--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শেহতীয়া কৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে চুবুৰীয়া ৰাষ্ট্ৰ কানাডা আৰু মেক্সিকোৰ সামগ্ৰীৰ ওপৰত শুল্ক আৰোপ কৰাৰ পাছতে, আমেৰিকাৰ এনে নীতিক লৈ সৰৱ হৈ পৰিছে কানাডা মেক্সিকো আদি দেশ৷ ইয়াৰ পৰিৱৰ্তে ভাৰতে গ্ৰহণ কৰিছে নৰম পন্থা৷ 

আমেৰিকাই ভাৰতৰ কিছু সামগ্ৰীৰ ক্ষেত্ৰত উচ্চ শুল্ক আৰোপ কৰিছিল সেয়ে ভাৰতে ছবছৰ পূৰ্বে ২৮বিধ আমেৰিকান সামগ্ৰীৰ আমদানিৰ ক্ষেত্ৰত বাধা প্ৰদান কৰিবলৈ উচ্চ হাৰত শুল্ক বৃদ্ধি কৰিছিল। অৱশ্যে ইয়াৰ দুবছৰ পূৰ্বে আমেৰিকাৰ পৰা অহা আঠবিধ সামগ্ৰী যেনে আপেল, বুট, দাইলসহ ৮বিধ সামগ্ৰীৰ উপৰত উচ্চ হাৰত আৰোপ কৰা শুল্ক উঠাই লোৱা হৈছিল। আৰু এইবাৰ বাজেটত বাকী থকা ২০বিধ সামগ্ৰীৰো এই শুল্ক প্ৰত্যাহাৰ কৰা হৈছে বুলি বিত্ত মন্ত্ৰালয়ৰ সূত্ৰই প্ৰকাশ কৰিছে।

ড’নাল্ড ট্ৰাম্পে আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰচাৰৰ সময়ৰে পৰা ভাৰতৰ উচ্চ শুল্ক সন্দৰ্ভত সকীয়াই আহিছে। ৰাষ্ট্ৰপতি নিৰ্বাচিত হোৱৰ পাছতে তেওঁ মেক্সিকো, কানাডা, চীনৰ পৰা অহা সামগ্ৰীৰ ওপৰত অধিক শুল্ক আৰোপ কৰে। ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে কানাডা আৰু মেক্সিকোৱে আমেৰিকাৰ সামগ্ৰীৰ ওপৰতো উচ্চ হাৰত শুল্ক আৰোপ কৰিছে। সেয়ে মোদী চৰকাৰে নিৰ্ধাৰিত সময়তে আমেৰিকাৰ সামগ্ৰীৰ ওপৰত অৰোপ কৰা উচ্চ হাৰৰ শুল্ক প্ৰত্যাহাৰ কৰিছে। সূত্ৰ অনুসৰি এই সিদ্ধান্ত সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আমেৰিকা ভ্ৰমণৰ পূৰ্বেই ট্ৰাম্প প্ৰশাসনলৈ এক ইতিবাচক বাৰ্তা প্ৰেৰণ কৰা হৈছিল। কিন্তু বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে এই সন্দৰ্ভত মত প্ৰকাশ কৰি কয় যে ‘আত্মনিৰ্ভৰশীল ভাৰত’ গঢ়ি তোলাৰ লক্ষ্যৰে বিভিন্ন সামগ্ৰীৰ ওপৰত আমদানি শুল্ক হ্ৰাস কৰা হৈছে।

 শুকুৰবাৰৰ বাজেটত আমেৰিকান হাৰ্লি ডেভিডছনৰ দৰে উচ্চ মূল্যৰ বাইক আৰু টেছলা গাড়ীৰ দৰে বিলাসী সামগ্ৰীৰ আমদানি শুল্ক হ্ৰাস কৰাক লৈ সৰৱ হৈ পৰিছে বিৰোধী শিবিৰ। এইবাৰ ট্ৰাম্পে ভাৰতৰ ওপৰত কোনো শুল্ক আৰোপ কৰাৰ পূৰ্বে মোডী চৰকাৰে অধিক নৰম পন্থা গ্ৰহণ কৰা পৰিলক্ষিত হয়। বিত্ত মন্ত্ৰালয়ৰ সূত্ৰই উল্লেখ কৰে যে ২০১৯ চনত আমেৰিকাৰ বজাৰত ভাৰতীয় সামগ্ৰীক অগ্ৰাধিকাৰ দিয়াৰ ব্যৱস্থা প্ৰত্যাহাৰ কৰিছিল। ইয়াৰ লগতে ভাৰতৰ পৰা অহা কিছুমান তীখা আৰু এলুমিনিয়ামৰ সামগ্ৰী, বাদাম, দইল আদিৰ ওপৰত আমদানি শুল্ক বৃদ্ধি কৰিছিল। ইয়াৰ প্ৰত্যুত্তৰ হিচাপে ভাৰতে ২৮বিধ আমেৰিকান সামগ্ৰীৰ ওপৰত উচ্চ শুল্ক আৰোপ কৰৰা হৈছিল। দুবছৰ পূৰ্বে মোদীৰ আমেৰিকা ভ্ৰমণৰ পিছত এই সামগ্ৰীসমূহৰ আঠটা সামগ্ৰীৰ ওপৰত উচ্চ শুল্ক উঠাই লোৱা হৈছিল। এইবাৰ বাকী ২০বিধ সামগ্ৰীৰ উপৰত আৰোপ কৰা উচ্চ শুল্ক প্ৰত্যাহাৰ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ