--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • এই আধ্যাত্মিক মহোৎসৱ উপলক্ষে ইতিমধ্যে নীলাচল পাহাৰত দেশ-বিদেশৰ ভক্ত, সাধু-সন্ত আৰু তান্ত্রিক-সাধকৰ ব্যাপক সমাগম ঘটিছে। এইবাৰ মহাযোগৰ সময়ত আঠ লক্ষাধিক ভক্তৰ আগমনৰ আশা কৰা হৈছে।

ডিজিটেল ডেস্ক: পৱিত্ৰ নীলাচল পাহাৰত কালিৰে(২২ জুন) পৰা আৰম্ভ হৈছে অম্বুবাচী মহাযোগ। নিশা ৯-০৮ বজাত প্রবৃত্তিৰ লগে লগে মা কামাখ্যা দেৱালয়ৰ দুৱাৰ বন্ধ হৈ পৰে। পৰম্পৰা অনুসৰি আগন্তুক তিনি দিন ধৰি মন্দিৰৰ দুৱাৰ বন্ধ থাকিব। 


অহা ২৬ জুনৰ পুৱা নিবৃত্তিৰ পাছতে নিত্য পূজা-পাঠ সম্পূৰ্ণ হোৱাৰ পাছত ভক্তৰ বাবে মন্দিৰৰ দুৱাৰ পুনৰ মুকলি কৰি দিয়া হ'ব। আনহাতে, এই আধ্যাত্মিক মহোৎসৱ উপলক্ষে ইতিমধ্যে নীলাচল পাহাৰত দেশ-বিদেশৰ ভক্ত, সাধু-সন্ত আৰু তান্ত্রিক-সাধকৰ ব্যাপক সমাগম ঘটিছে। এইবাৰ মহাযোগৰ সময়ত আঠ লক্ষাধিক ভক্তৰ আগমনৰ আশা কৰা হৈছে। ইতিমধ্যে জনতাৰ সোঁত বৈছে নীলাচলৰ বুকুলৈ। 


সেই অনুসৰি অসম চৰকাৰে অতিৰিক্ত আৰক্ষী, স্বাস্থ্যকর্মী, চাফাই কর্মী, স্বেচ্ছাসেৱক আৰু জৰুৰীকালীন সেৱা দল মোতায়েন কৰিছে। যান-বাহন নিয়ন্ত্রণ, খোৱাপানী, চিকিৎসা সেৱা, অস্থায়ী শিবিৰ আৰু জনসমাগম ব্যৱস্থাপনাৰ ক্ষেত্ৰতো বিশেষ ব্যৱস্থা গ্রহণ কৰা হৈছে। 


নীলাচল পাহাৰলৈ প্ৰশাসনৰ অনুমতি নথকা কোনোধৰণৰ যান-বাহন নিব নোৱাৰিব। প্রশাসনে যান-বাহন চলাচল কৰাৰ ক্ষেত্রত বিশেষ নিষেধাজ্ঞাৰ লগতে নতুন পথ-নিৰ্দেশনাও জাৰি কৰিছে। ভক্তসকলক কামাখ্যা গে'ট এলেকাতে জোতা-ছেণ্ডেল থৈ খালী ভৰিৰে খোজকাঢ়ি মন্দিৰলৈ যোৱাৰ নিৰ্দেশ দিয়া হৈছে।

উৎস: দৈনিক জনমভূমি




FOLLOW US F
POPULAR
FEATURE
TRENDY
মুকালমুৱাত অবৈধ ট্ৰামাডল টেবলেটসহ এজন আটক
নুমলীগড়ত চাঞ্চল্য! ভাড়াতীয়াৰ অত্যাচাৰত আনৰ ঘৰত লৈছে আশ্ৰয় লৈছে বৃদ্ধা মালিকে
সন্ধানহীন পুত্ৰৰ ফটো হাতত লৈ বালিপৰাৰ বাটে বাটে ঘূৰিছে এগৰাকী মাতৃ
বজালীৰ ৰিহাবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন যুৱক
কৰ্ম সংস্থাপনৰ বাবে গৈ বটদ্ৰৱাৰ যুৱক কেৰেলামত নিৰুদ্দেশ
আমগুৰিত অলৌকিক ঘটনা! সপোনত দেখা পালে শিৱক, পুৱা চোতালৰ কলপুলিৰ তলত দৃশ্যমান হ’ল শিৱমূৰ্তি
যোৰহাটত ছাত্ৰ সংগঠনৰ ড্ৰাগছ বিৰোধী জোৰদাৰ প্ৰতিবাদ, কঠোৰ ব্যৱস্থাৰ দাবী
ডিমা হাছাওত বঙালী পৰিষদৰ প্ৰতিনিধি দলৰ ডিএইচএচি অধ্যক্ষৰ সৈতে সাক্ষাৎ, সমৰ্থন কামনা
বাইৰনিহাট-জোৰাবাট পথ বন্ধ: অসম-মেঘালয় টেক্সি বিবাদত যাত্ৰীসকলক বিকল্প পথ ল'বলৈ পৰামৰ্শ
ঢেকিয়াজুলিত বিনামূলীয়া NEET 'ছুপাৰ ৩০' কোচিং কেন্দ্ৰ, মন্ত্ৰী অশোক সিংহালৰ ঘোষণা
মণিপুৰত বৃহৎ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ: ড্ৰোনৰ দ্বাৰা পেলোৱা বোমাও জব্দ
NRCৰ দাবীত ধৰ্মঘট: মণিপুৰত JFD আহ্বায়কক আৰক্ষীৰ তলব
ডিমা হাছাও বিদেশী ন্যায়াধিকৰণত ২০২৬ বৰ্ষৰ বাবে ডাটা এণ্ট্ৰি অপাৰেটৰৰ নিযুক্তি
কাজল ধোচাকৰ ঐতিহাসিক স্বৰ্ণ: U20 বিশ্ব মল্লযুদ্ধত একেৰাহে দ্বিতীয়বাৰৰ বাবে শীৰ্ষস্থান