--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • এই আধ্যাত্মিক মহোৎসৱ উপলক্ষে ইতিমধ্যে নীলাচল পাহাৰত দেশ-বিদেশৰ ভক্ত, সাধু-সন্ত আৰু তান্ত্রিক-সাধকৰ ব্যাপক সমাগম ঘটিছে। এইবাৰ মহাযোগৰ সময়ত আঠ লক্ষাধিক ভক্তৰ আগমনৰ আশা কৰা হৈছে।

ডিজিটেল ডেস্ক: পৱিত্ৰ নীলাচল পাহাৰত কালিৰে(২২ জুন) পৰা আৰম্ভ হৈছে অম্বুবাচী মহাযোগ। নিশা ৯-০৮ বজাত প্রবৃত্তিৰ লগে লগে মা কামাখ্যা দেৱালয়ৰ দুৱাৰ বন্ধ হৈ পৰে। পৰম্পৰা অনুসৰি আগন্তুক তিনি দিন ধৰি মন্দিৰৰ দুৱাৰ বন্ধ থাকিব। 

অহা ২৬ জুনৰ পুৱা নিবৃত্তিৰ পাছতে নিত্য পূজা-পাঠ সম্পূৰ্ণ হোৱাৰ পাছত ভক্তৰ বাবে মন্দিৰৰ দুৱাৰ পুনৰ মুকলি কৰি দিয়া হ'ব। আনহাতে, এই আধ্যাত্মিক মহোৎসৱ উপলক্ষে ইতিমধ্যে নীলাচল পাহাৰত দেশ-বিদেশৰ ভক্ত, সাধু-সন্ত আৰু তান্ত্রিক-সাধকৰ ব্যাপক সমাগম ঘটিছে। এইবাৰ মহাযোগৰ সময়ত আঠ লক্ষাধিক ভক্তৰ আগমনৰ আশা কৰা হৈছে। ইতিমধ্যে জনতাৰ সোঁত বৈছে নীলাচলৰ বুকুলৈ। 

সেই অনুসৰি অসম চৰকাৰে অতিৰিক্ত আৰক্ষী, স্বাস্থ্যকর্মী, চাফাই কর্মী, স্বেচ্ছাসেৱক আৰু জৰুৰীকালীন সেৱা দল মোতায়েন কৰিছে। যান-বাহন নিয়ন্ত্রণ, খোৱাপানী, চিকিৎসা সেৱা, অস্থায়ী শিবিৰ আৰু জনসমাগম ব্যৱস্থাপনাৰ ক্ষেত্ৰতো বিশেষ ব্যৱস্থা গ্রহণ কৰা হৈছে। 

নীলাচল পাহাৰলৈ প্ৰশাসনৰ অনুমতি নথকা কোনোধৰণৰ যান-বাহন নিব নোৱাৰিব। প্রশাসনে যান-বাহন চলাচল কৰাৰ ক্ষেত্রত বিশেষ নিষেধাজ্ঞাৰ লগতে নতুন পথ-নিৰ্দেশনাও জাৰি কৰিছে। ভক্তসকলক কামাখ্যা গে'ট এলেকাতে জোতা-ছেণ্ডেল থৈ খালী ভৰিৰে খোজকাঢ়ি মন্দিৰলৈ যোৱাৰ নিৰ্দেশ দিয়া হৈছে।

উৎস: দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
চৰকাৰী চাকৰিলৈ অপেক্ষা নকৰি খোৱা পানীৰ উদ্যোগ স্থাপনেৰে স্বাৱলম্বিতাৰ নিদৰ্শন বজালীৰ দুই ভাতৃৰ
নাৰায়ণপুৰত ব্যতিক্ৰমী প্ৰয়াস! এইবাৰ দুৰ্গাপূজাত নেপালী ভাষাত প্ৰদৰ্শিত হ’ব ভাওনা
মাদক দ্ৰব্যৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান আৰু ড্ৰাগছ নেটৱৰ্ক ধ্বংস কৰাত সফল হোৱা বাবে মুখ্যমন্ত্ৰী আৰু অসম আৰক্ষীক অভিনন্দন জ্ঞাপন অমিত শ্বাহৰ