--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ছোৱালীৰ বেশত ৰীল বনোৱা এগৰাকী ছাত্ৰৰ আত্মহত্যা। অংকিত কুমাৰ নামৰ ছাত্ৰজনে পঢ়িছিল দশম শ্ৰেণীত। জানিব পৰা মতে ছাত্ৰগৰাকীয়ে ইনষ্টাগ্ৰাম, ফেচবুক, ইউটিউব আদি ছ’চিয়েল মিডিয়া প্লেটফৰ্মত ছোৱালীৰ ৰূপ ধাৰণ কৰি ৰীল বনাইছিল। আত্মহত্যাৰ পূৰ্বেও ৰীল বনাই ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছিল অংকিত কুমাৰে। 

বিহাৰৰ বেগুছৰাইত ঘটিছে আত্মহত্যাৰ এই চাঞ্চল্যকৰ ঘটনা। অংকিতৰ চৰম সিদ্ধান্তত পৰিয়ালৰ লোকৰ অৱস্থা বেয়া হৈ পৰিছে।

অংকিতৰ আত্মহত্যাৰ পাছত এই বিষয়টোৱে সমগ্ৰ অঞ্চলটোত শিৰোনাম দখল কৰিছে। ছোৱালীৰ ৰূপত ৰীল বনোৱা অংকিত কুমাৰৰ ছ’চিয়েল মিডিয়াত বহু ফ’ল’ৱাৰ আছিল। অংকিতক ইনষ্টাগ্ৰামত ৪ হাজাৰ লোকে আৰু ইউটিউবত ১০ হাজাৰৰো অধিক লোকে ফ’ল’ কৰিছিল। ফেচবুকতো অংকিতৰ সহস্ৰাধিক ফ’ল’ৱাৰ আছে। ৰিলৰ বাবেই অংকিত সমগ্ৰ অঞ্চলটোতে বিখ্যাত হৈ পৰিছিল।

এই গোটেই ঘটনাটো নয়া গাঁও থানা এলেকাৰ দৰিয়াপুৰ গাঁৱৰ। শনিবাৰে গভীৰ সন্ধিয়াও তেওঁ ৰীল বনাই নিজৰ ঘৰলৈ উভতি আহিছিল। ৰীল বনোৱাত ব্যস্ত থকা অংকিতক মাতৃয়ে সেইদিনা গালি-শপনি পাৰিলে। এই কথাত ক্ষুব্ধ হৈ অংকিতে নিজৰ ঘৰত চিপ লৈ আত্মহত্যা কৰে।

অংকিতে মৃত্যুৰ ২ ঘণ্টাৰ পূৰ্বে নিজৰ শেষৰটো ৰীল আপলোড কৰিছিল। স্থানীয় বাসিন্দাৰ মতে, অংকিত গাঁৱৰ এজন আশাব্যঞ্জক ল’ৰা আছিল। পঢ়া-শুনাতো তেওঁ খুব চোকা আছিল। ছ’চিয়েল মিডিয়াতো তেওঁ অতি বিখ্যাত আছিল। আৰক্ষীয়ে অংকিতৰ মৃতদেহ নিজৰ জিম্মাত লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। এই সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
নগ'লেও হ'ব শ্ব'ৰুম, এতিয়াৰ পৰা আমাজনৰ পৰা ক্ৰয় কৰিব পাৰিব ৰয়েল এনফিল্ডৰ বাইক!
লক্ষাধিক চাহ জনগোষ্ঠীয় ৰাইজে কঁপালে ডিব্ৰুগড়ৰ ৰাজপথ
গোলকগঞ্জত ট্ৰাকসহ ১৬ টা গোনা ম'হ জব্দ; চালক আৰু হেণ্ডিমেনক আটক
আই চি চি মহিলা বিশ্ব কাপত ক্রমশঃ দ্বিতীয়টো পৰাজয়ৰ সন্মুখীন ভাৰতৰ
শুই থকা স্বামীৰ দেহত গৰম তেল ঢালিলে পত্নীয়ে, তাৰপাছত ঢালিলে জলকীয়া গুড়ি! পত্নীৰ বৰ্বৰতাই স্তম্ভিত কৰিছে সকলোকে
বেংগালুৰু-গুৱাহাটী এক্সপ্ৰেছৰ পৰা বনৰৌৰ ছাল আৰু অংগ-প্ৰত্যংগ উদ্ধাৰ! আন্তৰ্জাতিক বজাৰ মূল্য কেইবা কোটি টকাৰ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?