--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ছোৱালীৰ বেশত ৰীল বনোৱা এগৰাকী ছাত্ৰৰ আত্মহত্যা। অংকিত কুমাৰ নামৰ ছাত্ৰজনে পঢ়িছিল দশম শ্ৰেণীত। জানিব পৰা মতে ছাত্ৰগৰাকীয়ে ইনষ্টাগ্ৰাম, ফেচবুক, ইউটিউব আদি ছ’চিয়েল মিডিয়া প্লেটফৰ্মত ছোৱালীৰ ৰূপ ধাৰণ কৰি ৰীল বনাইছিল। আত্মহত্যাৰ পূৰ্বেও ৰীল বনাই ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছিল অংকিত কুমাৰে। 

বিহাৰৰ বেগুছৰাইত ঘটিছে আত্মহত্যাৰ এই চাঞ্চল্যকৰ ঘটনা। অংকিতৰ চৰম সিদ্ধান্তত পৰিয়ালৰ লোকৰ অৱস্থা বেয়া হৈ পৰিছে।

অংকিতৰ আত্মহত্যাৰ পাছত এই বিষয়টোৱে সমগ্ৰ অঞ্চলটোত শিৰোনাম দখল কৰিছে। ছোৱালীৰ ৰূপত ৰীল বনোৱা অংকিত কুমাৰৰ ছ’চিয়েল মিডিয়াত বহু ফ’ল’ৱাৰ আছিল। অংকিতক ইনষ্টাগ্ৰামত ৪ হাজাৰ লোকে আৰু ইউটিউবত ১০ হাজাৰৰো অধিক লোকে ফ’ল’ কৰিছিল। ফেচবুকতো অংকিতৰ সহস্ৰাধিক ফ’ল’ৱাৰ আছে। ৰিলৰ বাবেই অংকিত সমগ্ৰ অঞ্চলটোতে বিখ্যাত হৈ পৰিছিল।

এই গোটেই ঘটনাটো নয়া গাঁও থানা এলেকাৰ দৰিয়াপুৰ গাঁৱৰ। শনিবাৰে গভীৰ সন্ধিয়াও তেওঁ ৰীল বনাই নিজৰ ঘৰলৈ উভতি আহিছিল। ৰীল বনোৱাত ব্যস্ত থকা অংকিতক মাতৃয়ে সেইদিনা গালি-শপনি পাৰিলে। এই কথাত ক্ষুব্ধ হৈ অংকিতে নিজৰ ঘৰত চিপ লৈ আত্মহত্যা কৰে।

অংকিতে মৃত্যুৰ ২ ঘণ্টাৰ পূৰ্বে নিজৰ শেষৰটো ৰীল আপলোড কৰিছিল। স্থানীয় বাসিন্দাৰ মতে, অংকিত গাঁৱৰ এজন আশাব্যঞ্জক ল’ৰা আছিল। পঢ়া-শুনাতো তেওঁ খুব চোকা আছিল। ছ’চিয়েল মিডিয়াতো তেওঁ অতি বিখ্যাত আছিল। আৰক্ষীয়ে অংকিতৰ মৃতদেহ নিজৰ জিম্মাত লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। এই সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ