--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শেহতীয়া কৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে চুবুৰীয়া ৰাষ্ট্ৰ কানাডা আৰু মেক্সিকোৰ সামগ্ৰীৰ ওপৰত শুল্ক আৰোপ কৰাৰ পাছতে, আমেৰিকাৰ এনে নীতিক লৈ সৰৱ হৈ পৰিছে কানাডা মেক্সিকো আদি দেশ৷ ইয়াৰ পৰিৱৰ্তে ভাৰতে গ্ৰহণ কৰিছে নৰম পন্থা৷ 

আমেৰিকাই ভাৰতৰ কিছু সামগ্ৰীৰ ক্ষেত্ৰত উচ্চ শুল্ক আৰোপ কৰিছিল সেয়ে ভাৰতে ছবছৰ পূৰ্বে ২৮বিধ আমেৰিকান সামগ্ৰীৰ আমদানিৰ ক্ষেত্ৰত বাধা প্ৰদান কৰিবলৈ উচ্চ হাৰত শুল্ক বৃদ্ধি কৰিছিল। অৱশ্যে ইয়াৰ দুবছৰ পূৰ্বে আমেৰিকাৰ পৰা অহা আঠবিধ সামগ্ৰী যেনে আপেল, বুট, দাইলসহ ৮বিধ সামগ্ৰীৰ উপৰত উচ্চ হাৰত আৰোপ কৰা শুল্ক উঠাই লোৱা হৈছিল। আৰু এইবাৰ বাজেটত বাকী থকা ২০বিধ সামগ্ৰীৰো এই শুল্ক প্ৰত্যাহাৰ কৰা হৈছে বুলি বিত্ত মন্ত্ৰালয়ৰ সূত্ৰই প্ৰকাশ কৰিছে।

ড’নাল্ড ট্ৰাম্পে আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰচাৰৰ সময়ৰে পৰা ভাৰতৰ উচ্চ শুল্ক সন্দৰ্ভত সকীয়াই আহিছে। ৰাষ্ট্ৰপতি নিৰ্বাচিত হোৱৰ পাছতে তেওঁ মেক্সিকো, কানাডা, চীনৰ পৰা অহা সামগ্ৰীৰ ওপৰত অধিক শুল্ক আৰোপ কৰে। ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে কানাডা আৰু মেক্সিকোৱে আমেৰিকাৰ সামগ্ৰীৰ ওপৰতো উচ্চ হাৰত শুল্ক আৰোপ কৰিছে। সেয়ে মোদী চৰকাৰে নিৰ্ধাৰিত সময়তে আমেৰিকাৰ সামগ্ৰীৰ ওপৰত অৰোপ কৰা উচ্চ হাৰৰ শুল্ক প্ৰত্যাহাৰ কৰিছে। সূত্ৰ অনুসৰি এই সিদ্ধান্ত সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আমেৰিকা ভ্ৰমণৰ পূৰ্বেই ট্ৰাম্প প্ৰশাসনলৈ এক ইতিবাচক বাৰ্তা প্ৰেৰণ কৰা হৈছিল। কিন্তু বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে এই সন্দৰ্ভত মত প্ৰকাশ কৰি কয় যে ‘আত্মনিৰ্ভৰশীল ভাৰত’ গঢ়ি তোলাৰ লক্ষ্যৰে বিভিন্ন সামগ্ৰীৰ ওপৰত আমদানি শুল্ক হ্ৰাস কৰা হৈছে।

 শুকুৰবাৰৰ বাজেটত আমেৰিকান হাৰ্লি ডেভিডছনৰ দৰে উচ্চ মূল্যৰ বাইক আৰু টেছলা গাড়ীৰ দৰে বিলাসী সামগ্ৰীৰ আমদানি শুল্ক হ্ৰাস কৰাক লৈ সৰৱ হৈ পৰিছে বিৰোধী শিবিৰ। এইবাৰ ট্ৰাম্পে ভাৰতৰ ওপৰত কোনো শুল্ক আৰোপ কৰাৰ পূৰ্বে মোডী চৰকাৰে অধিক নৰম পন্থা গ্ৰহণ কৰা পৰিলক্ষিত হয়। বিত্ত মন্ত্ৰালয়ৰ সূত্ৰই উল্লেখ কৰে যে ২০১৯ চনত আমেৰিকাৰ বজাৰত ভাৰতীয় সামগ্ৰীক অগ্ৰাধিকাৰ দিয়াৰ ব্যৱস্থা প্ৰত্যাহাৰ কৰিছিল। ইয়াৰ লগতে ভাৰতৰ পৰা অহা কিছুমান তীখা আৰু এলুমিনিয়ামৰ সামগ্ৰী, বাদাম, দইল আদিৰ ওপৰত আমদানি শুল্ক বৃদ্ধি কৰিছিল। ইয়াৰ প্ৰত্যুত্তৰ হিচাপে ভাৰতে ২৮বিধ আমেৰিকান সামগ্ৰীৰ ওপৰত উচ্চ শুল্ক আৰোপ কৰৰা হৈছিল। দুবছৰ পূৰ্বে মোদীৰ আমেৰিকা ভ্ৰমণৰ পিছত এই সামগ্ৰীসমূহৰ আঠটা সামগ্ৰীৰ ওপৰত উচ্চ শুল্ক উঠাই লোৱা হৈছিল। এইবাৰ বাকী ২০বিধ সামগ্ৰীৰ উপৰত আৰোপ কৰা উচ্চ শুল্ক প্ৰত্যাহাৰ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
Post