--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: শেহতীয়াকৈ বিশ্বৰ দুই মহাশক্তিধৰ ৰাষ্ট্ৰ চীন আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি দুগৰাকী গুৰুতৰ শাৰীৰিক অসুস্থতাত ভুগি আছে৷ আমেৰিকাৰ যুক্তৰাষ্ট্ৰৰ দুই শত্ৰুৰাষ্ট্ৰৰ ৰাষ্ট্ৰপ্ৰধানদুগৰাকী অসুস্থ হৈ পৰাৰ খবৰে এতিয়া ব্যাপক চৰ্চা লাভ কৰিছে বিশ্বত৷ পোনতে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে কৰ্কট ৰোগত আক্ৰান্ত হোৱাৰ খবৰে চাঞ্চল্যৰ সৃষ্টি কৰিছিল৷ এইবাৰ জি জিনপিঙৰ অসুস্থতাৰ খবৰে চৰ্চা লাভ কৰিছে বিশ্বত৷

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ অসুস্থতা সম্পৰ্কীয় বাতৰিটো শেহতীয়াকৈ প্ৰকাশ পাইছিল। এতিয়া এক প্ৰতিবেদন অনুসৰি, চীনৰ ৰাষ্ট্ৰপতি জি জিনপিঙে এক গুৰুতৰ মানসিক ৰোগৰ সৈতে যুঁজি আছে, যাৰ বাবে তেওঁক বিগত বৰ্ষত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। সংবাদ মাধ্যমৰ প্ৰতিবেদনত দাবী কৰা হৈছে যে চীনৰ ৰাষ্ট্ৰপতি জি জিনপিঙে চেৰিব্ৰেল এনিউৰিজমৰ সৈতে যুঁজি আছে।

তথ্য অনুসৰি, চীনৰ ৰাষ্ট্ৰপতিয়ে তেওঁৰ ৰোগৰ অস্ত্ৰোপচাৰ কৰাৰ পৰিৱৰ্তে পৰম্পৰাগত চীনা ঔষধৰ দ্বাৰা চিকিৎসা লোৱাটো পছন্দ কৰিছে।

চেলিব্ৰেল এনিউৰিজম কি?
জি জিনপিঙৰ একপ্ৰকাৰৰ মানসিক ৰোগ আছে, যাক চেলিব্ৰেল এনিউৰিজম বুলি কোৱা হয়। য’ত ধমনী এটা মগজুৰ ভিতৰত বিস্তাৰিত হয়। ইয়াৰ ফলত ধমনীস্তৰৰ ক্ষতি হয়। যদি সেইবোৰ অধিক বিয়পে, ইয়াৰ ফাটি যোৱাৰ আশংকা বৃদ্ধি হয়। অৱশ্যে সকলো এনিউৰিজম ফাটি যোৱা নাই। কিন্তু যেতিয়া একেজন ৰোগীৰ একাধিক এনিউৰিজম থাকে তেতিয়া ই বিপদজনক হৈ পৰে।

অসুস্থ পুটিনো!
ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন অসুস্থ হোৱাৰ খবৰো পোৱা গৈছিল। কিন্তু, শেহতীয়া এটা ভিডিঅ’ত দেখা গৈছিল পুটিনে বিজয় দিৱসৰ কুচকাৱাজৰ সময়ত কাহি থকা পৰিলক্ষিত হৈছিল আৰু তেওঁ কম্বল এখনেৰে ভৰি ঢাকি আছিল। মাত্ৰ কেইদিনমান পূৰ্বে পুটিন কৰ্কট ৰোগত আক্ৰান্ত হোৱাৰ খবৰে চাঞ্চল্যৰ সৃষ্টি কৰিছিল৷
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ