেতিয়াই দিল্লীত হেমন্ত বাৰ্মাক লগ পাই আৰু দিল্লীৰ পৰা দুয়ো ঋষিকেশলৈ ফুৰিবলৈ যোৱাৰ পৰিকল্পনা কৰিছিল ।


উল্লেখ্য যে ঋষিকেশলৈ আহিয়ে দুয়ো সৰ্বপ্ৰথমে নীলকণ্ঠলৈ যোৱাৰ পৰিকল্পনা কৰে । হেমন্তই তেওঁৰ আন এজন বন্ধু পংকজকো লগত লৈ গৈছিল । যথেষ্ট জনসমাগম আৰু ট্ৰেফিক জামৰ বাবে তেওঁলোকে নীলকণ্ঠ যোৱাৰ সিদ্ধান্ত বাতিল কৰিছিল বুলি তিহৰীৰ আৰক্ষী অধীক্ষক জে আৰ যোশীয়ে অনুমান কৰে । ইয়াৰ পাছত তেওঁলোকে ঋষিকেশৰ সমীপৱৰ্তী তিহৰী জিলাৰ শিৱপুৰীত থাকিছিল ।



জানিব পৰা মতে আগদিনা শিৱপুৰীত ৰাফ্টিঙৰ প্ৰাকমুহূৰ্তত হেমন্ত আৰু ৰোস্মিতাৰ মাজত তৰ্কাতৰ্কি লাগিছিল, যাৰ পিছত ৰোস্মিতা ক'ৰবালৈ গুচি গৈছিল । বহু সময়লৈ যেতিয়া ৰোস্মিতা উভতি অহা নাছিল তেতিয়া হেমন্ত আৰু তেওঁৰ বন্ধুৱে ইফালে-সিফালে ৰোস্মিতাৰ সন্ধান আৰম্ভ কৰে যদিও সম্ভেদ লাভ কৰাত ব্যৰ্থ হয় । এনে সময়তে কিছু লোকে জনাই যে এগৰাকী মহিলা গংগাত উটি গৈছে ।


গংগাত মহিলা উটি যোৱাৰ খবৰ পোৱাৰ মাত্ৰকে আৰক্ষী আৰু এছ ডি আৰ এফে উদ্ধাৰ অভিযান আৰম্ভ কৰে । তেতিয়াই আৰক্ষীয়ে ৰোস্মিতা হোজাইৰ পৰিয়ালৰ লোককো ঘটনা সন্দৰ্ভত খবৰ দিয়ে । পৰিয়ালৰ লোকে মুনীকী ৰেতীৰ তিহৰী থানাত ৰোস্মিতা হোজাই সন্ধানহীন হোৱা বুলি এজাহাৰ দাখিল কৰে । ইয়াৰ পিছতে ৰোস্মিতা হোজাইৰ মৃতদেহ গংগাৰ পৰা উদ্ধাৰ হয়, পৰিয়ালৰ লোকে চিনাক্ত কৰে মৃতদেহটো ।


আৰক্ষীয়ে জনাই যে মৰণোত্তৰ পৰীক্ষাৰ পিছত মৃতদেহটো পৰিয়ালক গতাই দিয়া হয় । বৰ্তমান আৰক্ষীয়ে তথ্যৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে । মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনতহে পোহৰলৈ আহিব ৰোস্মিতাৰ মৃত্যুৰ প্ৰকৃত কাৰণ । আৰক্ষীয়ে এলেকাটোত সংস্থাপিত চিচি টিভি কেমেৰাৰ ফুটেজৰ পৰীক্ষা অব্যাহত ৰাখিছে । হেমন্ত আৰু পংকজক সদ্যহতে চহৰ এৰিবলৈ বাধা দিছে আৰক্ষীয়ে ।





FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ