--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মহিলাসকলে ঋতুকালীন ছুটী পাব লাগে নে? উত্তৰটো এতিয়াও অস্পষ্ট। এই প্ৰসংগক কেন্দ্ৰ কৰিয়েই বিতৰ্কৰ সূত্ৰপাত হোৱা দেখিবলৈ পোৱা গৈছে। পুৰুষ-মহিলাৰ মাজত বৈষম্যৰ প্ৰশ্ন উত্থাপিত হয়। এতিয়ালৈকে, পৃথিৱীৰ কেৱল কেইখনমান দেশেহে এই বন্ধৰ প্ৰতি সন্মতি প্ৰদান কৰিছে। এইবাৰ একে পথ অনুসৰণ কৰিবলৈ ওলাইছে স্পেইনে। স্পেনিছ সংবাদ মাধ্যমৰ এক সূত্ৰ অনুসৰি, স্পেইন চৰকাৰে তিনিদিনীয়া ঋতুকালীন ছুটি প্ৰদান কৰিবলৈ গৈ আছে। দেশৰ মন্ত্ৰী পৰিষদে অহা সপ্তাহতে এই ঐতিহাসিক সিদ্ধান্ত কাৰ্যকৰী কৰাৰ সম্ভাৱনা দেখা গৈছে। স্পেইন ইউৰোপৰ প্ৰথনখন দেশ যিয়ে প্ৰথমবাৰৰ বাবে ঋতুকালীন ছুটী প্ৰদান কৰিব।

ঋতুকালীন ছুটীৰ খচৰাত কোৱা হৈছে যে, ঋতুকালীন শাৰীৰিক আৰু মানসিক সমস্যাৰ বাবে মহিলাসকলে এই ছুটী ল'ব পাৰে। ‘দ্য স্পেনিছ গাইন’ক’লজী এণ্ড অবষ্টেট্ৰিক্স ছ’চাইটি’ৰ মতে, ঋতুস্ৰাৱৰ সময়ত এক-তৃতীয়াংশ মহিলাই তীব্ৰ পেটৰ বিষত ভোগে। চিকিৎসা বিজ্ঞানৰ ভাষাত, ইয়াক 'ডিচমেনোৰিয়া' বুলি কোৱা হয়। এই সময়ছোৱাত পেটৰ বিষ, মূৰৰ বিষ, ডায়েৰিয়া আৰু জ্বৰৰ লক্ষণে দেখা দিয়াৰ সম্ভাৱনা অধিক। বহু মহিলাও ঋতুস্ৰাৱৰ পূৰ্বেই এনে যন্ত্ৰণাত ভুগে। এই কাৰকবোৰৰ প্ৰতি লক্ষ্য ৰাখিয়েই, স্পেইন চৰকাৰে ঋতুকালীন বন্ধৰ কথা বিবেচনা কৰিছে।

ইয়াৰোপৰি, দেশখনে প্ৰতিখন বিদ্যালয়ত চেনিটাৰী নেপকিন ৰখাটো বাধ্যতামূলক কৰিবলৈ গৈ আছে। চেনিটাৰী নেপকিন আৰু টেমপেণ্টৰ ওপৰত কৰ হ্ৰাস কৰাৰ সিদ্ধান্তও লোৱা হ'ব পাৰে বুলি খবৰ ওলাইছে। আৰ্থিকভাৱে দুৰ্বল লোকসকলক বিনামূলীয়া চেনিটাৰী নেপকিন প্ৰদানৰো ব্যৱস্থা গ্ৰহণ কৰাৰ সম্ভাৱনাই দেখা দিছে।

জাপান, দক্ষিণ কোৰিয়া আৰু ইণ্ডোনেছিয়াত ইতিমধ্যে চৰকাৰে ঋতুকালীন ছুটী প্ৰদানৰ ব্যৱস্থা কৰিছে। কেইবাটাও আমেৰিকান কোম্পানীয়ে মহিলা কৰ্মচাৰীসকলৰ বাবে ঋতুকালীন ছুটিৰ ব্যৱস্থা কৰিছে। পিছে, স্পেইন হৈছে এই বন্ধৰ সিদ্ধান্ত লোৱা প্ৰথমখন ইউৰোপীয় দেশ। কিন্তু ভাৰতীয় মহিলাসকলে ঋতুকালীন ছুটী পায় নে?

ঋতুকালীন ছুটী উপলব্ধ হ'ব লাগে নে নাই তাক লৈ দেশত এতিয়াও বিতৰ্ক চলি আছে। মহিলাসকল এই বিতৰ্কত জড়িত হৈ আছে। কিছুমান মহিলাই ভাবে যে ঋতুস্ৰাৱৰ বাবে ছুটীৰ ব্যৱস্থা থাকিব লাগে। আন কিছুমানে কয় যে, এনে ব্যৱস্থাই কৰ্মক্ষেত্ৰত পুৰুষ আৰু মহিলা কৰ্মচাৰীৰ মাজৰ বৈষম্য বৃদ্ধি কৰিব। ভাৰতবৰ্ষত সম্প্ৰতি অনেধৰণৰ কোনো ব্যৱস্থা নাই। চৰকাৰে এই বিষয়ত কোনো পদক্ষেপো লোৱা নাই। বিগত বৰ্ষৰ জুলাই মাহত উত্তৰ প্ৰদেশৰ মহিলা শিক্ষকসকলৰ এটা সংগঠনে মহিলা শিক্ষয়ত্ৰীসকলৰ বাবে তিনিদিনীয়া ঋতুস্ৰাৱৰ ছুটীৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰিছিল।
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ