--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মহিলাসকলে ঋতুকালীন ছুটী পাব লাগে নে? উত্তৰটো এতিয়াও অস্পষ্ট। এই প্ৰসংগক কেন্দ্ৰ কৰিয়েই বিতৰ্কৰ সূত্ৰপাত হোৱা দেখিবলৈ পোৱা গৈছে। পুৰুষ-মহিলাৰ মাজত বৈষম্যৰ প্ৰশ্ন উত্থাপিত হয়। এতিয়ালৈকে, পৃথিৱীৰ কেৱল কেইখনমান দেশেহে এই বন্ধৰ প্ৰতি সন্মতি প্ৰদান কৰিছে। এইবাৰ একে পথ অনুসৰণ কৰিবলৈ ওলাইছে স্পেইনে। স্পেনিছ সংবাদ মাধ্যমৰ এক সূত্ৰ অনুসৰি, স্পেইন চৰকাৰে তিনিদিনীয়া ঋতুকালীন ছুটি প্ৰদান কৰিবলৈ গৈ আছে। দেশৰ মন্ত্ৰী পৰিষদে অহা সপ্তাহতে এই ঐতিহাসিক সিদ্ধান্ত কাৰ্যকৰী কৰাৰ সম্ভাৱনা দেখা গৈছে। স্পেইন ইউৰোপৰ প্ৰথনখন দেশ যিয়ে প্ৰথমবাৰৰ বাবে ঋতুকালীন ছুটী প্ৰদান কৰিব।

ঋতুকালীন ছুটীৰ খচৰাত কোৱা হৈছে যে, ঋতুকালীন শাৰীৰিক আৰু মানসিক সমস্যাৰ বাবে মহিলাসকলে এই ছুটী ল'ব পাৰে। ‘দ্য স্পেনিছ গাইন’ক’লজী এণ্ড অবষ্টেট্ৰিক্স ছ’চাইটি’ৰ মতে, ঋতুস্ৰাৱৰ সময়ত এক-তৃতীয়াংশ মহিলাই তীব্ৰ পেটৰ বিষত ভোগে। চিকিৎসা বিজ্ঞানৰ ভাষাত, ইয়াক 'ডিচমেনোৰিয়া' বুলি কোৱা হয়। এই সময়ছোৱাত পেটৰ বিষ, মূৰৰ বিষ, ডায়েৰিয়া আৰু জ্বৰৰ লক্ষণে দেখা দিয়াৰ সম্ভাৱনা অধিক। বহু মহিলাও ঋতুস্ৰাৱৰ পূৰ্বেই এনে যন্ত্ৰণাত ভুগে। এই কাৰকবোৰৰ প্ৰতি লক্ষ্য ৰাখিয়েই, স্পেইন চৰকাৰে ঋতুকালীন বন্ধৰ কথা বিবেচনা কৰিছে।

ইয়াৰোপৰি, দেশখনে প্ৰতিখন বিদ্যালয়ত চেনিটাৰী নেপকিন ৰখাটো বাধ্যতামূলক কৰিবলৈ গৈ আছে। চেনিটাৰী নেপকিন আৰু টেমপেণ্টৰ ওপৰত কৰ হ্ৰাস কৰাৰ সিদ্ধান্তও লোৱা হ'ব পাৰে বুলি খবৰ ওলাইছে। আৰ্থিকভাৱে দুৰ্বল লোকসকলক বিনামূলীয়া চেনিটাৰী নেপকিন প্ৰদানৰো ব্যৱস্থা গ্ৰহণ কৰাৰ সম্ভাৱনাই দেখা দিছে।

জাপান, দক্ষিণ কোৰিয়া আৰু ইণ্ডোনেছিয়াত ইতিমধ্যে চৰকাৰে ঋতুকালীন ছুটী প্ৰদানৰ ব্যৱস্থা কৰিছে। কেইবাটাও আমেৰিকান কোম্পানীয়ে মহিলা কৰ্মচাৰীসকলৰ বাবে ঋতুকালীন ছুটিৰ ব্যৱস্থা কৰিছে। পিছে, স্পেইন হৈছে এই বন্ধৰ সিদ্ধান্ত লোৱা প্ৰথমখন ইউৰোপীয় দেশ। কিন্তু ভাৰতীয় মহিলাসকলে ঋতুকালীন ছুটী পায় নে?

ঋতুকালীন ছুটী উপলব্ধ হ'ব লাগে নে নাই তাক লৈ দেশত এতিয়াও বিতৰ্ক চলি আছে। মহিলাসকল এই বিতৰ্কত জড়িত হৈ আছে। কিছুমান মহিলাই ভাবে যে ঋতুস্ৰাৱৰ বাবে ছুটীৰ ব্যৱস্থা থাকিব লাগে। আন কিছুমানে কয় যে, এনে ব্যৱস্থাই কৰ্মক্ষেত্ৰত পুৰুষ আৰু মহিলা কৰ্মচাৰীৰ মাজৰ বৈষম্য বৃদ্ধি কৰিব। ভাৰতবৰ্ষত সম্প্ৰতি অনেধৰণৰ কোনো ব্যৱস্থা নাই। চৰকাৰে এই বিষয়ত কোনো পদক্ষেপো লোৱা নাই। বিগত বৰ্ষৰ জুলাই মাহত উত্তৰ প্ৰদেশৰ মহিলা শিক্ষকসকলৰ এটা সংগঠনে মহিলা শিক্ষয়ত্ৰীসকলৰ বাবে তিনিদিনীয়া ঋতুস্ৰাৱৰ ছুটীৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰিছিল।
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত